ETV Bharat / state

অসম বাজেট ২০২৪-২৫ : শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত নতুন কি আছে বাজেটত

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 5:08 PM IST

শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত নতুন কি আছে বাজেটত
শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত নতুন কি আছে বাজেটত

Assam Budget 2024 : অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেট সোমবাৰে বিধানসভাত দাখিল কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে । এই বাজেটত শিক্ষা খণ্ডৰ বিকাশৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে । বিত্ত মন্ত্ৰীৰ বাজেটত শিক্ষা খণ্ডৰ বিকাশৰ বাবে কি কি নতুন পদক্ষেপ আছে থোৰতে এবাৰ চাওঁ আহক ।

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : অসম বিধানসভাৰ চলিত বাজেট অধিবেশনত সোমবাৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে অসম চৰকাৰৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে । বাজেটত শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ঘোষণা কৰা হৈছে । লগতে শিক্ষাৰ উন্নয়ন সম্পৰ্কীয় বিভিন্ন আঁচনিও ঘোষণা কৰা হৈছে ।

অসমৰ শিক্ষা খণ্ডৰ বাবে নতুন কি আছে এইবাৰৰ বাজেটত

  • ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটত বিদ্যালয় শিক্ষা‌ বিভাগলৈ ১৬,৬৪৮.২৯ কোটি টকা আৰু উচ্চ শিক্ষা বিভাগলৈ ৩,২৮০.০৯ কোটি টকা আৱণ্টন জনোৱা হৈছে ।
  • ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৫০ শতাংশ পাঠ্যক্রম মাচুল জলপানি হিচাপে আগবঢ়াব ।
  • আগন্তুক তিনি বছৰৰ সময়ছোৱাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক অত্যাধুনিক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ বাবে ১০০ কোটি টকা পুঁজিৰ অনুদান আগবঢ়োৱা হ'ব ।
  • আনহাতে, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়লৈ ২০ কোটি টকা পুঁজি অনুদান হিচাপে আবঢ়োৱা হ'ব ।
  • মুখ্যমন্ত্রী নিযুত মইনা আঁচনিৰ অধীনত ১০ লাখ ছাত্ৰীক (এক নিযুত-নিযুত মইনা) নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হ'ব, যাতে তেওঁলোকে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতোকোত্তৰ পৰ্যায়লৈকে অধ্যয়ন অব্যাহত ৰাখিব পাৰে ।
  • যিকোনো চৰকাৰী মহাবিদ্যালয়/শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীসকলে এই সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ’ব । কিন্তু বিবাহপাশত আবদ্ধ হোৱা ছাত্ৰী এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ'ব ।
  • একাদশ শ্রেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ ১০,০০০ টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে প্ৰদান কৰা হ'ব । একেদৰে স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকললৈ গাইপতি ১২,৫০০ টকাকৈ প্ৰদান কৰা হ'ব ৷
  • স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে ১৫,০০০ টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে লাভ কৰিব । এই আঁচনিৰ বাবে চৰকাৰে বাজেটত ২৪০ কোটি টকা ধার্য কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ।
  • বাজেটত এইবছৰ ১,২৫০ কোটি টকা ব্যয়েৰে নতুনকৈ ৫,০০০ টা আদর্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে ।
  • অসমৰ বৰ্তমানৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে চৰকাৰে ২,৩৬৯.৮৬ কোটি টকা ব্যয়েৰে ৰাজ্যৰ ৩২২ খন বিদ্যালয় উন্নয়ন কৰিব ।
  • ৰাজ্যৰ চাহ বাগিচাসমূহত ১০০ খন নতুন আদর্শ বিদ্যালয় স্থাপন কৰা‌ হ'ব ।

লগতে পঢ়ক :হিতাধিকাৰী আঁচনিৰে কোনো চৰকাৰে কোনো ভাল বাজেট দিব নোৱাৰে: বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.