ETV Bharat / state

হিতাধিকাৰী আঁচনিৰে কোনো চৰকাৰে কোনো ভাল বাজেট দিব নোৱাৰে: বিৰোধী

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 3:53 PM IST

Assam budget 2024-25: অসম বিধানসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ এই বাজেট সন্দৰ্ভত বিৰোধীয়ে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চাওঁ আহক...

Assam Assembly budget session
assam budget 2024

বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: আজি অসম বিধান সভাত দাখিল হৈছে ২০২৪-২৫ বৰ্ষৰ অসম চৰকাৰৰ বাজেট । বিত্তমন্ত্ৰী অজন্তা নেওগে এই বিত্তীয় বাজেট দাখিল কৰিছে । বাজেট দাখিলৰ প্ৰাকক্ষণত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই । লগতে আন বিৰোধী সকলেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

“বাজেটত বহু কিবা কিবি কয়, কিন্তু কেন্দ্ৰৰ পৰা সহায় আনিব নোৱাৰে । যদি জনমূৰি আয় বাঢ়িছে তেন্তে ৫০ লাখ নতুন ৰেচন কাৰ্ড কিয় ? চৰকাৰৰ গোটেই কথাবোৰ স্ব-বিৰোধী ।” এই মন্তব্য বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ ৷

আনহাতে, বাজেট প্ৰসংগত এ আই ইউ ডি এফৰ মানকাচৰৰ বিধায়ক আমিনুল ইছলামে কয়, “হিতাধিকাৰী আঁচনিৰে কোনো চৰকাৰে কোনো ভাল বাজেট দিব নোৱাৰে । ধাৰ লৈ খৰচ কৰাৰ প্ৰৱণতাৰে প্ৰস্তুত কৰা এখন বাজেট ভাল হ’ব পাৰে জানো ?”

তাৰোপৰি আন কেতবোৰ বিষয়তো মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সোমবাৰে পুনৰ যোৰহাট থানাত হাজিৰ হোৱা সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয়, “চৰকাৰে হাৰাশাস্তি কৰিব পাৰে, কিন্তু আমাৰ মনোবল ভাঙিব নোৱাৰে ৷’’

ইফালে শংকৰ সংঘৰ অধিবেশনলৈ বদৰুদ্দিন আজমলক নিমন্ত্ৰণৰ সন্দৰ্ভত দেওবাৰে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰোধিতা কৰি শইকীয়াই কয়, “আজমলক শংকৰ সংঘই নিমন্ত্ৰণ দিয়াৰ বিৰোধিতা কৰিব নালাগিছিল । শংকৰদেৱে সকলোকে একেলগ কৰিছিল, মুখ্যমন্ত্ৰীয়ে ভাগ ভাগ কৰিছে ৷ ‘কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম, জানিও সবাক কৰিবা প্ৰণাম'- শংকৰ গুৰুজনাৰ এই আদৰ্শৰ বিৰোধ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ কালি আমিও গৈছিলোঁ, কিন্তু আমি আজমলৰ বিৰোধিতা কৰা নাই ৷”

একেটা বিষয়তে মন্তব্য কৰি আমিনুল ইছলামে কয় যে এনে বক্তব্যই মুখ্যমন্ত্ৰীক লঘূ কৰিছে ৷

লগতে পঢ়ক: নগাঁৱত গৌৰৱ ! ধুবুৰীত ৰকিবুল ! খালেক-প্ৰদ্যুতৰ কি হ’ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.