ETV Bharat / state

শ্ৰম মন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ প্ৰাপ্য বঞ্চিত চাহ শ্ৰমিক; ভোট বৰ্জনৰ হুংকাৰ

Tea Garden workers protest in Golaghat:গোলাঘাটৰ জামগুৰি চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ পলায়নৰ অভিযোগ বাগিচাৰ মালিক ৰাজেশ বাজাজৰ বিৰুদ্ধে ৷ ইয়াৰ পাছতেই মালিক ৰাজেশ বাজাজৰ বিৰুদ্ধে সোচ্চাৰ প্ৰতিবাদী শ্ৰমিক ৷ ভোট বৰ্জনৰ হুংকাৰ ।

Deprived tea workers protest in Jamguri Tea Estate against labour minister Sanjoy Kishan
শ্ৰম মন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ প্ৰাপ্য বঞ্চিত চাহ শ্ৰমিক; ভোট বৰ্জনৰ হুংকাৰ
author img

By ETV Bharat Assamese Team

Published : March 20, 2024 at 2:35 PM IST

2 Min Read
Choose ETV Bharat
শ্ৰম মন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ প্ৰাপ্য বঞ্চিত চাহ শ্ৰমিক; ভোট বৰ্জনৰ হুংকাৰ

গোলাঘাট,20 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে অধিসূচনা জাৰি কৰাৰ দিনাই ৰাজ্যত প্ৰতিবাদ চাহ শ্ৰমিকৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী, শ্ৰমমন্ত্ৰী, বিত্তমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰাপ্য বঞ্চিত প্ৰতিবাদী চাহ শ্ৰমিকে ৷ গোলাঘাটৰ জামুগুৰি চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে সঞ্জয় কিষাণ আৰু সংশ্লিষ্ট চাহ বাগিচাখনৰ মালিক ৰাজেশ বাজাজৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মঙলবাৰে ।

অসম কো-অপাৰেটিভ এপেক্স বেংক কেলেংকাৰীত নাম সাঙোৰ খোৱা বিৰ্তকিত ব্যৱসায়ী ৰাজেশ বাজাজে জামুগুৰিৰ চাহ বাগিচাৰ শ্ৰমিকসকলক তিনিমাহ ধৰি প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি ৰাখিছে বুলি প্ৰতিবাদী চাহ শ্ৰমিকসকলে জনায় ৷ ইয়াৰোপৰি, 2022 চনৰ পৰা বোনাচকে ধৰি অন্যান্য সা-সুবিধাৰ পৰা জামুগুৰি চাহ বাগিচাৰ শ্ৰমিকসকলক বঞ্চিত কৰি ৰাখিছে বুলিও প্ৰতিবাদী চাহ শ্ৰমিকসকলে জনায় । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া আৰ্থিকভাবে জুৰুলা হৈ পৰিছে চাহ শ্ৰমিকসকলৰ অৱস্থা । ভোকে পেটে দিন কটাবলগীয়া হৈছে ভুক্তভোগী শ্ৰমিক পৰিয়ালৰ সদস্যসকল ৷

শ্ৰমিকসকলে জানিবলৈ দিয়া মতে, গোলাঘাট জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণকো এই সমস্যাৰ সমাধান বিচাৰি শ্ৰমিকসকলে স্মাৰক পত্ৰ প্ৰদান কৰিছে, যদিও আজি পৰ্যন্ত জিলা প্ৰশাসন বা চৰকাৰে এইক্ষেত্ৰত কোনো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰা নাই । শীঘ্ৰে জামুগুৰিৰ চাহ শ্ৰমিকৰ ন‍্যায‍্য, প্ৰাপ্য আদায় নিদিলে নিৰ্বাচন বৰ্জনৰ ভাবুকি প্ৰদান কৰে শ শ প্ৰাপ্য বঞ্চিত চাহ শ্ৰমিকে ।

চৰকাৰ তথা জিলা প্ৰশাসনে প্ৰাপ্য বঞ্চিত প্ৰতিবাদী চাহ শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্তিৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ।

লগতে পঢ়ক: চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত চৰাইদেউৰ মথুৰাপুৰত উত্তাল প্ৰতিবাদ