ETV Bharat / state

আজি বৰপেটা আৰু কোকৰাঝাৰলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 1:03 PM IST

Updated : Mar 14, 2024, 2:57 PM IST

defence minister Rajnath Singh arrives in assam
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অসমলৈ

Rajnath Singh Assam visit: বৰপেটা আৰু কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচী হাতত লৈ অসমলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷

বিজেপি কৰ্মীৰ ভাষ্য

বৰপেটা, ১৪ মাৰ্চ : আজি অসমলৈ আহিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী নতুন দিল্লীৰ পৰা দুপৰীয়া ১২ বজাত গুৱাহাটীৰ লোক প্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হোৱাৰ কথা ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ১২:১০ বজাত গুৱাহাটীৰ লোক প্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা পোনে পোনে কোকৰাঝাৰলৈ ৰাওনা হ’ব আৰু দুপৰীয়া ১ বজাত কোকৰাঝাৰৰ এখন সভাত অংশগ্ৰহণ কৰিব ৷

কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আজি অনুষ্ঠিত হ’ব বিজেপি, ইউপিপিএল আৰু এজিপিৰ বিশাল কৰ্মী সভা ৷ কৰ্মী সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ দুপৰীয়া ১২:৪৫ বজাত ৰাজনাথ সিং কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত উপস্থিত হ’ব ৷ গ্ৰীণ ফিল্ডতে নিৰ্মাণ কৰা হেলিপেডত অৱতৰণ কৰাৰ পিচতে ৰাজনাথ সিঙে পোনে পোনে কৰ্মীসভাত অংশ ল’ব ৷

কৰ্মী সভাত বিজেপি, ইউপিপিএল আৰু এজিপিৰ ১০ সহস্ৰাধিক কৰ্মীয়ে অংশ ল’ব বুলি জানিব পৰা গৈছে ৷ কৰ্মী সভাত বিজেপিৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীসহ বিজেপি, ইউপিপিএল আৰু এজিপিৰ কেইবাগৰাকী নেতৃবৰ্গই অংশ ল’ব ৷

কোকৰাঝাৰৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে হেলিকপ্টাৰেৰে 2:35 বজাত বৰপেটাত উপস্থিত হ’ব ৷ মন্ত্ৰী গৰাকীয়ে বৰপেটাৰ ছায়াৰাম ছোৱালী হাইস্কুলৰ খেল পথাৰৰ অস্থায়ী হেলিপেডৰ পৰা পোনে পোনে বৰপেটা সত্ৰ দৰ্শনলৈ যাব ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৰপেটা সত্ৰ দৰ্শন কৰি ৩:১০ বজাত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলৰ যৌথ উদ্যোগত ৩ নং বৰপেটা লোকসভা সমষ্টি ভিত্তিক বৰপেটা পৌৰসভাৰ খেল পথাৰত অনুষ্ঠিত এখন জনসভাত অংশ ল’ব ৷

বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ জনসভাত প্ৰায় ৭০ হাজাৰ লোকৰ সমাগম ঘটিব বুলি বৰপেটা জিলা বিজেপিৰ পৰা সদৰী কৰে ৷ ইতিমধ্যে বৰপেটা পৌৰসভাৰ খেলপথাৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ জনসভাৰ বাবে এক বিশাল মণ্ডপ প্ৰস্তুত কৰি উলিওৱা হৈছে ৷

লগতে পঢ়ক : অগপ-ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অসমলৈ আজি আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Last Updated :Mar 14, 2024, 2:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.