ETV Bharat / state

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত ভোট বৰ্জনৰ হুংকাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 7:38 AM IST

Updated : Apr 25, 2024, 9:46 AM IST

Decision to boycott votes for shifting of previous polling center in Silchar
ভোট বৰ্জনৰ হুংকাৰ শিলচৰৰ এটা অঞ্চলৰ ৰাইজৰ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ এই প্ৰাকমুহূৰ্তত ভোট বৰ্জনৰ হুংকাৰ শিলচৰ লোকসভা সমষ্টিৰ সোনাই স্বাধীনতা বজাৰ গাঁও পঞ্চায়তৰ ৩নং ৱাৰ্ডৰ প্ৰায় ৮ শতাধিক ভোটাৰ ৰাইজৰ । পূৰ্বৰ ভোটগ্ৰহণ কেন্দ্ৰ কৰ্তন কৰি ৫ কিঃমিঃ আঁতৰৰ বিদ্যালয়ত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ বাবেই এই সিদ্ধান্ত অঞ্চলটোৰ ৰাইজৰ ।

ভোট বৰ্জনৰ হুংকাৰ শিলচৰৰ এটা অঞ্চলৰ ৰাইজৰ

শিলচৰ,২৫ এপ্ৰিল: শুকুৰবাৰে অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত ভোট বৰ্জনৰ হুংকাৰ দিছে এটা অঞ্চলৰ ৰাইজে । শিলচৰ লোকসভা সমষ্টিৰ সোনাই স্বাধীনতা বজাৰ গাঁও পঞ্চায়তৰ ৩নং ৱাৰ্ডৰ প্ৰায় ৮ শতাধিক ভোটাৰ ৰাইজে ভোট বৰ্জনৰ হুংকাৰ দিয়ে । ভোটগ্ৰহণ কেন্দ্ৰ অন্য স্থানলৈ স্থানান্তৰ কৰাৰ বাবেই ভোট বৰ্জনৰ সিন্ধান্ত গ্ৰহণ কৰে অঞ্চলটোৰ ভোটাৰ ৰাইজে ।

ৰাইজৰ অভিযোগ, বছৰ বছৰ ধৰি স্বাধীনতা বজাৰ গাঁও পঞ্চায়তৰ তিনি নং ৱাৰ্ডৰ ভোটাৰসকলে কাষতে থকা স্বাধীন বজাৰ হাইস্কুলত ভোটদান কৰি আহিছে । কিন্তু এইবাৰ ৰহস্যজনকভাৱে তেওঁলোকৰ এই ভোটগ্ৰহণ কেন্দ্ৰটো স্থানান্তৰ কৰি প্ৰায় ৫ কিলোমিটাৰ আঁতৰৰ আন এখন বিদ্যালয়ত স্থাপন কৰা হৈছে । যাৰ বাবে অঞ্চলটোৰ ভোটাৰ ৰাইজৰ মাজত এক ক্ষোভৰ সৃষ্টি হৈছে ।

৫ কিলোমিটাৰ আঁতৰত গৈ কেনেকৈ মহিলা, যুৱতী তথা বয়োজ্যেষ্ঠ লোকসকলে ভোটদান কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে । লগতে তেওঁলোকে কয় যে, ভোটগ্ৰহণ কেন্দ্ৰ স্থানান্তৰ কৰি যি ভোটকেন্দ্ৰত এতিয়া তেওঁলোকে ভোটদান কৰিব লাগিব সেই ভোটগ্ৰহণ কেন্দ্ৰটো বহু বিতৰ্কিত বুলি পূৰ্বৰে অভিযোগ উত্থাপন হৈ আহিছে ।

তেনেস্থলত পূৰ্বৰ ভোটগ্ৰহণ কেন্দ্ৰত কোনো অসুবিধা নোহোৱাকৈ হঠাতে ভোটগ্ৰহণ কেন্দ্ৰটো কিয় কাটি লোৱা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে । শীঘ্ৰেই যদি পুৰণি ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰাৰ সুযোগ কৰি দিয়া নহয় তেন্তে শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোট বৰ্জন কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক: অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ : ৫ টা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য - Lok Sabha Elections 2024

Last Updated :Apr 25, 2024, 9:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.