ৰাণা গোস্বামীয়ে দলত্যাগৰ কাৰণ ৰাজহুৱা কৰক: দেৱব্ৰত শইকীয়া
Congress internal conflict : ৰাণা গোস্বামীৰ কংগ্ৰেছৰ পৰা পদত্যাগৰ প্ৰকৃত উত্তৰ বিচাৰিছে দেৱব্ৰত শইকীয়াই ৷ দলে তেওঁক কাম কৰা সকলো সুযোগ সুবিধা দিছে । তাৰ পিচতো তেওঁ কংগ্ৰেছ দল কিয় ত্যাগ কৰিলে বুলি প্ৰশ্ন উত্থাপন শইকীয়াৰ ?

Published : February 28, 2024 at 5:56 PM IST
|Updated : February 28, 2024 at 10:38 PM IST
গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী: প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আৰু প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি লৈ গেৰুৱা বসন পৰিধান কৰাৰ দিশে গমন কৰা ৰাণা গোস্বামীক কংগ্ৰেছ ত্যাগৰ কাৰণ ৰাজহুৱা কৰাৰ আহ্বান জনাইছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আৰু প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতিক লৈ ভাৰতীয় কংগ্ৰেছ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে গোস্বামীয়ে । ইতিমধ্যে তেওঁ নতুন দিল্লীত বিজেপি নেতৃত্বৰ সৈতে আলোচনা মিলিত হৈছে বুলিও জানিব পৰা গৈছে । শীঘ্ৰে তেওঁ বিজেপিত যোগদান কৰিব বুলি বিজেপিৰ এক দলীয় সূত্ৰই প্ৰকাশ কৰিছে ।
ইয়াৰ পিচতে বুধবাৰে দেৱব্ৰত শইকীয়াই সাংবাদিকৰ আগত কয় যে, ৰাণা গোস্বামীক কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ পৰা নেতা । তেওঁ ব্লক কংগ্ৰেছৰ পৰা আৰম্ভ কৰি জিলা কংগ্ৰেছ তথা ৰাষ্ট্ৰীয় পৰ্যায়লৈ দলৰ হৈ কাম কৰিছে । দুবাৰ বিধায়ক হৈছে । তৰুণ গগৈৰ চৰকাৰৰ সময়ত সংসদীয় সচিব পদতো আছিল । দলে তেওঁক কাম কৰাৰ সকলো সুযোগ সুবিধা দিছে । তাৰ পিচতো তেওঁ কংগ্ৰেছ দল কিয় ত্যাগ কৰিলে ?
দেৱব্ৰত শকীয়াই কয় যে, গোস্বামীয়ে কিহৰ বাবে দলত্যাগ কৰিলে সেয়া এতিয়াও স্পষ্ট কৰা নাই ৷ দলৰ কোনো নেতাৰ প্ৰতি ক্ষোভিত হৈ দল ত্যাগ কৰিছে নে দলীয় আন কাৰণত দল ত্যাগ কৰিছে সেয়া গোস্বামীয়ে স্পষ্ট কৰা উচিত। তেতিয়া দলৰ কিবা ভুল হ’লে দলে তাক উন্নত কৰিব । গতিকে ৰাণা গোস্বামীয়ে দলত্যাগৰ কাৰণ ৰাজহুৱা কৰিব লাগে বুলি তেওঁ দাবী কৰে ৷
উল্লেখ্য যে, ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈছে । মাথো কেতিয়া যোগদান কৰিব তাৰ তাৰিখ এতিয়া ঠিক হোৱা নাই বুলি বিজেপিৰ দলীয় সূত্ৰই প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: কংগ্ৰেছৰ প্ৰতি মোহভংগ হ’ল ৰাণা গোস্বামীৰ; কে চি বেণুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ

