ETV Bharat / state

ছ’চিয়েল মিডিয়া মানেই কেৱল ভাইৰেল হোৱাৰ মানসিকতা কিয় ? - maa afiya facebook page

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 9:45 AM IST

BISHNU RABHA SANGEET CONTROVERSY : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃতকৰণ । এটা ফেচবুক পেজৰ বিৰুদ্ধে গৰজি উঠিল নগাঁৱৰ শিল্পী সমাজ । মা আফিয়া পেজৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ সোণাইপৰীয়া শিল্পী মঞ্চৰ ৷

controversy erupts after a facebook page distorts a song of bishnu prasad rabha
মা আফিয়া (ETV BHARAT ASSAM)

ছ’চিয়েল মিডিয়া মানেই কেৱল ভাইৰেল হোৱাৰ মানসিকতা কিয় ? (ETV BHARAT ASSAM)

নগাঁও, 11 মে’ : ভাইৰেল হৈ পৰিলেই হাতলৈ আহিব টকা, কিবা এটা কণ্টেট বনাই দিও আৰু ! সৰহভাগৰে মনত এইটোৱেই চিন্তা আজিকালি ৷ সামাজিক মাধ্যমৰ জৰিয়তেও আহে ধন, এইটো জানিব পাৰিয়ে ছ’চিয়েল মিডিয়াত কি কি নিদিয়ে মানুহে আজিকালি ৷ ভিউজহে লাগে মাথোঁ ৷ ভিউজ, বেবেৰিবাং কণ্টেট এইখিনিতে যেন মানুহৰ চিন্তা কৰাৰ ক্ষমতাশক্তি লোপ পাই যায় তেনে অনুমান হয় ৷

সামাজিক মাধ্যমত ভাইৰেল হ'বলৈ যেন সকলো কৰিব পাৰে একাংশই । কোনোবাই যদি অশ্লীল নৃত্য কৰি ভাইৰেল হ'ব বিচাৰিছে আন একাংশই বিভিন্ন কথা বতৰাৰে সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে । মুঠৰ ওপৰত প্ৰচাৰ লাগে । কিছুমানেতো সীমা চেৰাই গৈ জাতিৰ মান-গৌৰৱ পুৰুধা ব্যক্তিসকলকো টানি আনে নিজৰ প্লেটফৰ্মলৈ ৷

তেওঁলোকৰ সৃষ্টিৰাজি কেনেকৈ কাৰোবাৰ বাবে কণ্টেট হ’ব পাৰে ? আমি সজাগ হোৱাৰ সময় আহি পৰিল ৷ এনেকৈ হ’বলৈ হ’লে বেলেগে জাতিটোৰ ওপৰত হঁহাৰ লগতে কিন্তু জাতিৰ অস্তিত্বও বেয়াকৈ সংকটত পৰিব ৷ ছ’চিয়েল মিডিয়াত হা হা ৰিয়েক্ট দিবলৈ প্ৰকৃতাৰ্থত হাঁহি উঠা বহুত কণ্টেট আছে ৷ কিন্তু তাৰ পৰিৱৰ্তে সস্তীয়া কিছুমান ভিডিঅ’ত লাইক কমেণ্ট দি আমিনো কি উপকাৰ কৰিছো সমাজৰ ? বা সেই মানুহখিনিয়েইনো কি কৰিছে সমাজখন আগবাঢ়ি যোৱাৰ বাবে ?

অ’ এইটোও সঁচা যে কেৱল এটা প্ৰণালীবদ্ধ জীৱন যাপনেই সকলো নহয় ৷ আমাক মনোৰঞ্জনো লাগে ৷ ব্যক্তিগতভাৱে সকলোৰে নিজৰ জীৱন উদযাপন কৰাৰ অধিকাৰ আছে ৷ তাত আমাৰ মাত মতাৰ কোনো অধিকাৰ নাই ৷ কিন্তু সীমা চেৰাই গ’লেতো সঠিক পথ আমিয়েই দেখুৱাৱ লাগিব ৷

শেহতীয়াকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃত কৰিলে এগৰাকীয়ে । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃত কৰি ভাইৰেল হোৱা এগৰাকী মহিলাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাঁৱৰ শিল্পী সমাজ । মা আফিয়া নামৰ এটা ফেচবুক পেজত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত ভাইৰেল কৰি বিতৰ্কৰ সূচনা কৰিছে এগৰাকী মহিলাই ।

RABHA SANGEET CONTROVERSY
ছ’চিয়েল মিডিয়া মানেই কেৱল ভাইৰেল হোৱাৰ মানসিকতা কিয় ? (ETV BHARAT ASSAM)

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীত বিকৃতকৰণক লৈ ক্ষোভত ফাটি পৰিছে নগাঁৱৰ শিল্পী সমাজ । বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃত কৰি প্ৰচাৰ কৰা মা আফিয়া নামৰ ফেচবুক পেজটিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে নগাঁৱৰ শিল্পী সমাজে । নগাঁৱৰ সোণাইপৰীয়া শিল্পী মঞ্চই জাজৰি আৰক্ষী থানাত মা আফিয়া নামৰ ফেইচবুক পেইজৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ।

controversy erupts after a facebook page distorts a song of bishnu prasad rabha
গৰজি উঠিল সোণাইপৰীয়া শিল্পী মঞ্চ (ETV BHARAT ASSAM)

বিষ্ণুপ্ৰসাদ ৰাভাৰ 'বিলতে হালিছে ধুনীয়া পদুমী' শীৰ্ষক যুগজয়ী গীতটিৰ সুৰ আৰু কথা বিকৃত কৰি ফেচবুক পেজত আপলোড কৰিছিল হোজাই জিলাৰ মহিলাগৰাকীয়ে । যাক লৈ এতিয়া জাঙুৰ খাই উঠিছে সাংস্কৃতিক মহল । মহিলাগৰাকীক ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নীও প্ৰদান কৰে সোণাইপৰীয়া শিল্পী সমাজে ৷

ভিডিঅ’টো যদি আপুনি চাই দেখিব যে তবলা আৰু গীটাৰ বজোৱা ল’ৰা দুজনে কিন্তু গাই থাকোতে সুন্দৰকৈ বজাই গৈছে ৷ কালজয়ী গান বিকৃত কৰাৰ চিন্তা মনলৈ অহাতকৈ যদি ল’ৰা দুজনক এই ক্ষেত্ৰত শিক্ষা দিয়াৰ কথা মনলৈ আহিলহেতেন ! সমাজ সুন্দৰ হোৱাৰ বাট আচলতে সেইখিনিতে প্ৰশস্ত হয় ৷

লগতে পঢ়ক : বিহু ফাংশ্যনত গাঁত খান্দি বোকাত নচাক লৈ চিন্তিত অভিনেতা অৰুণ হাজৰিকা - Actor Arun Hazarika Bihu Dance

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.