ETV Bharat / state

বিত্তীয় প্ৰৱঞ্চনাৰ বলি হ’ল বিধায়ক প্ৰদীপ সৰকাৰ, 81 লাখ টকাৰ হৰলুকি

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 2:27 PM IST

Financial fraud in Assam : ৰাজ্যত প্ৰৱঞ্চকৰ টিঘিলঘিলনি ৷ এইবাৰ প্ৰৱঞ্চলকৰ জালতস খোদ জনপ্ৰতিনিধি । কংগ্ৰেছী বিধায়ক প্ৰদীপ সৰকাৰৰ ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী, বঙাইগাঁও আৰু অভয়াপুৰী শাখাৰ পৰা প্ৰৱঞ্চকে লুটিলে 81 লাখ টকা ।

financial fraud in Assam
বিত্তীয় প্ৰৱঞ্চনাৰ বলি হ’ল বিধায়ক প্ৰদীপ সৰকাৰ

বিত্তীয় প্ৰৱঞ্চনাৰ বলি হ’ল বিধায়ক প্ৰদীপ সৰকাৰ

বঙাইগাঁও, ৪ মাৰ্চ : ৰাজ্যজুৰি চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তেই এইবাৰ বহিঃৰাজ্যৰ প্ৰৱঞ্চকৰ জালত পৰিল স্বয়‌ং জনপ্ৰতিনিধি । বিত্তীয় কেলেংকাৰীৰ জালত পৰিল বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক প্ৰদীপ সৰকাৰ । কোনো প্ৰৱঞ্চকে জালিয়াতিৰে বিধায়কজনৰ ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী, বঙাইগাঁও আৰু অভয়াপুৰী শাখাৰ পৰা লুটি নিয়ে ৮১ লাখ টকা ।

এই ঘটনাৰ সন্দৰ্ভত অভয়াপুৰী আৰক্ষী থানাত বিধায়ক প্ৰদীপ সৰকাৰৰ গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে । ৰুজু কৰা গোচৰ নম্বৰ হৈছে Abhayapuri p.s c/no.72/24 U/S- 379/406/419/420/468 IPC.R/w Sec.66(B)/66(C)/(D) IT Act ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

স্থানীয় লোকে কোৱা অনুসৰি, বিধায়কজনে গাড়ী ক্ৰয় কৰিবলৈ গাড়ী বিক্ৰী কৰা প্ৰতিষ্ঠানক 10 লাখ টকাৰ চেক লৈ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ অভয়াপুৰী শাখালৈ অহাৰ সময়ত বিধায়কজনৰ একাউণ্টৰ পৰা ধন হৰলুকি হোৱাৰ তথ্য পোহৰলৈ আহে । প্ৰৱঞ্চকে বিধায়ক প্ৰদীপ সৰকাৰৰ ভোটাৰ আই ডি, পান কাৰ্ড, আধাৰ কাৰ্ডত ফটো সলনি কৰি বেংকৰ শাখাত KYC জমা দি এই জালিয়াতি কৰিছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে, ৰাজ্যজুৰি চাইবাৰ অপৰাধীৰ দপদপনি অব্যাহত আছে ৷ শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত চাইবাৰ অপৰাধীয়ে ধন হৰলুকি কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিচতে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ এতিয়ালৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ পৰা ভালেকেইটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে ৷

লগতে পঢ়ক: লোভত পৰি হেৰুৱালে লাখে-লাখে টকা, শিক্ষকৰ বিৰুদ্ধে যোৰহাটত গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.