ETV Bharat / state

যদি শক্তি আছে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিদ্যুৎ কিয় কৰ্তন কৰিছে: গৌৰৱ গগৈ

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 8:19 PM IST

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বৰ্তমানৰ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ । দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হৈ বিজেপিক ক্ষুৰধাৰ সমালোচনা গগৈৰ ।

Congress candidate Gaurav Gogoi campaigns in Majuli criticising BJP
বিজেপিক সমালোচনা গৌৰৱ গগৈৰ

বিজেপিক সমালোচনা গৌৰৱ গগৈৰ

মাজুলী,১৯ মাৰ্চ: দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে মাজুলীত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ । পুৱা কমলাবাৰী ঘাটত উপস্থিত হোৱাৰ পাচত জিলা কংগ্ৰেছৰ তৰফৰ পৰা আদৰণি জনাই বৰ্তমান কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদগৰাকীক । কমলাবাৰী ঘাটৰ পৰা এক বাইক ৰেলীৰে নেতাগৰাকীক গড়মূৰলৈ আদৰি নিয়া হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ পাচতে গড়মূৰ ৰাজীৱ ভৱনত নেতাগৰাকীক জিলা কংগ্ৰেছৰ ফালৰ পৰা আদৰণি জনায় । ইয়াৰ পাচতে কংগ্ৰেছ নেতাগৰাকী গড়মূৰ বংশীগোপল নাট্য মন্দিৰত দলীয় সভাত অংশগ্ৰহণ কৰে । ইয়াৰ পিচতে নামনি মাজুলীৰ বৰমুকলিত এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰে গগৈয়ে । ইয়াৰ মাজতে সংবাদ মাধ্যমৰ সন্মুখত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।

তেওঁ কয় যে, যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব তেতিয়া এটা এটা বিভাগৰ ফাইল খোলা হ'ব । আৰম্ভণি PWD বিভাগৰ ফাইল খোলা হ'ব । মাজুলী বৰমুকলি গাঁৱৰ নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য গৌৰৱ গগৈৰ । প্ৰচাৰ সভাত বিদ্যুৎ কৰ্তনক লৈ অস্বস্তি প্ৰকাশ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ । সাংসদ গগৈয়ে কয় যে যদি BJP ৰ শক্তি আছে তেতিয়াহ'লে বিদ্যুৎ কৰ্তন কিয় কৰিব লাগে ।

এইবাৰ নিৰ্বাচনত যোৰহাট সমষ্টিৰ ৰাইজে এজন উপযুক্ত প্ৰাৰ্থীক জয়যুক্ত কৰিব বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে । ইফালে সাংবাদিকৰ আগত নেতাগৰাকীয়ে কয় বিজেপি দলৰ মাজত গৌৰৱ গগৈ নামৰ এটা বেমাৰ সোমাইছে যাৰ বাবে য'তে ত'তে সকলোৱে গৌৰৱ গগৈৰ নাম লৈ ঘুৰি ফুৰিছে । গতিকে এই বেমাৰৰ বাবে সকলোকে চিকিৎসা কৰাৰ পৰামর্শ গৌৰৱ গগৈৰ । যিসকলে প্ৰাক্তন সাংসদ দীপ গগৈৰ নাম লৈছে তেওঁলোকে প্ৰাক্তন সাংসদগৰাকীৰ ওচৰত গৈ ক্ষমা খোজক ।

লগতে পঢ়ক: ৰাজনীতি ৰাইজক সেৱা কৰাৰ মাধ্যম, ৰাইজৰ ওপৰত অত্যাচাৰ কৰাৰ নহয়: গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.