ETV Bharat / state

গৰু চুৰিৰ অভিযোগত যুৱকক অকথ্য নিৰ্যাতন, যোৰহাটৰ আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ বিৰুদ্ধে অভিযোগ পঞ্জীয়ন - Third Degree Torture

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 8:48 PM IST

THIRD DEGREE TORTURE
গৰু চুৰিৰ অভিযোগত যুৱকক অকথ্য নিৰ্যাতন, যোৰহাটৰ আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ বিৰুদ্ধে অভিযোগ পঞ্জীয়ন(সাংবাদিক)

THIRD DEGREE TORTURE : যোৰহাটত গৰু চুৰিৰ অপৰাধত আৰক্ষীয়ে অকথ্য নিৰ্যাতন চলোৱা গৌতম লিখকে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগত অভিযোগ দাখিল কৰিছে ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত অহা ১৩ মে’ৰ ভিতৰত বিতং তথ্য দাখিল কৰিবলৈ নিৰ্দেশনা যোৰহাট আৰক্ষীক ৷

যোৰহাট, 2 মে’ : বৃহস্পতিবাৰে যোৰহাটৰ আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ বিৰুদ্ধে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগত অভিযোগ পঞ্জীয়ন কৰা হৈছে । ম'হ চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত ISBT আৰক্ষী চকীৰ আৰক্ষীয়ে 2 এপ্ৰিলৰ নিশা এলেংমৰা অঞ্চলৰ গৌতম লিখক নামৰ এজন যুৱকক ধৰি আনি আৰক্ষী চকীত নিৰ্মমভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উঠিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱক গৌতম লিখকে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগত অভিযোগ দাখিল কৰিছিল ৷ আয়োগে যুৱকজনৰ অভিযোগ সন্দৰ্ভত বিভিন্ন দিশ পৰীক্ষা কৰি শেহতীয়াকৈ SPAC/C/56/SP (JHT) 2024 নম্বৰত অভিযোগ তথা গোচৰ পঞ্জীয়ন কৰি আৰক্ষী উপ পৰিদৰ্শক সুকন্যা বাইলুং, কনিষ্টবল বিপুল পাঠকসহ আন কেইবাগৰাকী আৰক্ষী কনিষ্টবললৈ জাননী জাৰি কৰিছে । লগতে আয়োগে যোৰহাটৰ আৰক্ষী অধীক্ষকক উক্ত ঘটনা সন্দৰ্ভত বিতং প্ৰতিবেদন অহা ১৩ মে’ৰ ভিতৰত ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।

দৰাচলতে ঘটনা অনুসৰি, 2 এপ্ৰিলৰ নিশা পশু চুৰিৰ অভিযোগত গৌতম লিখক নামৰ এজন যুৱকক কৰ্মস্থলীৰ পৰাই আটক কৰি আনে যোৰহাট ISBT আৰক্ষীয়ে । তাৰ পিচতেই তেওঁক গৰু-ম'হ চুৰি সংক্ৰান্তীয় বিভিন্ন প্ৰশ্ন কৰে সুকন্যা বাইলুং নামৰ এগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শক আৰু আন কেইবাগৰাকীও আৰক্ষীয়ে । কিন্তু যুৱকজনে কোনো ধৰণৰ তথ্য দিবলৈ সক্ষম নোহোৱাত তেওঁক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে আৰক্ষীৰ দলটোৱে ।

ভুক্তভোগী যুৱকজনে জানিবলৈ দিয়া মতে, তেওঁ এটা বিত্তীয় প্ৰতিষ্ঠানত কৰ্মৰত আৰু সেইদিনা অফিচৰ কাম সামৰি তেওঁ কিছু পলমকৈ ঘৰলৈ গৈছিল । পিচদিনা আৰক্ষীয়ে তেওঁক অফিচৰ পৰাই উঠাই আনি জবৰদস্তি কৰি গৰু চুৰিৰে জড়িত বুলি প্ৰমাণ কৰিব বিচাৰে । যুৱকজনে মানি ল'বলৈ অস্বীকাৰ কৰাত তেওঁক উপৰ্যুপৰি প্ৰহাৰ কৰে আৰক্ষীয়ে । যুৱকজনৰ সমগ্ৰ দেহতে দেখা গৈছিল আৰক্ষীৰ প্ৰহাৰৰ ক'লা দাগ ৷

আৰক্ষীয়ে যুৱকজনক অশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰাৰ লগতে তেওঁৰ একমাত্ৰ সন্তান আৰু পত্নীক উদ্দেশ্যিও অশালীন মন্তব্য প্ৰয়োগ কৰা বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে । আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে আনকি যুৱকজনৰ মৃত্যু হ'লেও কোনো দায়িত্ব ল'বলৈ নাই বুলি ভাবুকি প্ৰদান কৰাৰ কথা প্ৰকাশ কৰিছে ভুক্তভোগী যুৱকজনে ।

উল্লেখ্য যে, আৰক্ষীয়ে আটক কৰা গৌতম লিখক নামৰ যুৱকজন প্ৰকৃততে ম'হ চুৰি চক্ৰ ঘটনাৰ সৈতে জড়িত হয়নে নহয় সেই সন্দৰ্ভত আৰক্ষীয়ে স্পষ্ট উত্তৰ আগবঢ়াব পৰা নাই ? আই এছ বি টি আৰক্ষীয়ে যুৱকজন চুৰি চক্ৰৰ লগত জড়িত থকা কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি অৱেশত আঘাতপ্ৰাপ্ত অৱস্থাত মুকলি কৰি দিছিল ৷ এই ঘটনা সংবাদ মাধ্যমত প্ৰচাৰ হোৱা পিচতেই সমগ্ৰ ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি হৈছিল ৷

লগতে পঢ়ক: গাৰ তেজ মৰি যোৱাকৈ যুৱকক অকথ্য নিৰ্যাতন থানাত; ডিজিপি-মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী - Third degree torture

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.