ETV Bharat / state

গাৰ তেজ মৰি যোৱাকৈ যুৱকক অকথ্য নিৰ্যাতন থানাত; ডিজিপি-মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী - Third degree torture

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 2:02 PM IST

Updated : Apr 4, 2024, 9:32 PM IST

Jorhat police
brutal torture on civilian

Brutal torture on civilian: এগৰাকী নিৰীহক অপৰাধী সজাই অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ যোৰহাট আৰক্ষী বিৰুদ্ধে । ন্যায় বিচাৰি ভুক্তভোগী শৰণাপন্ন হৈছে আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীৰ ওচৰত ।

গাৰ তেজ মৰি যোৱাকৈ যুৱকক অকথ্য নিৰ্যাতন থানাত

যোৰহাট, ৪ এপ্ৰিল: অসম পুলিচ, জনহতি জনসেৱাৰ্থে ! কিন্তু যোৰহাটৰ এক ঘটনাই আৰক্ষীৰ ওপৰত থকা ৰাইজৰ আস্থা আৰু বিশ্বাসক যেন নোহোৱা কৰি পেলাইছে । এজন যুৱকক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ । জনতাৰ সেৱাৰ বাবে থকা অসম আৰক্ষীৰ ভূমিকাৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা কৰিছে এই ঘটনাই ।

ঘটনাটো মঙলবাৰৰ । পশু চুৰিৰ অভিযোগত এজন যুৱকক কৰ্মস্থলীৰ পৰাই আটক কৰি আনে যোৰহাট ISBT আৰক্ষীয়ে । তাৰ পিচতেই তেওঁক গৰু-ম'হ চুৰি সংক্ৰান্তীয় বিভিন্ন প্ৰশ্ন কৰে জনৈক বাইলুং নামৰ এগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শক আৰু আন কেইবাগৰাকীও আৰক্ষীয়ে । কিন্তু যুৱকজনে কোনো ধৰণৰ তথ্য দিবলৈ সক্ষম নোহোৱাত তেওঁক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে আৰক্ষীৰ দলটোৱে ।

ভুক্তভোগী যুৱকজনে জানিবলৈ দিয়া মতে, তেওঁ এটা বিত্তীয় প্ৰতিষ্ঠানত কৰ্মৰত আৰু সেইদিনা অফিচৰ কাম সামৰি তেওঁ কিছু পলমকৈ ঘৰলৈ গৈছিল । পিচদিনা আৰক্ষীয়ে তেওঁক অফিচৰ পৰাই উঠাই আনি জবৰদস্তি কৰি গৰু চুৰিৰে জড়িত বুলি প্ৰমাণ কৰিব বিচাৰে । যুৱকজনে মানি ল'বলৈ অস্বীকাৰ কৰাত তেওঁক উপৰ্যুপৰি প্ৰহাৰ কৰে আৰক্ষীয়ে । যুৱকজনৰ সমগ্ৰ দেহতে দেখা গৈ আৰক্ষীৰ প্ৰহাৰৰ ক'লা দাগ ।

আৰক্ষীয়ে যুৱকজনক অশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰাৰ লগতে তেওঁৰ একমাত্ৰ সন্তান আৰু পত্নীক উদ্দেশ্যিও অশালীন মন্তব্য প্ৰয়োগ কৰা বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে । আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে আনকি যুৱকজনৰ মৃত্যু হ'লেও কোনো দায়িত্ব ল'বলৈ নাই বুলি ভাবুকি প্ৰদান কৰাৰ কথা প্ৰকাশ কৰিছে ভুক্তভোগী যুৱকজনে । তেওঁৰ নাম গৌতম লিখক আৰু তেওঁৰ ঘৰ যোৰহাটৰ এলেংমৰাত ।

ভুক্তভোগী যুৱকজনৰ পত্নীয়ে জনোৱা মতে আৰক্ষীয়ে অভিযোগ উত্থাপন কৰিব পৰা কোনো কামতে গৌতম জড়িত নহয় । ভুক্তভোগীৰ পত্নীয়ে জনোৱা মতে, যোৰহাটত সংঘটিত চুৰি-ডকাইতিৰ গোচৰত কাকো গ্ৰেপ্তাৰ কৰিব নোৱৰা যোৰহাট আৰক্ষীয়ে এইদৰে নিৰীহক আটক কৰিয়ে দায়িত্ব সামৰিব খুজিছে । ইফালে ভুক্তভোগী গৌতমৰ আত্মীয় এগৰাকী মহিলাই জনোৱা মতে গৌতমৰ খবৰ ল'বলৈ যাওঁতে তেওঁলোককো থানাৰ পৰা গতিয়াই উলিয়াই দিয়া হৈছিল ।

এই ঘটনাক লৈ এতিয়া জাঙুৰ খাই উঠিছে এলেংমৰাৰ ৰাইজৰ লগতে জিলাখনৰ বহু সচেতন লোক । সামাজিক মাধ্যমতো যুৱকৰ শৰীৰত প্ৰহাৰৰ দাগ থকা ফটোসমূহ ভাইৰেল হৈ পৰিছে । সকলোৱে এই ঘটনাৰ উপযুক্ত তদন্তৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ।

উল্লেখ্য যে, ডিজিপিৰ চকীত বহিয়েই জি পি সিঙে কৈছিল যে ৰাইজৰ সৈতে আৰক্ষীৰ সম্পৰ্ক সুদৃঢ় কৰা হ'ব । আৰক্ষীৰ ওচৰত যাতে কোনো সাধাৰণ নাগৰিকে অসুৰক্ষিত অনুভৱ নকৰে তাৰ বাবে পদক্ষেপ গ্ৰহণৰো কথা কৈছিল ডিজিপিগৰাকীয়ে । কিন্তু যোৰহাট আৰক্ষীৰ এই কৰ্ম-কাণ্ডই সকলোকে ভবাই তুলিছে, এয়া সাধাৰণ নাগৰিকৰ প্ৰতি কেনে আচৰণ ।

দেশৰ আইনেও আৰক্ষীৰ জিম্মাত কোনো অভিযুক্তক প্ৰহাৰ নকৰিবলৈ নিৰ্দেশনা দি থৈছে । তাৰ পিচতো আৰক্ষীৰ এই আচৰণে সকলোকে আচৰিত কৰি তুলিছে ।

লগতে পঢ়ক: গুৱাহাটী বিমানবন্দৰত IPS বিষয়াৰ বিৰুদ্ধে মহিলা কৰ্মচাৰীক নিৰ্যাতনৰ অভিযোগ - IPS officer accused of harassing

Last Updated :Apr 4, 2024, 9:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.