ETV Bharat / state

এসপ্তাহেই সন্ধান নাই গোলাঘাটৰ পৰা অপহৃত কলেজীয়া ছাত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 5:42 PM IST

Student abduction case:ছাত্ৰী অপহৰণকাণ্ডই কঁপাইছে গোলাঘাটৰ আধাৰসত্ৰ অঞ্চল । মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে দুৰ্ভগীয়া মাতৃয়ে । চুপাৰি ব্যৱসায়ী কুখ্যাত ইফটিকাৰ এই ঘটনাত জড়িত থকাৰ সন্দেহ ।

Student abduction case
গোলাঘাটৰ পৰা অপহৰণ

গোলাঘাটৰ পৰা অপহৰণ

গোলাঘাট, ১৭ মাৰ্চ: এসপ্তাহেই সন্ধান নাই গোলাঘাটৰ পৰা অপহৰণ কৰি নিয়া এগৰাকী ছাত্ৰীৰ । ঘটনাৰ বিৱৰণি অনুসৰি গোলাঘাটৰ আধাৰসত্ৰ মুক্তাৱ গাঁৱৰ নিবাসী তথা গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰীগৰাকী এসপ্তাহপূৰ্বে কলেজলৈ বুলি ঘৰৰ পৰা পুৱাই ওলাই গৈছিল । সিদিনা বিয়লিলৈকে ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোক অৱগত হয় যে খুমটাই বুটলীখোৱা নিবাসী ইফটিকাৰ হুছেইন নামৰ এজন ৫০ বছৰীয়া লোকে বিভিন্ন প্ৰলোভন দি গোলাঘাট নগৰৰ পৰাই তেওঁৰ AS01-EE-5055নম্বৰৰ বগা ৰঙৰ ক্ৰেটা বাহনত বলপূৰ্বকভাৱে ছাত্ৰী গৰাকীক উঠাই লৈ যায় । ইয়াৰ পিচতেই ছাত্ৰীগৰাকীৰ মাতৃ তথা পৰিয়ালৰ লোকে এই ঘটনা সন্দৰ্ভত গোলাঘাট সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

গোলাঘাট আৰক্ষীৰ তত্বাৱধানত ঢেকিয়াল আৰক্ষী চকীত বিষয়টোৰ অনুসন্ধান চলাই আছে যদিও এতিয়ালৈকে অপহৃত ছাত্ৰীগৰাকী আৰু অপহৰণকাৰী ইফটিকাৰৰ কোনো শুংসূত্ৰ পোৱা নাই । ইতিমধ্যে অপহৰণকাৰী তথা এটা পুত্ৰ সন্তানৰ পিতৃ ইফটিকাৰৰ পত্নীয়েও তেওঁৰ বিৰুদ্ধে খুমটাই আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে । ভুক্তভোগী ছাত্ৰীগৰাকীৰ মাতৃয়ে এই সন্দৰ্ভত কয় যে চুপাৰি ব্যৱসায়ৰ সৈতে জড়িত কুখ্যাত ইফটিকাৰৰ আটাইকেইটা নম্বৰ ইতিমধ্যে সংযোগ বিচ্ছিন্ন কৰি ৰাখিছে ।

ইফালে, অত্যন্ত অমায়িক স্বভাৱৰ মেধাৱী ছাত্ৰীগৰাকীৰ মাতৃও দুঃচিন্তাত পৰিছে । কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰীগৰাকীৰ সন্ধান লাভ কৰিলে পৰিয়ালৰ লোকক অৱগত কৰিবলৈ আহ্বান জনাইছে মাতৃগৰাকীয়ে । ইতিমধ্যে মানসিকভাৱে ভাগি পৰা মাতৃগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো বিষয়টো গুৰুত্ব সহকাৰে লৈ ছাত্ৰীগৰাকীক কুশলে উদ্ধাৰ কৰি দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক:চাংলাঙৰ কয়লাখনিৰ শ্ৰমিক অপহৰণ : ২৪ ঘণ্টাৰ পাচতো নাই সন্ধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.