ETV Bharat / state

শ্যাম গাঁৱত নিশা কটালে মুখ্যমন্ত্ৰীয়ে; পুৱা গাঁৱৰ মহিলাৰ লগত চাহ-জলপান গ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 10:30 AM IST

Gaon Chalo Abhiyan: সৰুপথাৰ সমষ্টিৰ ১নং ৰজাপুখুৰী শ্যাম গাঁৱত বুধবাৰৰ নিশাটো কটালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । নিশা গাঁওখনৰ ১০জন ব্যক্তিৰ লগত নৈশ আহাৰ গ্ৰহণ কৰাৰ পাচত বৃহস্পতিবাৰে পুৱা গাঁৱৰ ১০ গৰাকী মহিলাৰ লগত চাহ-জলপান গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ।

Gaon Chalo Abhiyan
শ্যাম গাঁৱত নিশা কটালে মুখ্যমন্ত্ৰীয়ে

শ্যাম গাঁৱত নিশা কটালে মুখ্যমন্ত্ৰীয়ে

সৰুপথাৰ, ১৫ ফেব্ৰুৱাৰী: গাঁও চলো অভিযানৰ অংশ হিচাপে বুধবাৰে সৰুপথাৰ সমষ্টিৰ ১নং ৰজাপুখুৰী শ্যাম গাঁৱত নিশা কটালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । পুৱা গাঁওখনৰ ১০ গৰাকী মহিলাৰ লগত পুৱাৰ চাহ-জলপান গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী শৰ্মাই আজি প্ৰথমতেই ৰজাপুখুৰী শ্যাম গাঁৱত অৱস্থিত "অংচা জিলদৈ শ্যাম হাইস্কুল"ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত-বিনিময় কৰিব বুলি জানিব পৰা গৈছে । ইয়াৰ লগে লগে মুখ্যমন্ত্ৰীয়ে বৰপথাৰত বিজেপি মণ্ডলৰ কাৰ্যালয় উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে ।

ইয়াৰ পূৰ্বে বুধবাৰে সন্ধিয়া বৌদ্ধ বিহাৰত ৰাইজৰ হৈ প্ৰাৰ্থনা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । ফুংফাই অৰ্থাৎ আকাশবন্তি উৰুৱালে মুখ্যমন্ত্ৰীয়ে । ইয়াৰোপৰি তেওঁ গাঁওখনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ পৰিদৰ্শন কৰে । নিশা গাঁওখনৰ চৌদিশে ভ্ৰমণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ গাঁৱৰ জনসাধাৰণৰ পদূলিয়ে পদূলিয়ে গৈ অভাৱ-অভিযোগৰ বুজ লয় ড৹ শৰ্মাই । তেওঁলোকৰ লগত জুইৰ সেক লয় মুখ্যমন্ত্ৰী শৰ্মাই ৷ ইয়াৰ পাচত গাঁওখনৰ ১০জন ব্যক্তিৰ লগত নৈশ আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ।

সম্পূৰ্ণ পৰম্পৰাগত জনজাতীয় খাদ্যৰে নিশা আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে । শ্যামসকলৰ জনজাতীয় খাদ্যৰে মুখ্যমন্ত্ৰীক আপ্যায়ন কৰা হয় । খাদ্যৰ তালিকাত আছে খৰিকাত দিয়া মাংস, বইল মাছ, বনশাক, টোপোলা ভাতকে আদি কৰি বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন ৷ ইয়াৰ পাচত ১নং ৰজাপুখুৰীৰ শ্যাম গাঁৱৰ শ্যামসকলৰ চাংঘৰত নিশা যাপন কৰে ড° শৰ্মাই । ইফালে মুখ্যমন্ত্ৰীক কাষতে পাই উৎফুল্লিত হৈ পৰে শ্যাম গাঁৱৰ ৰাইজ ৷ সৰুপথাৰবাসীৰ বাবে এয়া এক ঐতিহাসিক দিন বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, ১০০% জনজাতি লোকে বাস কৰা ঐতিহ্যপূৰ্ণ ৰজাপুখুৰী শ্যাম গাঁও শতবৰ্ষ গৰকা এখন গাঁও ৷

লগতে পঢ়ক: গাঁও চলো অভিযানৰ অংশ হিচাপে সৰুপথাৰৰ শ্যাম গাঁৱত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.