ETV Bharat / state

মানস আৰক্ষীৰ লোক নহয়, তেওঁক ঘৰলৈ ওভতাই পঠিয়াওক: মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 10:09 AM IST

CM Himanta Biswa Sarma: অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলেও এতিয়াৰে পৰা লাভ কৰিব অসমৰ সকলো সুবিধা ৷ তিনিচুকীয়াৰ মৰাণ মহোৎসৱত এই ঐতিহাসিক ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ । সমান্তৰালভাবে আলফা স্বাধীনৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোহাঁইক ঘৰলৈ ওভতাই পঠাবলৈ পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰীৰ ৷ মানস অসম আৰক্ষীৰ জোৱান নহয় বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে ৷

CM Himanta Biswa Sarma reacts to Manas Borgohain, who is lodged in ULFA I camp
মানস আৰক্ষীৰ লোক নহয়

মানস আৰক্ষীৰ লোক নহয়

তিনিচুকীয়া, 29 জানুৱাৰী : ‘‘পৰেশ বৰুৱাৰ ভুল বুজাবুজি হৈছে, কোনো শাস্তি প্ৰদান নকৰি মানস বৰগোহাঁইক ঘৰলৈ ওভতাই পঠিয়াই দিয়ক’’ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ এই আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ মাকুম নাহৰণি বালিজানৰ পৰা এই আহ্বান মুখ্যমন্ত্ৰীৰ ৷

নাহৰণি বালিজানৰ খেলপথাৰত ৰজা বদৌচা সমন্বয় ক্ষেত্ৰত মৰাণ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ যৌথ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছিল মৰাণ মহোৎসৱ ৷ দেওবাৰে মৰাণ মহোৎসৱৰ সামৰণিৰ দিনটোৰ মুকলি সভাত নিশা উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° শৰ্মাই আলফা স্বাধীনৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোহাঁইৰ সন্দৰ্ভত কেইবাটাও মন্তব্য কৰে ৷

আলফা স্বাধীনৰ চলমান শিবিৰত বন্দী হৈ থকা মানস বৰগোহাঁই অসম আৰক্ষীৰ কোনো সদস্য নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী কয়, ‘‘আলফা (স্বাঃ)ত যোগদান কৰাৰ পূৰ্বে তেওঁ এজন ছাত্ৰ বুলি উল্লেখ কৰিছিল ৷ আমিও তদন্ত কৰিছিলো ৷ মানস ব্যক্তিগত এখন কলেজৰ অভিযন্তা বিভাগৰ ছাত্ৰ আছিল ৷ এছ আই পাবলৈ হ’লে নিৰ্দিষ্ট পৰীক্ষা দিব লাগিব ৷ কিন্তু তেওঁ তেনে পৰীক্ষাত অৱৰ্তীণ হোৱা নাছিল ৷ সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত পৰেশ বৰুৱাৰ ভুল বুজাবুজি হৈছে ৷ ল’ৰাটোক কোনো শাস্তি নিদি ওভতাই পঠিয়াওক ৷’’

এতিয়া প্ৰশ্ন হয়, আলফা স্বাধীনৰ শিৱিৰত কাৰাবন্দী হৈ থকা মানস বৰগোহাঁইৰ ভাষ্য সঁচা নে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ ভাষ্য সঁচা ! নে অসম আৰক্ষীক সেৱ প্ৰতিপন্ন কৰিবলৈ আলফা স্বাধীনে মিছাৰ আশ্ৰয় লৈছে নেকি ! প্ৰকৃততে মানসে দাবী কৰা কথা সঁচা নে !

লগতে মৰাণ জনগোষ্ঠীৰ সন্দৰ্ভত কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ বিশেষকৈ অৰুণাচল প্ৰদেশত বাসবাস কৰা মৰাণ জনগোষ্ঠীসকলকো অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব ৷ যাতে অসমত চাকৰি বা অন্যান কাম কৰিব পাৰে ৷ সমান্তৰালভাৱে মৰাণ আৰু মটকৰ দীৰ্ঘদিনৰ দাবী জনজাতিকৰণৰ সন্দৰ্ভত কোনো অসুবিধা নাই আৰু ইতিমধ্যে বহুখিনি আগবাঢ়ি গৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : আলফা স্বাধীনৰ শিবিৰত ধৰা পৰা মানস বৰগোঁহাই এছ আই নহয়: আৰক্ষীৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.