ETV Bharat / state

আকৌ CID ৰ চমন; কি কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ?

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 1:08 PM IST

7 মাৰ্চত CID ৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৷ 6 মাৰ্চত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক CID ৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ । কাৰ্যালয়ত হাজিৰ নহ’লে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশনা চি আই ডিৰ ।

CID summons to APCC president and Debabrata Saikia
CID ৰ চমন; কি কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ?

গুৱাহাটী, 5 মাৰ্চ: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ CID ৰ দ্বিতীয়খন চমন । 7 মাৰ্চত CID ৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে বৰাক । অন্যথা গ্ৰেপ্তাৰ কৰা হ’ব ভূপেন বৰাক । আনহাতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়ালৈও প্ৰেৰণ কৰা হৈছে CID ৰ চমন ।

CID summons to APCC president and Debabrata Saikia
CID ৰ চমন; কি কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ?

6 মাৰ্চত CID ৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশনা দিছে । CID ৰ কাৰ্যালয়ত হাজিৰ নহ’লে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশনা চি আই ডিৰ । বিশেষ সূত্ৰে জানিব পৰা মতে ভূপেন বৰাৰ ঘৰত 7 তাৰিখে আগবেলা অনুষ্ঠিত কৰা হৈছে পিতৃৰ মৃত্যুবাৰ্ষিকী অনুষ্ঠান ৷ গতিকে সভাপতি ব্যস্ত থাকিব পিতৃৰ মৃত্যুবাৰ্ষিকী অনুষ্ঠানত ৷ তাৰপিছতে বৰাই একেদিনাই দুপৰীয়া বিমানযোগে ৰাওনা হ'ব কেন্দ্ৰীয় নিৰ্বাচনী সভাত অংশগ্ৰহণৰ বাবে ।

উল্লেখযোগ্য যে, 7 মাৰ্চৰ বিয়লি 6 বজাত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব চিইচিৰ গুৰুত্বপূৰ্ণ সভাখন । সেইদিনাই চূড়ান্ত কৰা হ'ব কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা । প্ৰথমখন চমনত ভূপেন বৰাক 2 মাৰ্চত 11.30 বজাত CID ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল যদিও ভূপেন বৰা হাজিৰ হোৱা নাছিল ।

উল্লেখ্য যে, যোৱা 23 জানুৱাৰীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত গুৱাহাটীৰ খানাপাৰাত ভাৰত জোড়ো ন্যায় যাত্রা হৈছিল । মহানগৰ আৰক্ষীয়ে খানাপাৰাত বেৰিকেড স্থাপন কৰি ভাৰত জোড়ো ন্যায় যাত্রাক বাধা প্রদান কৰিছিল । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্রেছ নেতা-কর্মীয়ে বেৰিকেড ভঙাৰ অভিযোগ তুলি আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতি হয় ।

আৰক্ষীয়ে লাঠীচালনা কৰাত ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰসহ কেইবাজনো নেতা-কর্মী আহত হয় । ৰাজহুৱা সেৱকৰ আইনী আদেশ অমান্য কৰা, অনুমতিৰ চৰ্ত উলংঘা কৰা, চৰকাৰী কৰ্মচাৰীক বৈধ কৰ্তব্য পালন কৰাৰ সময়ত বাধা দিয়া আৰু চৰকাৰী চাকৰিয়ালৰ ওপৰত আক্ৰমণৰ অভিযোগত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জিতেন্দ্ৰ সিং, কে.চি. ভেনুগোপাল, জয়ৰাম ৰমেশ, শ্ৰীনিবাস বি ভি, কানহাইয়া কুমাৰ, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰ, ৰমেন কুমাৰ শৰ্মাৰ বিৰুদ্ধে মহানগৰীৰ বশিষ্ঠ থানাত ভাৰতীয় দণ্ডবিধিৰ 120(B)/143/147/188/283/353/332/333/427 আৰু পিডিপিপি আইনৰ 3 নং ধাৰাত 55/24 নম্বৰত গোচৰ পঞ্জীয়ন কৰে ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰৱৰ্তী সময়ত গোচৰটো চি আই ডিলৈ হস্তান্তৰ কৰা হয় ।

লগতে পঢ়ক: CIDৰ সন্মুখত হাজিৰ হ’বলৈ অপাৰগ দেৱব্ৰত শইকীয়া-ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.