কিৰেণ ৰিজিজুৰ বক্তব্য : অৱশেষত মুখ খুলিলে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই - Chakma Hajong relocation row

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 4:42 PM IST

CHAKMA HAJONG RELOCATION ROW
মুখ খুলিলে সদৌ অসম ছাত্ৰ সন্থাই ()

অৰুণাচলৰ হাজং আৰু চাকমা শৰণাৰ্থীসকলক অসমত সংস্থাপিত কৰাৰ প্ৰসংগত পলমকৈ হ'লেও সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে ৷ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

গুৱাহাটী, 25 এপ্ৰিল : পলমকৈ হ'লেও অৱশেষত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে ৷ অৰুণাচলৰ হাজং আৰু চাকমা শৰণাৰ্থীসকলক অসমত সংস্থাপিত কৰাৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৰা মন্তব্যক লৈ উত্তাল হৈ আছে ৰাজ্য ৷ বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বিগত কেইবাদিন ধৰি এই বিষয়টোক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ আছে যদিও আছু নীৰৱে আছিল ৷ অৱশেষত বৃহস্পতিবাৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সামাজিক মাধ্যম যোগে এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

উল্লেখ্য যে কেইদিনমান পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচলত বাস কৰা চাকমা আৰু হাজং জনগোষ্ঠীৰ শৰণাৰ্থী সকলক 'কা'ৰ জৰিয়তে অসমত সংস্থাপিত কৰাৰ প্ৰসংগ উত্থাপন কৰিছিল ৷ অৰুণাচল প্ৰদেশত শৰণাৰ্থী হিচাপে বাস কৰি থকা কেইবা লাখ চাকমা আৰু হাজং জনগোষ্ঠীৰ লোকক অসমত সংস্থাপিত কৰাৰ বিষয়টো অৰুণাচলৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰাৰ পাচতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিগত কেইবাদিন ধৰি অব্যাহত থকা প্ৰতিক্ৰিয়াৰ পাছতে আজি 'এক্স' (টুইটাৰ) যোগে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

তেওঁ কয়- 'অৰুণাচল প্ৰদেশত বসবাস কৰা চাকমা-হাজং শৰণাৰ্থী সকলক অসমত সংস্থাপিত কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছো ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক নস্যাৎ কৰি আগবঢ়োৱা মন্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে ৷ অৰ্থাৎ শাসকীয় দলৰ দুজন জ্যেষ্ঠ নেতাৰ শৰণাৰ্থী সংস্থাপন সম্পৰ্কীয় বিষয়টোত পৰস্পৰবিৰোধী স্থিতি প্ৰকাশ পাইছে ৷ কাৰ বক্তব্য সঁচা ? যদিহে অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্য সঁচা, তেন্তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অসম বিৰোধী মন্তব্য প্ৰত্যাহাৰ কৰাৰ বাবে শাসকীয় পক্ষই ব্যবস্থা লৈ দেখুওৱাক ৷'

আছুৰ উপদেষ্টাজনে লগতে কয়- 'অসম চুক্তি উলংঘা কৰা কোনো কথাই ছাত্ৰ সন্থাই মানি নলয় ৷ অসম অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ, ডাষ্টবিন নহয় ৷' তেওঁ অসম তথা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ পৰিচয় আৰু অস্তিত্বক লৈ ৰাজনীতি নকৰিবলৈ সংশ্লিষ্ট সকলোকে সকীয়াই দিয়ে ৷ লক্ষণীয় বিষয় যে শেহতীয়াকৈ চৰকাৰৰ বিভিন্ন পদক্ষেপৰ ক্ষেত্ৰত আছুৱে গ্ৰহণ কৰা কৌশলী স্থিতিক বিভিন্ন মহলে সমালোচনাৰ লক্ষ্য কৰি লৈছে ৷ বিভিন্ন ক্ষেত্ৰত আছুৰ কেতবোৰ শ্ল'গান কেৱল শ্ল'গানহে হৈ পৰিছে ৷ কাৰ্যতঃ কোনো ফল পৰিলক্ষিত হোৱা নাই ৷ যাৰ বাবে সমালোচনাৰ পাত্ৰ হৈছে আছু ৷

লগতে পঢ়ক : অসমত হাজং-চাকমা সকলক সংস্থাপনৰ সিদ্ধান্ত লোৱা বুলি কোৱা নাছিলো, সহায়ৰ কথাহে কৈছিলো : ৰিজিজু - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.