ETV Bharat / state

নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন উদ্যোগত পেলাব ইতিবাচক প্ৰভাৱ : সৰ্বা-চন্দ্ৰমোহন

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 1:48 PM IST

Updated : Mar 11, 2024, 7:19 AM IST

Modis visit to Kaziranga
নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন উদ্যোগত পেলাব ইতিবাচক প্ৰভাৱ; সৰ্বা-চন্দ্ৰমোহন

PM Modi’s kaziranga visit : মোদীৰ কাজিৰঙা ভ্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত সৰ্বানন্দ সোণোৱাল আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন উদ্যোগত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে বিজেপিৰ নেতা দুজনে ৷

নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন উদ্যোগত পেলাব ইতিবাচক প্ৰভাৱ; সৰ্বা-চন্দ্ৰমোহন

কাজিৰঙা, 10 মাৰ্চ: মোদীৰ কাজিৰঙা ভ্ৰমণ সন্দৰ্ভত সৰ্বানন্দ সোণোৱাল আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে ব্যক্ত কৰে প্ৰতিক্ৰিয়া ৷ নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন উদ্যোগত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে দুয়োৱে ৷ উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে 8 আৰু 9 মাৰ্চত কাজিৰঙা ভ্ৰমণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

কাজিৰঙাৰ বিনন্দীয়া পৰিৱেশত আপ্লুত হৈ পৰা মোডীয়ে X যোগে নিজৰ অনুভৱ প্ৰকাশ কৰে ৷ ইয়াৰ পাচতেই নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণ সন্দৰ্ভত কাজিৰঙাত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, "নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন উদ্যোগত এক ইতিবাচক প্ৰভাৱ পেলাব ৷ প্ৰধানমন্ত্ৰী যিহেতু সমগ্ৰ বিশ্বৰে এগৰাকী জনপ্ৰিয় নেতা ৷ সেয়ে মোদীৰ ভ্ৰমণে কাজিৰঙা পৰ্যটনক আন এক মাত্ৰা প্ৰদান কৰিব ৷ কাজিৰঙা পৰ্যটনলৈ পৰ্যটকৰ সোঁত বৈ আহিব ৷"

আনহাতে সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভতো মত ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৷ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত তৃতীয়বাৰলৈ চৰকাৰ গঠন যে হ’ব তাত তিলমাত্ৰও সন্দেহ নাই বুলি সংবাদ মাধ্যমৰ আগত কয় সোণোৱালে ৷ ৰাজ্যিক বিজেপিৰ ফলাফল ভাল হ’ব বুলিও উল্লেখ কৰে সোনোৱালে ৷

আনপিনে, কাজিৰঙাত উপস্থিত হৈ ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, "মোদীৰ আগমনে কাজিৰঙাৰ মৰ্যাদা পূৰ্বতকৈ বৃদ্ধি কৰিলে ৷" আনহাতে, কাজিৰঙাৰ বিভিন্ন সমস্যা সমাধানৰ বাবে প্ৰধানমন্ত্ৰীয়ে কিবা পেকেজ ঘোষণা কৰিছে নেকি বুলি সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰৰ হাতত অজস্ৰ ধন আছে ৷ এনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে পেকেজ ঘোষণা কৰাৰ প্ৰসংগ নাহে ৷"

লগতে পঢ়ক: পুৱাই হাতীৰ পিঠিত উঠি প্ৰধানমন্ত্ৰীৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ

Last Updated :Mar 11, 2024, 7:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.