ETV Bharat / state

পুৱাই হাতীৰ পিঠিত উঠি প্ৰধানমন্ত্ৰীৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 7:58 AM IST

Updated : Mar 9, 2024, 10:30 AM IST

PM Modi in kaziranga national park
কাজিৰঙাত নৈশ যাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নৈসৰ্গিক সময় উদযাপন কৰিবলৈ পুৱা প্ৰায় 5.45 বজাত ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰথমবাৰলৈ কাজিৰঙা ভ্ৰমণৰ উদ্দেশ্যে আহিছে প্ৰধানমন্ত্ৰী মোদী ৷

পুৱাই কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

কাজিৰঙা, 9 মাৰ্চ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ পুৱা প্ৰায় 5.45 বজাত প্ৰৱেশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰথমবাৰলৈ কাজিৰঙা ভ্ৰমণৰ উদ্দেশ্য লৈ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

কাজিৰঙাৰ কঁহৰাস্থিত আৰক্ষীৰ অতিথিশালাতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে নিশাটো কটায় ৷ ইতিমধ্যে হাতীৰ পিঠিত উঠি ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে মোদীয়ে ৷ আনহাতে, জীপ ছাফাৰীও কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, নৰেন্দ্ৰ মোদী হ'ল দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী যি শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে । ভাৰতবৰ্ষৰ স্বাধীনতাৰ কেইবছৰমানৰ পাছতে অৰ্থাৎ 1957 চনত প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল । নেহৰুৱে তেওঁৰ দুহিতা ইন্দিৰা গান্ধীক লগত লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত হাতীৰ পিঠিৰ উঠি উদ্যানখন ভ্ৰমণ কৰিছিল ।

কাজিৰঙাৰ প্ৰথমখন চৰকাৰী অতিথিশালা কহঁৰাস্থিত তেতিয়া বনবিভাগৰ অধীনত থকা বনানী পৰ্যটন নিবাসত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাত্ৰি যাপন কৰিছিল । পৰৱৰ্তী সময়ত 1978 চনত দ্বিতীয়বাৰৰ বাবে কাজিৰঙালৈ আহিছিল প্ৰয়াত ইন্দিৰা গান্ধী ৷ অৱশ্যে তেতিয়া ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰীৰ দ্বায়িত্বত নাছিল ৷ সেই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী হৈ আছিল প্ৰয়াত ইন্দিৰা গান্ধী । গুৱাহাটীত এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ আহোঁত কাজিৰঙালৈ আহিছিল গান্ধীয়ে ।

ইপিনে, 1988 চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে পত্নী ছোনিয়াক লগত লৈ কাজিৰঙালৈ আহিছিল । অৱশ্যে বনানী পৰ্যটন নিবাসত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ নকৰাকৈয়ে উভতিছিল প্ৰয়াত ৰাজীৱ গান্ধী আৰু পত্নী ৷ আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলগীয়া নৰেন্দ্ৰ মোদী হ'ল ভাৰতৰ দ্বিতীয় গৰাকী প্ৰধান মন্ত্ৰী তথা কাজিৰঙালৈ অহা তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী ৷

উল্লেখ্য যে, কাজিৰঙাৰ এইখন অতিথিশালাতে 2022 চনত ৰাত্ৰিযাপন কৰিছিল দেশৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ পৰৱৰ্তী সময়ত পিছৰ বছৰেই বৰ্তমানৰ ৰাষ্ট্ৰপতি দৌপদ্ৰী মুৰ্মূ কাজিৰঙাত উপস্থিত হৈ নিশা কটাইছিল এই অতিথিশালাত ৷

লগতে পঢ়ক: ৰ’ড শ্ব’ৰে কাজিৰঙাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Last Updated :Mar 9, 2024, 10:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.