ETV Bharat / state

শিলচৰ মেডিকেল কলেজত ৰক্তৰ নাটনি ! সহায়ৰ বাবে আগবাঢ়ি আহিল কাছাৰ আৰক্ষী

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 10:42 PM IST

Cachar Police donates blood
শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত কাছাৰ আৰক্ষীৰ ৰক্তদান শিবিৰ

Cachar Police donates blood: শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত কাছাৰ আৰক্ষীৰ ৰক্তদান শিবিৰ ৷ কাছাৰৰ আৰক্ষী অধীক্ষকসহ ৪০ জন আৰক্ষী জোৱানৰ ৰক্তদান । সামাজিক দায়বদ্ধতা হিচাপে কাছাৰ আৰক্ষীয়ে আয়োজন কৰে এই ৰক্তদান শিবিৰৰ ৷

শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত কাছাৰ আৰক্ষীৰ ৰক্তদান শিবিৰ

শিলচৰ, ১৮ মাৰ্চ: শিলচৰ মেডিকেল কলেজ হাস্পতালত ৰক্তৰ নাটনি দেখা দিয়াৰ বাবে সহায়ৰ হাত আগবঢ়াই দিছে কাছাৰ আৰক্ষীয়ে । শিলচৰ মেডিকেল কলেজৰ এনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত কাছাৰ আৰক্ষীৰ উদ্যোগত সোমবাৰে এক ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ কাছাৰ আৰক্ষীৰ এই ৰক্তদান শিবিৰত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা, অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনসহ কাছাৰ আৰক্ষীৰ মুঠ ৪০ জন আৰক্ষী জোৱানে ৰক্তদান কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰক্তদান কৰি কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই কয় যে, শিলচৰ মেডিকেল কলেজ হাস্পতালত বৰ্তমান সময়ত ৰক্তৰ নাটনি হৈছে । হাস্পতালখনত দুখীয়া মানুহে ৰক্ত পোৱাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সম্মুখীন হৈ আহিছে । সেয়াহে কাছাৰ আৰক্ষীয়ে এই সময়ত সামাজিক দায়বদ্ধতা হিচাপে সহায় কৰাৰ বাবে এই ৰক্তদান শিবিৰৰ আয়োজন কৰিছে, যাতে শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাৰ বাবে অহা দুখীয়া মানুহে ৰক্ত পোৱাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সম্মুখীন নহয় ৷

ইপিনে কাছাৰ আৰক্ষীৰ এই পদক্ষেপক শলাগ জনাই শিলচৰ মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ভাস্কৰ গুপ্তাই । হাস্পতালৰ অধ্যক্ষ ভাস্কৰ গুপ্তাই কয় যে, দৈনিক চিকিৎসালয়খনত ৩০-৪০ ইউনিট ৰক্তৰ প্ৰয়োজন হয় ৷ বিশেষকৈ প্ৰসূতিৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত চিকিৎসকসকল ৰক্তৰ অভাৱত বহু অসুবিধাৰ সন্মুখীন হয় ৷ গৱেষণাগাৰত এতিয়াও কৃত্ৰিম ব্লাড প্ৰস্তুত কৰিব পৰা হোৱা নাই ৷ যাৰবাবে মানৱ ৰক্তৰ অভাৱ একমাত্ৰ মানৱ ৰক্তৰ দ্বাৰাহে পূৰণ কৰিব পৰা যায় ৷ এনে সময়ত কাছাৰৰ আৰক্ষীৰ এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় ৷

লগতে পঢ়ক: Muslim man donates blood at Chhatarpur: মুছলমান লোকে জীৱন ৰক্ষা কৰিলে হিন্দু শিশুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.