ETV Bharat / state

জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ উপন্যাস 'দেউতা ভাল হৈছে' উন্মোচন

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 9:04 PM IST

Book Released at Diphu
জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ দেউতা ভাল হৈছে শীৰ্ষক উপন্যাসন উন্মোচন

Book Released at Diphu : ডিফুত জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ দেউতা ভাল হৈছে শীৰ্ষক উপন্যাস উন্মোচন ৷ উপন্যাসনখন উন্মোচন কৰে বৰণ্যে সাহিত্যিক ৰংবং তেৰাঙে ৷

জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ উপন্যাস উন্মোচন

ডিফু, 28 ফেব্ৰুৱাৰী : ডিফুত জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ গ্ৰন্থ উন্মোচন ৷ 'দেউতা ভাল হৈছে' শীৰ্ষক উপন্যাসনখন উন্মোচন কৰে বৰণ্যে সাহিত্যিক ৰংবং তেৰাঙে ৷ উপন্যাসখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙে কয়- "ডিফুত প্ৰথম উপন্যাস লিখিছিল বসন্ত দাসে ৷ আমি পিচতহে উপন্যাস লিখিছিলো ৷ আজি 85 বছৰীয়া সাংবাদিক, লেখক নগেন বৰাৰ প্ৰথমখন উপন্যাস 'দেউতা ভাল হৈছে' উন্মোচন কৰিবলৈ পাই মই আনন্দিত হৈছো ৷ হোমেন বৰগোহাঞিয়ে লিখিছিল পিতা-পুত্ৰ ৷ তেখেতো সাংবাদিক আছিল ৷ আজি অসমৰে এগৰাকী জ্যেষ্ঠ সাংবাদিক নগেন বৰাই পাঠকক দিছে তেখেতৰ উপন্যাস দেউতা ভাল হৈছে ৷" উপন্যাসখনৰ নামটোৱেই পাঠকক গ্ৰন্থখন পঢ়াৰ প্ৰতি আগ্ৰহী কৰিব বুলি কয় উন্মোচক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ডিফুৰ জনপ্ৰিয় শিল্পী প্লাৱিতা বৰদলৈ শইকীয়াই পৰিবেশন কৰা “ ইমান ধুনীয়া মুকুতাৰ মালা---" গীতেৰে আৰম্ভ হয় গ্ৰন্থ উন্মোচনী সভাখন ৷ উন্মোচক তেৰাঙে কয় যে উপন্যাস লিখাতো তাতে 85 বছৰ বয়সত ইমান সহজ নহয় ৷ ডিফুক লৈ অৰুণ টেৰণ , ছাৰএৎ হাঞ্চেই কবিতা লিখিছে ৷ তেওঁৱো ডিফুক লৈ ডিফু নদীৰ পাৰত বহি এখন উপন্যাস লিখিবলৈ কেইবাবছৰ ধৰি চেষ্টা কৰি আছে কিন্তু সম্পূৰ্ণ কৰিব পৰা নাই বুলি উল্লেখ কৰে ৷ কিন্তু নগেন বৰাই নতুনকৈ উপন্যাস লিখিলে, তাৰ বাবে তেওঁ অতি আনন্দিত বুলি কয় উন্মোচক ৰংবং তেৰাঙে ৷

গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ বিশিষ্ট অতিথি, অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ কুসুম্বৰ বৰুৱাই কয় যে এইটো এক ঐতিহাসিক ক্ষণ ৷ 85 বছৰ বয়সত সৃষ্টিশীলতাই তেখেতক অহৰহ খুন্দিয়াই আছে আৰু সেয়ে তেখেতে নীৰৱচিন্নভাবে লিখি আছে ৷ লেখক সকল বিভিন্ন সংঘাতৰ মুখামুখি হয় ৷ সেই সংঘাতৰে বহিঃপ্ৰকাশ ঘটে তেখেত সকলৰ লেখনিত ৷ লেখক সকল কোনো বাধ্যবাধকতাত থাকিব নিবিচাৰে ৷ তাৰ উদাহৰণ হিচাপে তেখেতে অধ্যাপক পদ এৰি লেখক হোৱা জনপ্ৰিয় লেখক অৰূপ কুমাৰ দত্তৰ প্ৰসংগ উল্লেখ কৰে ৷ কালিদাস আৰু ভাবভুতিৰ লেখাক জীৱনৰ সংঘাতময় পৰিবেশনৰ বিষয়েও কয় সুবক্তা বৰুৱাই ৷ তেখেতে কয় গল্প আৰু উপন্যাসত এখন সমাজৰ প্ৰতিফলন দেখা যায় ৷

পদ্মশ্ৰী তথা বালিমাহীৰ কবি ধনেশ্বৰ ইংতিয়ে সভাপতিত্ব কৰা সভাখনত লেখকৰ অনুভৱ ব্যক্ত কৰি লেখক নগেন বৰাই কয়- "মই লিখি আছো বাবেই জীয়াই আছো ৷ এয়াই মোৰ বাবে অক্সিজেন ৷" সভাপতি ধনেশ্বৰ ইংতিয়ে নিজৰ ভাষণত সাংবাদিক নগেন বৰাৰ লগত থকা সান্নিধ্য , কেনেকৈ তেওঁ বাতৰি কৰাৰ বাবেই চৰকাৰী চাকৰি এৰিছিল সেয়া কোৱাৰ লগতে এটি কবিতা পাঠ কৰি সকলোকে কয় যে 85 বছৰীয়া নগেন বৰা সকলোৰে বাবে প্ৰেৰণা ৷

লগতে পঢ়ক : কলিয়াবৰৰ বিমলা একাডেমীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.