উদয় শংকৰ হাজৰিকাৰ অশ্লীল‌ ভিডিঅ': দিছপুৰ থানাত গোচৰ‌ বিধায়ক মানৱ‌ ডেকাৰ - Uday Shankar Hazarika Viral Video

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 6:25 PM IST

Updated : Apr 24, 2024, 6:58 PM IST

UDAY SHANKAR HAZARIKA VIRAL VIDEO
উদয় শংকৰ হাজৰিকাৰ বিৰুদ্ধে মানৱ‌ ডেকাৰ গোচৰ‌ ()

অৱশেষত উদয় শংকৰ হাজৰিকাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল বিধায়ক মানৱ ডেকা ৷ হাজৰিকাৰ ভাইৰে’ল ভিডিঅ’ৰ লগত বিধায়কগৰাকী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷

উদয় শংকৰ হাজৰিকাৰ বিৰুদ্ধে মানৱ‌ ডেকাৰ গোচৰ‌

গুৱাহাটী, ২৪ এপ্ৰিল: লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ অশ্নীল‌ ভিডিঅ' প্ৰসংগ পুনৰ চৰ্চালৈ আহিছে । এইবাৰ লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ অশ্নীল‌ ভিডিঅ’ৰ লগত বি জে পি বিধায়ক মানৱ‌ ডেকাৰ নাম সাঙোৰাৰ বাবে আৰক্ষীৰ দ্বাৰস্থ হৈছে বিধায়ক ডেকা ।

উদয় শংকৰ হাজৰিকাৰ বিৰুদ্ধে দিছপুৰ থানাত বুধবাৰে গোচৰ দাখিল কৰে বিধায়ক মানৱ ডেকাই । ভাইৰেল ভিডিঅ’টোৰ সন্দৰ্ভত মানৱ ডেকাৰ নাম লোৱাক লৈ গোচৰ দিছে বিধায়কগৰাকীয়ে । ইয়াৰ পিচতে দুই-এদিনৰ ভিতৰত ন্যায়ালয়ত 10 কোটিৰ মানহানি গোচৰো দাখিল কৰিব বুলি বিধায়ক ডেকাই হুংকাৰ দিছে । আনহাতে উদয় শংকৰ হাজৰিকাৰ ভাইৰেল ভিডিঅ’টো প্ৰকৃত ভিডিঅ’ বুলি দাবী কৰিছে লখিমপুৰৰ বিধায়কগৰাকীয়ে ৷

ভিডিঅ’টো কংগ্ৰেছ দলৰ মাজৰে কোনোবাই ভাইৰেল কৰা বুলি মানৱ ডেকাই দাবী কৰে । ৰাজনৈতিক গুৰুত্ব পোৱাৰ বাবে ভিডিঅ’টোৰ লগত উদয় শংকৰ হাজৰিকাই বিধায়কগৰাকীৰ নাম সাঙোৰা বুলি ডেকাই দাবী কৰে । উল্লেখ্য যে লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ এটা অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিচতে হাজৰিকাই এখন সংবাদমেল সম্বোধন কৰি ভিডিঅ’টোৰ সত্যতা নস্যাৎ কৰি উক্ত ঘটনাৰ আঁৰত কংগ্ৰছৰ এগৰাকী প্ৰাক্তন সাংসদ আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকা জড়িত হৈ থকা বুলি অভিযোগ তুলিছিল ৷

উদয় শংকৰ হাজৰিকাৰ এনে অভিযোগৰ পিচতে জাঙুৰ খাই উঠিছিল বিধায়ক ডেকা ৷ সেই প্ৰসংগত মানৱ ডেকাই ইতিমধ্যে তদন্ত বিচাৰি ৰাজ্যৰ ডিজিপিলৈ পত্ৰ প্ৰেৰণ কৰিছে । উদয় শংকৰ হাজৰিকালৈ কিয় তেওঁৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ’ব তাৰ উত্তৰ বিচাৰি অধিবক্তাৰ জৰিয়তে জাননী প্ৰেৰণ কৰিছিল মানৱ ডেকাই । ৪৮ ঘন্টাৰ ভিতৰত উত্তৰ নাপালে চিভিল আৰু দহ কোটি টকাৰ মানহানি গোচৰ তৰা হ'ব বুলি মানৱ ডেকাই জনাইছিল ।

এই সন্দৰ্ভত ডেকাই কয় যে মঙলবাৰে হাজৰিকাৰ অধিবক্তাই ভিডিঅ’টোৰ সন্দৰ্ভত তেওঁৰ নাম হাজৰিকাই নোলোৱা বুলি উত্তৰ দিছে । বিধায়কগৰাকীয়ে কয়, ‘‘এই‌ক্ষেত্ৰত হাজৰিকাই আকৌ‌ মিছা মাতিছে । ‌ গতিকে আজি হাজৰিকাৰ বিৰুদ্ধে থানাত অপৰাধমূলক গোচৰ তৰিছো । আৰক্ষীয়ে এইক্ষেত্ৰত তদন্ত কৰাৰ আশ্বাস দিছে ।’’

লগতে পঢ়ক: উদয় শংকৰ হাজৰিকাৰ অশ্লীল ভিডিঅ’ ভাইৰেল: ডীপ ফেক ভিডিঅ’ বুলি দাবী প্ৰাৰ্থীগৰাকীৰ

Last Updated :Apr 24, 2024, 6:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.