ETV Bharat / politics

উদয় শংকৰ হাজৰিকাৰ অশ্লীল ভিডিঅ’ ভাইৰেল: ডীপ ফেক ভিডিঅ’ বুলি দাবী প্ৰাৰ্থীগৰাকীৰ - Uday Shankar Hazarika Viral Video

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 10:37 PM IST

UDAY SHANKAR HAZARIKA VIRAL VIDEO
অশ্লীল ভিডিঅ’ ভাইৰেলৰ সন্দৰ্ভত উদয় শংকৰ হাজৰিকা

ভাইৰেল হৈছে লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীৰ অশ্লীল ভিডিঅ’ ৷ ভিডিঅ’টো ডীপ ফেক বুলি উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ এই ঘটনাত বিধায়ক মানৱ ডেকা জড়িত থকাৰ অভিযোগ ৷ আইনৰ কাষ চাপিব বুলিও ক’লে প্ৰাৰ্থীগৰাকীয়ে ৷

অশ্লীল ভিডিঅ’ ভাইৰেলৰ সন্দৰ্ভত উদয় শংকৰ হাজৰিকা

লখিমপুৰ/বিশ্বনাথ, 16 এপ্ৰিল: নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিবলৈ মাজত মাথো কেইঘন্টামানহে বাকী । এনে সময়তে এটা ভিডিঅ’ই তোলপাৰ লগাইছে ৰাজ্যত ৷ ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ এটা অশ্লীল ভিডিঅ’ ভাইৰেল হৈ পৰিছে । এই লৈ বিভিন্ন মহলৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ভিডিঅ’ ভাইৰেলৰ পিচত মঙলবাৰে নাওবৈচাত উদয়শংকৰ হাজৰিকাই এখন সংবাদমেল সম্বোধন কৰে । এগৰাকী যুৱতীৰ সৈতে অশ্লীল ভিডিঅ’ কলৰ ভিডিঅ’টো তেওঁ ডীপ ফেক ভিডিঅ’ বুলি অভিহিত কৰিছে ৷

ভিডিঅ' ভাইৰেল হোৱাৰ পিচতে কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই সংবাদমেল যোগে এয়া ভুৱা ভিডিঅ’ বুলি উল্লেখ কৰাৰ লগতে তেওঁ এক গভীৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি কয় । কংগ্ৰেছৰ উত্থানত শংকিত হৈ বিজেপিয়ে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ তোলে উদয় শংকৰ হাজৰিকাই ।

বিধায়ক মানৱ ডেকা আৰু এগৰাকী প্ৰাক্তন সাংসদৰ বিৰুদ্ধে এই ষড়যন্ত্ৰৰ অভিযোগ কংগ্ৰেছ প্ৰাৰ্থীজনৰ । তেওঁ কয় যে নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপিৰ নেতা-পালিনেতা । কিছুদিন পূৰ্বে বিধায়কগৰাকীয়ে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ফেক ভিডিঅ’ বনাব বুলি ভাবুকি দিয়াৰ কথাও উল্লেখ কৰে উদয় শংকৰ হাজৰিকাই ৷ নিৰ্বাচনী বিধি অব্যাহত থকাৰ সময়তে নিকৃষ্ট আৰু অপৰাধমূলক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উদয় শংকৰ হাজৰিকাৰ ।

আই টি নিয়ম ভংগ কৰি জালিয়াতি কাৰ্যৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ'ব বুলিও সংবাদমেলত সদৰী কৰে কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই । আনহাতে বিধায়ক মানৱ ডেকাই তেওঁক নিৰ্বাচন নেখেলি বহি থাকিবলৈ আৰু কোনো এটা বিভাগৰ অধ্যক্ষৰ পদবীৰ টোপ দিয়া বুলিও উদয় শংকৰ হাজৰিকাই অভিযোগ তোলে ।

ইফালে ভালৰেল ভিডিঅ’টোৰ সন্দৰ্ভত মঙলবাৰে বিশ্বনাথত মুখ্যমন্ত্ৰীয়ে কয় যে ভিডিঅ’টো তেৱোঁ লাভ কৰিছে ৷ কিন্তু চাব পৰা ভিডিঅ’ নহয় বাবে তেওঁ চোৱা নাই ৷ সেয়েহে ভিডিঅ’ কিমান সত্য সেই কথা তেওঁ নাজানে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: মোদী-শ্বাহৰ হেলিকপ্টাৰত তালাচী চলোৱাৰ দাবী কংগ্ৰেছ নেত্ৰী অলকা লাম্বাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.