বিশিষ্ট আলোক শিল্পী কল্যাণ দে’ক "ভোলা কলিতা সোঁৱৰণী বঁটা" প্ৰদান
যিকোনো ব্যক্তিক বঁটা বাহন বা সম্বৰ্ধনা জনাব লগা হ'লে শিল্পী গৰাকী জীৱিত অৱস্থাতেই নহয় শাৰীৰিকভাৱে সুস্থ হৈ থকা অৱস্থাত জনালে শিল্পী গৰাকীয়ে যথেষ্ট প্ৰেৰণা লাভ কৰে । সকলো শিল্পীয়েই ৰাইজৰ মৰম আৰু সমাজৰ স্বীকৃতি বিচাৰে । তেনে স্বীকৃতিয়ে এগৰাকী শিল্পীক মানসিক খাদ্য যোগান ধৰে বুলি বুধবাৰে তেজপুৰ সাহিত্য সভা ভৱনত মন্তব্য কৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে বিভূষিত বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে ।

Published : February 28, 2024 at 9:06 PM IST
তেজপুৰ, ২৮ ফেব্ৰুৱাৰী : তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু বাণ থিয়েটাৰৰ সহযোগত বুধবাৰে বিয়লিৰ পৰা তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক প্ৰখ্যাত অভিনেতা তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি "ভোলা কলিতা শ্ৰদ্ধাঞ্জলি, স্মৃতিচাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠান" । দক্ষ মঞ্চাভিনেতা, প্ৰসিদ্ধ ভাওনা শিল্পী, বিশিষ্ট ক্ৰীড়াবিদ, ৰাজনীতিক তথা আদৰ্শ কৃষক ভোলা কলিতাৰ ৯৮ সংখ্যক ওপজা দিনটোত পূৰ্বৰ দৰে এইবাৰো আয়োজন কৰা এই অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসনৰ পৰা ডাঃ জাহানাৰা বেগমে প্ৰথমেই ভোলা কলিতাৰ অভিনয় প্ৰতিভা স্মৰণ কৰি নাটশিল্প ক্ষেত্ৰখনৰ ভোলা কলিতা এগৰাকী বটবৃক্ষ সদৃশ আছিল বুলি কৈ এনে এজোপা বটবৃক্ষৰ ছাঁত থাকি আমি উদ্বুদ্ধ হৈ পৰৱৰ্তী সময়ত সেই শিল্পৰ সৈতে জড়িত হৈ পৰিছিলোঁ বুলি মন্তব্য কৰে ।

আনহাতে এই বছৰ ভোলা কলিতা বঁটাৰে বিভূষিত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এটি চিনাকী নাম কল্যাণ দে’ই নাটকসমূহত প্ৰাণ প্ৰতিষ্ঠা কৰিছিল বুলি কৈ এগৰাকী আলোক নিয়ন্ত্ৰণ শিল্পী, এগৰাকী পৰিচালক, এগৰাকী প্ৰযোজক হিচাপে তেওঁ আগবঢ়োৱা বৰঙণি অসাধাৰণ বুলি মন্তব্য কৰে । তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত ভোলা কলিতাৰ স্মৃতিচাৰণ কৰি বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই এসময়ৰ সকলো পৰম্পৰাগত খেলৰে দক্ষ খেলুৱৈ আৰু আদৰ্শ কৃষক ভোলা কলিতাই ভাওনাৰ সুদক্ষ ভাৱৰীয়া হিচাপে যেনেদৰে তেজপুৰৰ নামঘৰসমূহ সুললিত কন্ঠেৰে এসময়ত জিনি আছিল সেই বিষয়ে উল্লেখ কৰি একেধাৰে এগৰাকী মঞ্চাভিনেতা হিচাপেও বাণ থিয়েটাৰৰ মঞ্চৰ লগতে তেজপুৰৰ সকলো মঞ্চত বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল বুলি কয় ।
- " class="align-text-top noRightClick twitterSection" data="">
আনহাতে বঁটা প্ৰাপক কল্যাণ দে'ৰ আলোক নিৰ্দেশনাৰ যি দক্ষতা সেই দক্ষতা সকলো সময়ৰ বাবে একক আৰু অনন্য দক্ষতা বুলি মন্তব্য কৰে । শিল্পী পেন্সনাৰ বংকিম শৰ্মাই কয় এখন সফল নাটকত পোহৰে কথা কয়, পোহৰে অভিনয় কৰে, পোহৰে গীতো গাই ৷ কল্যাণ দে' এনে এগৰাকী আলোক নিয়ন্ত্ৰণ শিল্পী আছিল যাৰ আলোকেৰে এসময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকসমূহ অধিক জীৱন্ত হৈ উঠিছিল বুলি মন্তব্য কৰে । বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটে ভোলা কলিতাৰ সান্নিধ্যৰ স্মৃতি সদৰী কৰি তেওঁৰ জৰিয়তেই নাটক আৰু ভাওনাত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, তেজপুৰৰ দুগৰাকীকৈ ভাওনা শিল্পী ৰজনী বৰা আৰু গোলাপ বৰাই ভাওনাৰ দহবাৰী বিষম আৰু লেছেৰি পৰিৱেশন কৰি জীপাল কৰাৰ লগতে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্ৰ বড়াই ভোলা কলিতাই ৰূপায়ণ কৰা ৰাৱণ আৰু দুৰ্যোধনৰ সংলাপেৰে মুখৰিত কৰি তোলে অনুষ্ঠানটি ৷ চিকিৎসাধীন কল্যাণ দে'ৰ হৈ বঁটা গ্ৰহণ কৰা অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক গিৰিধৰ ৰয়ে এনে এগৰাকী নাট্য প্ৰতিভাৰ সোঁৱৰণত তেজপুৰ সাহিত্য সভা আৰু বাণ থিয়েটাৰে এই অনুষ্ঠান আয়োজন কৰি অহাৰ বাবে দুয়োটা অনুষ্ঠানকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

ভোলা কলিতাৰ জ্যেষ্ঠ পুত্ৰ হিৰকজ্যোতি কলিতাই কৃতজ্ঞতাসূচক ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, বিশিষ্ট লেখিকা ৰুমা দেৱীয়ে ভোলা কলিতাৰ সোঁৱৰণত এটি স্ব-ৰচিত কবিতা পাঠ কৰে । আনহাতে আকস্মিকভাৱে অসুস্থ হৈ বঁটা গ্ৰহণ কৰিবলৈ উপস্থিত থাকিব নোৱাৰি তেওঁৰ হৈ বিশিষ্ট অতিথিসকলে গামোচা, অংগ বস্ত্ৰ, স্মাৰক, প্ৰশস্তি আৰু নগদ দহ হেজাৰ টকা অৰ্পণ কৰে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক গিৰিধৰ ৰয়ৰ হাতত । অনুষ্ঠানটিত অসুস্থ হৈ চিকিৎসাধীন হৈ থকা কল্যাণ দে'ৰ চমু লিখিত ভাষণ পাঠ কৰে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্ৰ বড়াই ।

আনহাতে ইয়াৰ আগেয়ে ভোলা কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে ভোলা কলিতাৰ জ্যেষ্ঠ পুত্ৰ তথা নাট্যশিল্পী হিৰকজ্যোতি কলিতা, কন্যা চয়নিকা কলিতা, নয়নিকা কলিতা আৰু বোৱাৰী আল্পনা কলিতাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ অবনী কুমাৰ শৰ্মা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি বেনুধৰ কাকতি, প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা, ভোলা কলিতা বঁটা প্ৰাপক ৰাজেন মেধি, কৰুণা শইকীয়া, সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান বাহাদুৰ ছেত্ৰী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়া, অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, জনসাংস্কৃতিক পৰিষদৰ সভাপতি ৰাজু বৰুৱা, বিশিষ্ট বামপন্থী নেতা ৰুবুল শৰ্মা, বাণ থিয়েটাৰৰ উপসভাপতি দিলীপ বৰা, শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱা, সমাজকৰ্মী ৰেখা বৰুৱা, মৈত্ৰী সংঘৰ সম্পাদিকা মিনাক্ষী শৰ্মা, সাহিত্যিক খৰ্গ বাহাদুৰ কৌশিক, চিত্ৰ ভাস্কৰ্য শিল্পী হৰিনাৰায়ণ দাস, প্ৰবীণ কন্ঠশিল্পী অজিৎ দাস আদিয়ে অংশ গ্ৰহণ কৰে ।
লগতে পঢ়ক : তেজপুৰ বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন

