ETV Bharat / state

যশস্বী অভিনেতা জৰ্জ বেকাৰক ভূপেন হাজৰিকা বঁটা বেলতলা ব'হাগী উৎসৱ সমিতিৰ - Dr Bhupen Hazarika award 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 3:41 PM IST

DR BHUPEN HAZARIKA AWARD 2024
যশস্বী অভিনেতা জৰ্জ বেকাৰক ভূপেন হাজৰিকা বঁটা

Beltola Bohagi Utsav : ১৯ ৰ পৰা ২১ এপ্ৰিললৈ অনুষ্ঠিত হ’ব বেলতলা ব’হাগী উৎসৱ ৷ উদযাপন সমিতিয়ে এইবেলি ‘ড৹ ভূপেন হাজৰিকা বঁটা’ প্ৰদান কৰিব যশস্বী অভিনেতা জৰ্জ বেকাৰক ৷

গুৱাহাটী, ১১ এপ্ৰিল : ৪৫ সংখ্যক বেলতলা ব’হাগী উৎসৱ এইবাৰ ১৯ ৰ পৰা ২১ এপ্ৰিললৈ তিনিদিনীয়া কাৰ্যসূচীৰে বেলতলা বিদ্যালয় খেলপথাৰত অয়োজন কৰা হৈছে । বৃহস্পতিবাৰে বেলতলা বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে ৪৫ সংখ্যক বেলতলা ব'হাগী উৎসৱ সমিতিৰ সম্পাদক সঞ্জয় গোস্বামীয়ে ।

সম্পাদকগৰাকীয়ে কয় য়ে বিগত বছৰৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৫ সংখ্যক বেলতলা ব'হাগী উৎসৱৰ আয়োজন কৰা হৈছে । ২০১২ চনৰ পৰা প্ৰদান কৰি অহা ‘ড৹ ভূপেন হাজৰিকা বঁটা’ এইবাৰ প্ৰদান কৰা হ'ব বোলছবি জগতৰ যশস্বী অভিনেতা জৰ্জ বেকাৰক । এই বঁটা ২১ এপ্ৰিলত বেলতলা ব'হাগী উৎসৱৰ মঞ্চত প্ৰদান কৰা হ'ব ।

তদুপৰি ২০২১ চনত ঘোষণা কৰা এই বঁটা প্ৰদান কৰিব এপলো হাস্পতালৰ বিশিষ্ট চিকিৎসক ডাঃ সুশীল কুমাৰ জৈনক । এই বঁটাত আছে নগদ ধন দুই লাখ টকা, ড৹ ভূপেন হাজৰিকাৰ এটা মূৰ্তি আদি । আনহাতে এই বৰ্ষৰ মন্মথ বৈশ্য সোঁৱৰণী বঁটা প্ৰদান কৰিব বিশিষ্ট কণ্ঠশিল্পী ৰূপম ভূঞাক ।

আনহাতে ১৯ এপ্ৰিলত হুঁচৰি, পাটমাদৈ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । পাটমাদৈ প্ৰতিযোগিতাত অসমৰ বিভিন্ন মঞ্চত বিহুৰাণী, বৰ বিহুৱতী, বিহু সম্ৰাজ্ঞীৰ খিতাপ অর্জন কৰা নাচনীসকলেহে অংশগ্ৰহণ কৰিব পাৰিব । পাটমাদৈ প্ৰতিযোগিতাৰ বিজয়ীলৈ নগদ ধন দুই লাখ টকা, স্মাৰক আদি প্ৰদান কৰা হ’ব ।

১৯ তাৰিখেই জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁই আৰু ময়ুৰী দত্তই গীতৰ শৰাই আগবঢ়াব । সেইদৰে ২০ এপ্ৰিলত ৰঞ্জিত গগৈৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তই অনুষ্ঠান পৰিবেশন কৰিব । একেদৰে ২১ এপ্ৰিলৰ সাংস্কৃতিক অনুষ্ঠান জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে ড৹ ভূপেন হাজৰিকা বঁটা আৰু পাটমাদৈ বঁটা ২০২২ প্ৰদান কৰা হ’ব ।

পাটমাদৈ আৰু হুঁচৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহীসকলে ১৯ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ ভিতৰত বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিৰ কাৰ্যালয় অথবা ৬৯০৯৬২০০১০ ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় সম্পাদকগৰাকীয়ে । সংবাদমেলত সমিতিৰ সভাপতি নাৰায়ণ ডেকা, সম্পাদক সঞ্জয় গোস্বামী, প্ৰচাৰ সম্পাদক চন্দন কুমাৰ শইকীয়াৰ লগতে সমিতিৰ অন্যান্য বিষয়ববীয়াও উপস্থিত থাকে ।

লগতে পঢ়ক: হাফলঙত তিনিদিনীয়াকৈ অসম ব'হাগী মেলা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.