ETV Bharat / state

ৰাসায়নিক সাৰ প্ৰয়োগৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কৰ সজাগতা ৰেলী - Awareness rally of tea growers

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 2:23 PM IST

Teok small tea growers: ৰাসায়নিক সাৰ প্ৰয়োগৰ ক্ষেত্ৰত টীয়কত ক্ষুদ্ৰ চাহ খেতিয়কৰ সজাগতা ৰেলী । শস্য সুৰক্ষা বিধি পালন কৰি আৰু ২০২৪ বৰ্ষৰ শস্য সুৰক্ষা বিধিৰ দ্বাৰা অনুমোদিত ঔষধ আৰু প্ৰয়োগৰ পৰিমাণৰ সন্দৰ্ভত বাহিৰ কৰে এই সজাগতা ৰেলী ।

Awareness rally by small tea growers on the menace of use of banned chemical fertilisers
ক্ষুদ্ৰ চাহ খেতিয়কৰ সজাগতা ৰেলী (ETV Bharat Assam)

টীয়ক, ২৬ মে': টীয়কত ক্ষুদ্ৰ চাহ খেতিয়কে উলিয়ালে সজাগতা ৰেলী । সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত তথা টীয়ক আঞ্চলিক সমিতিৰ সহযোগত গুণগত কেঁচা চাহপাত উৎপাদনৰ বাবে শস্য সুৰক্ষা বিধি পালন কৰি আৰু ২০২৪ বৰ্ষৰ শস্য সুৰক্ষা বিধিৰ দ্বাৰা অনুমোদিত ঔষধ আৰু প্ৰয়োগৰ পৰিমাণৰ সন্দৰ্ভত এক সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰা হয় ।

ক্ষুদ্ৰ চাহ খেতিয়কৰ সজাগতা ৰেলী (ETV Bharat Assam)

অসমৰ ২০০ বছৰীয়া ঐতিহ্য বহন কৰা তথা অসমৰ অৰ্থনীতিত অধিক অৰিহণা আগবঢ়াই অহা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিভিন্ন সমস্যাৰ ওপৰত বিভিন্ন সময়ত চৰকাৰক অৱগত কৰি আহিছে । বিশেষকৈ চাহপাত নিলামৰ ক্ষেত্ৰত বা বজাৰ দখলৰ ক্ষেত্ৰত এক সু-ব্যৱস্থা তথা উচিত মূল্য, ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰা আদিবোৰৰ ক্ষেত্ৰত সন্থাটোৱে চৰকাৰৰ লগত আলোচনা কৰি আহিছে যদিও আজিও কোনো ধৰণৰ সুফল লাভ কৰা নাই ।

শেহতীয়াকৈ ৰাসায়নিক সাৰ প্ৰয়োগৰ নামত এইসকল ক্ষুদ্ৰ চাহ ব্যৱসায়ীক বৰ্তমান নানা অসুবিধাৰ সৃষ্টি কৰি আহিছে । একাংশ সাৰ প্ৰয়োগৰ পৰা বিৰত থাকিবলৈ চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই, এইসকল ব্যৱসায়ীয়ে আজি বহু বছৰ ধৰি চৰকাৰী আদেশ মানি অহাৰ পাছতো ফেক্টৰীসমূহে তথা চৰকাৰে এইক্ষেত্ৰত ব্যৱসায়ীসকলক প্ৰতি লোৱা এই পদক্ষেপ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি অৱগত কৰি বিশেষকৈ অনাগত দিনত এই ক্ষুদ্ৰ উদ্যোগটো জীয়াই ৰখাৰ স্বাৰ্থত চৰকাৰক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

বিগত দুবছৰ ধৰি সন্থাটোৱে এই সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে বুলি জাানিবলৈ দিয়ে সন্থাৰ বিষয়ববীয়াই । যাতে ফেক্টৰীসমূহে তেওঁলোকক অৱহেলা কৰাৰ কোনো অচিলা বিচাৰি নাপায় । লগতে বিগত বহু বছৰ ধৰি অসমৰ অৰ্থনীতিত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । গতিকে তেওঁলোকক এনেদৰে অৱহেলা কৰিলে ভৱিষ্যতে আন্দোলনৰ পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক: সংকটত চাহ উদ্যোগ; বটলিফ ফেক্টৰীৰ সিদ্বান্তত ক্ষুব্ধ ক্ষুদ্ৰ চাহ খেতিয়ক - Shut Down Tea Leaf Factories

কেঁচা পাত নলয় বটলিফ ফেক্টৰীয়ে: ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ - Assam Tea Industry

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.