ETV Bharat / state

মাৰ্চৰ প্ৰথম সপ্তাহত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী !

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 3:40 PM IST

Updated : Feb 16, 2024, 1:36 PM IST

Bir Lachit Barphukan
লাচিত মৈদামত

Assam CM in Teok : টীয়কৰ বীৰ লাচিত মৈদামত নিৰ্মীয়মান লাচিত প্ৰকল্প পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত প্ৰধানমন্ত্ৰীয়ে লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তিটো উন্মোচন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে ৷

টীয়কত মুখ্যমন্ত্ৰী শৰ্মা

টীয়ক, ১৫ ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে টীয়কৰ লাহদৈগড়ৰ হোলোঙাপাৰস্থিত লাচিত মৈদামত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ তাৰ পাচত মুখ্যমন্ত্ৰী শৰ্মাই বুজ লয় নিৰ্মাণৰত লাচিত মৈদাম সংস্কৃতিক প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ । লাচিতৰ মূৰ্তি নিৰ্মাণৰ কাম ইতিমধ্যে ৯০ শতাংশ সম্পূৰ্ণ হৈছে ৷ অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত লাহদৈগড়লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ তেতিয়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে এই প্ৰকল্পৰ শুভ উন্মোচন কৰিব ৷ এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লাহদৈগড় পৰিদৰ্শনৰ সময়ত অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে স্থানীয় কেইবাগৰাকীও বিধায়ক-নেতা উপস্থিত থাকি সহযোগিতা আগবঢ়ায় । ইপিনে সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ জনাই যে অসমখন চান্দা আৰু আন্দোলনৰ বাবে বহু পিচ পৰি আছে । কিন্তু বৰ্তমান ২০১৪ চনৰ পৰা ক্ৰমাৎ সেই অপ-সংস্কৃতি হ্ৰাস হৈছে ৷ সেয়ে অসমৰ বিভিন্ন স্থানত বৃহৎ বৃহৎ প্ৰকল্পৰ কাম চলাই অসমখনৰ ছবি অহা সময়ছোৱাত সলনি কৰি আৰু অধিক আকৰ্ষণীয় কৰি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইপিনে কংগ্ৰেছৰ নেতাই বিজেপিত যোগদান কৰাটো কোনো আচৰ্যজনক নহয় বুলি তেওঁ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘অনাগত দিনত ৰাজ্য তথা দেশৰ সৰ্বত্ৰ উন্নয়ন পৰিলক্ষিত কৰি সকলোৱে বিজেপি দলত যোগদান কৰিব’’ ৷ ইপিনে কংগ্ৰেছৰ ভাৰত জোড় ন্যায় যাত্ৰাত কংগ্ৰেছী মুৰব্বী ভূপেন বৰাই আঘাত পোৱা ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ভূপেন বৰাক ন্যায় দিবলৈ ৰাহুল গান্ধীক পুনৰ অসমলৈ মাতিব লাগিব ৷ সেয়ে ৰাহুল গান্ধীৰ প্ৰতি সন্মান জনাই এই মুহূৰ্তলৈকে উক্ত ঘটনাৰ তদন্তত জোৰ দিয়া নাই’’ ৷

ইপিনে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ লাহদৈগড়ৰ হোলোঙাপাৰৰ নাতি দূৰত্বত অনুষ্ঠিত হ’ব এক বিশাল জনসভা ৷ এই জনসভা সন্দৰ্ভত জিলাখনৰ বিভিন্ন দলীয় নেতা-কৰ্মীৰ সৈতে বাৰ্তালাপৰ কৰি মেলেং পথাৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : শ্যাম গাঁৱত জনজাতীয় খাদ্যৰ জুতি লৈ আপ্লুত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

Last Updated :Feb 16, 2024, 1:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.