ঢালিগাঁৱত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় চিলাৰায় দিৱস পালন
Assam Sahitya Sabha: চিৰাঙৰ ঢালিগাঁৱত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস পালন । জ্যোতিপ্ৰসাদ ৰাজখোৱাক বিশ্ব মহাবীৰ চিলাৰায় সন্মান প্ৰদান ।

Published : February 24, 2024 at 9:19 PM IST
চিৰাং, ২৪ ফেব্ৰুৱাৰী: অসম সাহিত্য সভাই চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত বঙাইগাঁও জিলা সাহিত্য সভাৰ সহযোগত আৰু ঢালিগাঁও শাখা সাহিত্য সভাৰ আতিথ্যত শনিবাৰে বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সংঘৰ প্ৰাংগনত ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই আঁতধৰা অনুষ্ঠানত পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে চিৰাং জিলা সাহিত্য সভাৰ সভাপতি হীৰালাল বায়নে ।
- " class="align-text-top noRightClick twitterSection" data="">
ইপিনে,পুৱা কবিতা পাঠৰ অনুষ্ঠানটো উদ্বোধন কৰে উপেন ৰায়ে আৰু সঞ্চালনা কৰে ড৹ মুনীন্দ্ৰ নাথ ঠাকুৰীয়াই । দুপৰীয়া অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹.উপেন্দ্ৰজিৎ শৰ্মাই আঁতধৰা সভাখন উদ্বোধন কৰে বঙাইগাঁও শোধনাগাৰৰ সঞ্চালক নয়ন কুমাৰ বৰুৱাই । সভাখনত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই । সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ চুমি কলিতাই । সভাত স্মাৰকগ্ৰন্থ "শ্ৰী শুক্লধ্বজ" উন্মোচন কৰে ড৹.ইন্দ্ৰজিৎ বেজবৰুৱাই । আন দুখন গ্ৰন্থ ক্ৰমে ৰোহিনী কুমাৰ চৌধুৰীৰ "মঘাইপৰীয়া মৌমেল" আৰু গীতাশ্ৰী ভাগৱতীৰ "কাব্য গ্ৰন্থ" উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹.সূৰ্যকান্ত হাজৰিকাই ।
ভাষণ প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই চিলাৰায় আৰু শংকৰদেৱৰ মধুৰ সম্পৰ্কৰ কথা ব্যাখ্যা কৰি বৃন্দাবনী বস্ত্ৰৰ ইতিহাস দাঙি ধৰে । এই দিৱসতে সভাই প্ৰথমবাৰৰ বাবে সাহিত্যিক জ্যোতিপ্ৰসাদ ৰাজখোৱালৈ "বিশ্ব মহাবীৰ চিলাৰায় সন্মান" আগবঢ়ায় । শাৰীৰিক অসুস্থতাৰ বাবে বঁটা প্ৰাপকগৰাকী উপস্থিত থাকিব নোৱৰাত তেওঁ প্ৰেৰণ কৰা লিখিত ভাষণ পাঠ কৰে প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই । তেওঁ কয় যে চিলাৰায় আমাৰ ভাষা-সাহিত্য -সংস্কৃতিৰ লগতে জাতীয় জীৱন প্ৰতিষ্ঠাৰ মহানায়ক । নৰনাৰায়ণ-চিলাৰায়ৰ অধ্যয়ন অবিহনে প্ৰাচীন অসমীয়া ভাষা-সাহিত্যৰ অধ্যয়নে পৰিপূৰ্ণতা লাভ কৰিব নোৱাৰে । মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ লগত নৰনাৰায়ণ আৰু চিলাৰায়ৰ জীৱনগাথা একেডাল সূতাৰে গঁথা । আমাৰ জাতীয় জীৱনৰ সম্প্ৰীতি প্ৰতিষ্ঠাৰ মানসেৰে বিশ্ব মহাবীৰ চিলাৰায় দিৱসটো উদ্যাপনৰ প্ৰয়াস কৰিছে অসম সাহিত্য সভাই ।
লগতে পঢ়ক:ন্যায্য় মৰ্যাদা আদায় কৰিবলৈ কোচ-ৰাজবংশীক ঐক্যবদ্ধ হ'বলৈ আহ্বান

