ন্যায্য় মৰ্যাদা আদায় কৰিবলৈ কোচ-ৰাজবংশীক ঐক্যবদ্ধ হ'বলৈ আহ্বান
Chilarai Divas 2024 : নগাঁৱত কোচ ৰাজবংশী সন্মিলনীৰ চিলাৰায় দিৱস উদযাপন । কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত পালন কৰা এই দিৱসত বক্তাসকলে চিলাৰায়ক ঐক্যবদ্ধ অসম নিৰ্মাণৰ বাবে অহোপুৰুষাৰ্থ কৰা এগৰাকী মহান সেনানায়ক আছিল বুলি মন্তব্য় কৰে ।

Published : February 24, 2024 at 6:55 PM IST

নগাঁও, ২৪ ফেব্ৰুৱাৰী: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো উদযাপন কৰা হয় বীৰ চিলাৰায় দিৱস । কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত উদযাপন কৰা হয় এই দিৱস । নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্য়োগত নগাঁৱৰ চিলাৰায় ভৱনত আয়োজিত এই দিৱসৰ মুকলি সভাত কোচ-ৰাজবংশীসকলক ন্যাৰ্য মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই । এনি কাকতিৰ কৃষ্ণ নৃত্যৰে আৰম্ভ হোৱা সভাখনি উদ্বোধন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই।
উক্ত সভাত সভাপতি পদুম ৰাজখোৱাই চিলাৰায়ক স্মৰণ কৰি কয়,"মহাবীৰ চিলাৰায় কেৱল বীৰত্বৰ প্ৰতীকেই নহয়, তেওঁ আছিল ঐক্যবদ্ধ অসম নিৰ্মাণৰ বাবে অহোপুৰুষাৰ্থ কৰা এগৰাকী মহান সেনানায়ক । আজি মহান বীৰ লাচিত বৰফুকনক উচিত সন্মান দিছে চৰকাৰে । এয়া প্ৰশংসনীয় । একেদৰে বীৰ চিলাৰায়কো যথাযোগ্য সন্মান দিব লাগে চৰকাৰে ।" অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ৰাজখোৱাই পুনৰ কয়,"যিখিনি সময়ত অসমত আহোমৰ ৰাজত্ব আছিল, সেইখিনি সময়ত অসমৰ পশ্চিম প্ৰান্তত চিলাৰায়ৰ প্ৰতাপেৰে শক্তিশালী হৈ আছিল কোচসকল । কিন্তু আজি কোচসকলকে জনজাতীয় মৰ্যাদা দিবলৈ গৈও বাৰম্বাৰ থমকি ৰৈছে কেন্দ্ৰীয় চৰকাৰ । এয়া অত্যন্ত পৰিতাপৰ কথা ।" তেওঁ কোচ-ৰাজবংশীসকলক ন্যয্য় মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ।
সভাখনত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই চিলাৰায়ৰ বীৰত্ব আৰু কোঁচ ৰাজ্যৰ শাসনৰ জয়গাথা বৰ্ণনা কৰে । তেওঁ চিলাৰায় লাচিতৰ দৰেই মহান বীৰ আছিল বুলি উল্লেখ কৰে । কোচ-ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকাই আঁত ধৰা সভাখনিত চিলাৰায়ৰ প্ৰশস্তিৰে অৰবিন্দ ডেকাৰ ৰচনা আৰু সুৰেৰে এটি গীত মুকলি কৰা হয় । সমাজসেৱক সুৰেশ বৰাই শুভেচ্ছামূলক ভাষণ দিয়া সভাত মহাবীৰ চিলাৰায়ৰ শৌৰ্য-বীৰ্য আৰু কোঁচসকলৰ ভূমিকা প্ৰসঙ্গত বক্তৃতা প্ৰদান কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি জইনুদ্দিন আহমেদ, অধ্যাপক ভৱানন্দ বৰা, কাছমাৰী গাঁও পঞ্চায়তৰ সভাপতি পংকজ বৰা, কবি লক্ষীপ্ৰসাদ ডেকা আৰু নৰেন ডেকাই ।
কোচ-ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি মনোজকুমাৰ শইকীয়া, উপ-সভাপতি প্ৰিয়নাথ বৰা ,কবিন্দ্ৰ ডেকা, চিলাৰায় দিৱস উদযাপন সমিতিৰ সভাপতি তুৱাৰাম বৰুৱা প্ৰমুখ্যে ডেৰ শতাধিক কোচ-ৰাজবংশীলোক উপস্থিত থকা সভাত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰভাত বৰাই বিশেষ বক্তৃতা প্ৰদান কৰে । তেওঁ কোঁচ-ৰাজবংশীসকলক চৰকাৰে সদায় কেৱল বঞ্চনা আৰু অৱহেলা কৰি আহিছে বুলি ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয় যে আজি বিভিন্ন জনগোষ্ঠীয় প্ৰতিনিধি চৰকাৰৰ অংশ হৈ আছে । কিন্তু বিধানসভা, লোকসভা ক'তোৱেই কোচ-ৰাজবংশীসকলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়া নাই চৰকাৰে । এয়া অতিশয় দুঃখজনক কথা । নিজৰ ন্যায্য় মৰ্যাদা আদায় কৰিবলৈ কোচ-ৰাজবংশীসকল ঐক্যবদ্ধ আৰু সংগঠিত হ'ব লাগিব বুলিও তেওঁ মন্তব্য দিয়ে ।
কবি মহেন্দ্ৰ হাজৰিকাই কবিতা পাঠ কৰা সভাত সদ্য ঘোষিত লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ আলোক ডেকা আৰু মঞ্জুশ্ৰী বৰাক সম্বৰ্ধনা জনোৱা হয় । লগতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ মাতু ডেকা, ললিতা ডেকা,দীপন্তি ৰাজবংশী, অৱসৰপ্ৰাপ্ত অভিযন্তা যাদৱ ডেকাকো সম্বৰ্ধনা জনোৱা হয় । উল্লেখ্য যে চিলাৰায় দিৱস উপলক্ষে পুৱা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ-সভাপতি তৰুণচন্দ্ৰ ডেকাই । ইপিনে,পতাকা উত্তোলন কৰে সভাপতি প্ৰভাত বৰাই । চিলাৰায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি তুৱাৰাম বৰুৱাই ।
লগতে পঢ়ক:মৰিগাঁৱত চিলাৰায় দিৱস উদযাপন: কোচ ৰাজবংশীক শীঘ্ৰে জনজাতিকৰণৰ দাবী

