ETV Bharat / state

অখিল গগৈৰ নামত কিয় সামাজিক মাধ্যমত পোষ্ট দিলে জি পি সিঙে ?

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 12:34 PM IST

Etv Bharat
Etv Bharat

Assam DGP on Akhil Gogoi : অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ এটা বিশেষ পোষ্ট ৷ বিধায়ক অখিল গগৈৰ নাম উল্লেখ কৰি কিয় সামাজিক মাধ্যমত পোষ্ট দিলে জি পি সিঙে ?

নগাঁও, 7 মাৰ্চ : বিধায়ক অখিল গগৈ সন্দৰ্ভত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমত দিয়ে এটা বিশেষ পোষ্ট । বিধায়ক অখিল গগৈক এটা বিশেষ আহ্বান জনাই সামাজিক মাধ্যমত পোষ্ট দিয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । বিধায়ক অখিল গগৈৰ এটা মন্তব্যত আঘাত পাইছে বুলিও পোষ্টটোত উল্লেখ কৰে অসম আৰক্ষীৰ মুৰব্বীগৰাকীয়ে ।

‘‘সন্মানীয় জনপ্ৰতিনিধি শ্ৰীযুত অখিল গগৈ ডাঙৰীয়া,

আপোনালৈ এটি বিনম্ৰ অনুৰোধ--মোৰ বৃত্তিগত কৰ্তব্য পালনৰ সৈতে আপুনি একমত নহ’ব পাৰে অথবা মতানৈক্য থাকিব পাৰে । এই ক্ষেত্ৰত আপোনাৰ নিজস্ব মত অথবা বিৰোধিতা সাব্যস্ত কৰিবৰ বাবে আইনী ব্যৱস্থাৰ লগতে আন বিকল্প গ্ৰহণৰো সুবিধা আছে। কিন্তু ইয়াৰ বিপৰীতে এই সন্দৰ্ভত আপুনি অনাকাংক্ষিত ভাৱে মোৰ প্ৰয়াত পিতৃ আৰু পূৰ্বপুৰুষৰ প্ৰসংগ টানি আনি অপমানসূচক মন্তব্য প্ৰকাশ কৰিছে ।

আপোনাৰ দৰে এজন সন্মানীয় জনপ্ৰতিনিধিৰ এনে গৰ্হিত কাৰ্য্যত মই গভীৰ আঘাত পাইছো । মোৰ বাবে ভগৱান সদৃশ প্ৰয়াত পিতৃ তথা পূৰ্বপুৰুষ সকলক অবাঞ্চিত বৃত্তিগত বিতৰ্ক আৰু ৰাজহুৱা বক্তব্য পৰা আঁতৰাই ৰাখিবলৈ আহ্বান জনালোঁ ।’’ - অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷

উল্লেখ্য যে, বুধবাৰে নগাঁও আদালতত এটা গোচৰৰ শুনানিত উপস্থিত হোৱাৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰি কেবাটাও মন্তব্য কৰিছিল বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । কেন্দ্ৰীয় চৰকাৰে কা বলৱৎ কৰাৰ কথা ঘোষণা কৰাৰ পিচত কা বিৰোধী আন্দোলন সন্দৰ্ভত এটা মন্তব্য কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ সেই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে তেওঁক তীব্ৰ কটাক্ষ কৰিছিল ।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ পিতৃৰ কথাও উল্লেখ কৰিছিল বিধায়ক অখিল গগৈয়ে । অখিল গগৈয়ে কৰা মন্তব্যক লৈ সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে তেওঁৰ এনে মন্তব্যত আঘাত পোৱা বুলি উল্লেখ কৰে অসম আৰক্ষীৰ মুৰব্বীগৰাকীয়ে ৷ ভৱিষ্যতে তেওঁ প্ৰয়াত পিতৃৰ কথা উল্লেখ নকৰিবলৈয়ো আহ্বান জনায় জি পি সিঙে ।

লগতে পঢ়ক : গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদ কোনেও বাৰণ কৰিব নোৱাৰে: অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.