ETV Bharat / state

10 দিনৰ বাবে পৰেশ বৰুৱা অসমলৈ আহক, ঘূৰি যাবলৈ মন নকৰিব : মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 2:28 PM IST

Updated : Mar 2, 2024, 2:49 PM IST

Assam CM on Paresh Baruah
আত্মনিৰ্ভৰ অসম হৈছে অসমীয়াৰ যুঁজ

Assam CM on Paresh Baruah : শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হয় আলোচনাপন্থী আলফাসকলৰ বিশেষ সভা ৷ এই সভাত উপস্থিত থাকি পৰেশ বৰুৱা অসমলৈ আহিবলৈ আহিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷

গুৱাহাটী, 2 মাৰ্চ : পুনৰ আলফা স্বাধীনক শান্তি আলোচনালৈ মাতিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আলফা (স্বা) প্ৰমুখ পৰেশ বৰুৱালৈ পুনৰ মুখ্যমন্ত্ৰী আহ্বান ‘‘পৰেশ বৰুৱা ডাঙৰীয়াই দহ দিনৰ বাবে ম্যানমাৰ এৰি অসমলৈ আহক । তাৰ পিচত তেখেতৰ অসম এৰি যাব মন নোযোৱা হ’ব । আজি অসমৰ পৰিৱেশ সলনি হ’ল । মই পৰেশ বৰুৱাক কেতিয়াবা ফোনত পালে কওঁ 80 দশক আৰু 2023 ইমান সলনি হ’ল যে ভাবিব নোৱাৰাকৈ পৰিৱৰ্তন হ’ল । অসমত এতিয়া জন আন্দোলনৰ প্ৰয়োজন ৷’’

তেওঁ কয়, ‘‘আলফাক সন্ত্ৰাসবাদী ক’লে মই নামানো, দেশ মাতৃক ভাল পোৱাটো মই সন্ত্ৰাসবাদ নকওঁ । আমি যি পাৰিছো সহায় কৰিছো আৰু কথা পাতি থাকিম কি কৰিব পাৰো । মই সদায় কওঁ পৰেশ বৰুৱাক আপুনি 10 দিনৰ বাবে অসমলৈ আহক, আপুনি আৰু ঘূৰি নাযাব । কেতিয়াবা দেখা পাওঁ, সংগঠন এৰি আহিও দুই এজনে বেয়া কামত এৰি অহা সংগঠনক সহায় কৰে । পুৰণা সদস্যসকলে সংগঠনক সহায় কৰা দেখিলে ভাবো এয়া ভাল কাম নহয় । মানুহ দুখন নাওত থাকিব নালাগে ।’’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘‘আমাৰ ৰাজ্যখন জন্মৰ পৰাই দেখিছো নগা বিদ্ৰোহ, মিজো বিদ্ৰোহ । ক’তো সমাধানৰ পথ দেখাই নাছিলো । দুটা তিনিটা বছৰত শান্তি অলপ দেখিছো । অস্ত্ৰৰ ঝনঝনানীত ৰাজ্যত শান্তি নহয় । আত্মনিৰ্ভৰ অসম হৈছে অসমীয়াৰ যুঁজ । ইয়াত অস্ত্ৰৰ ঝনঝনানী নহয় ।’’

উল্লেখ্য যে, আজি (শনিবাৰ) শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় আলোচনাপন্থী আলফাসকলৰ বিশেষ সভা ৷ এই সভাত উপস্থিতি থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ উপস্থিতিত প্ৰাক্তন আলফা সদস্য, সন্ত্ৰাস নিৰ্মূল অভিযানত আঘাত প্ৰাপ্তসকল, নিৰ্যাতিত পৰিয়াল আৰু নিৰুদ্দিষ্ট সদস্যৰ নিকটাত্মীয়সকলক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান । এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফাৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাক উদ্দেশ্য কৰি কেইবাটাও মন্তব্য আগবঢ়ায় ।

উল্লেখ্য যে, ইতিমধ্যেই আলোচনাপন্থী আলফা 44 বছৰজোৰা সংগ্ৰামৰ অন্তত ভংগ হৈছে ৷ কিন্তু এতিয়াও সাৰ্বভৌমত্বৰ দাবীত পৰেশ বৰুৱাৰ নেতৃত্বত আলফা (স্বা) অব্যাহত ৰাখিছে সশস্ত্ৰ সংগ্ৰাম ৷ কিন্তু মুখ্যমন্ত্ৰীৰ মতে, আলফা (স্বা)ক সন্ত্ৰাসবাদী আখ্যা দিয়াটো উচিত নহয় ৷

কাৰ্যত এনে কথাৰ দ্বাৰা স্পষ্ট যে আলফাৰ প্ৰতি সুৰ নৰম হৈছে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ ৷ অসমলৈ আহি পৰেশ বৰুৱাই শান্তি আলোচনাত যোগ দিয়ক তাৰ বাবেই আজিৰ অনুষ্ঠানত একপ্ৰকাৰ বাৰ্তা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : এতিয়াৰে পৰা অসমৰ মূৰত অতিৰিক্ত 4546.74 কোটি টকাৰ ঋণৰ বোজা

Last Updated :Mar 2, 2024, 2:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.