ETV Bharat / state

'কা' বিৰোধী আন্দোলনকাৰীৰ ওপৰত নিৰ্যাতন নচলাব: ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 10:09 PM IST

Updated : Mar 13, 2024, 6:27 AM IST

CAA rules: দেশজুৰি কা বিধি বলৱৎ কৰাক লৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ দল ৷ 'কা'ৰ বিৰুদ্ধে ৰাজপথৰ সংগ্ৰামৰ লগতে আইনী যুঁজ আৰু ভোটৰ যুঁজ চলোৱাৰ কথা ব্যক্ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ৷ অসমৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধ হৈ 'কা' বিৰোধী আন্দোলনত অৱতীৰ্ণ হোৱাৰ বাবে আহ্বান বৰাৰ ।

apcc president bhupen borah
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

গুৱাহাটী, ১২ মাৰ্চ: নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' সংবিধান বিৰোধী । কংগ্ৰেছ দলে সদায়ে 'কা'ৰ বিৰোধিতা কৰি আহিছে আৰু কৰি যাব । এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । মঙলবাৰে দিল্লীত এখন সংবাদমেল সম্বোধন কৰি 'কা'ৰ প্ৰসংগত ভূপেন বৰাই এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

উল্লেখ্য যে সোমবাৰে বলৱৎ কৰা হয় 'কা'ৰ অধিসূচনা আৰু লগে লগে পুনৰ উত্তাল হৈ পৰিছে ৰাজ্য । 'কা'ৰ প্ৰসংগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে কৰা মন্তব্যৰ সন্দৰ্ভত ভূপেন বৰাই কয় যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত ১৯৭১ চনৰ পাচৰ আৰু এজনো বিদেশীৰ বোজা অসমে ল'ব নোৱাৰে বুলি কৈছিল । সেইদৰে বিজেপিৰো শ্ল'গান আছিল যে বিজেপি আহিব আৰু বিদেশী যাব ।

আনহাতে জনগাঁথনিৰ কাঠামোৰ দিশৰ পৰা অসম দেশৰ ভিতৰতে শীৰ্ষত আছে । জনসংখ্যাৰ ফালৰ পৰা অসমে আৰু বোজা বহন কৰিব নোৱাৰে । তেনেস্থলত একমাত্র ৰাজনৈতিক উদ্দেশ্যৰ বাবে বিজেপি চৰকাৰে 'কা'খন বলৱৎ কৰাৰ অধিসূচনা জাৰি কৰিছে । তেওঁ কয় যে ভোটৰ অংকত বিজেপিয়ে জাতি ধ্বংস কৰিব বিচাৰিছে । ইয়াৰ তীব্ৰ বিৰোধিতা কৰি কংগ্ৰেছ দলে ৰাজ্যজুৰি আন্দোলন কৰিছে । ১৬টা বিৰোধী ৰাজনৈতিক দলে আজি সৰ্বাত্মক হৰতাল কাৰ্যসূচী ৰূপায়ন কৰিছে ।

আন্দোলন আৰু দীঘলীয়া হ'ব বুলি সদৰী কৰি তেওঁ কয় যে আৰক্ষীয়ে আজি তেওঁলৈ এখন জাননী জাৰি কৰি আন্দোলনটো অবৈধ বুলি কৈছে । এই সন্দৰ্ভত তেওঁ কয় যে সৰ্বাত্মক হৰতাল অবৈধ বুলি আইনৰ ক'তো লিখা নাই । আনহাতে মুখ্যমন্ত্রীয়ে আন্দোলন কৰিলে ৰাজনৈতিক দলৰ স্বীকৃতি বাতিল কৰাৰ বাবে নিৰ্বাচন আয়োগলৈ লিখিব বুলি কৈ ভাবুকি প্ৰদান কৰিছে । চৰকাৰখনে ৰাইজক বিভ্ৰান্ত কৰাৰ বাবে আৰু সংগঠনসমূহক ভয়-ভাবুকি প্ৰদানৰ বাবে এনেদৰে আইনত নথকা কথা কৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয় যে আমি শান্তিপূৰ্ণ আন্দোলন কৰিম । আন্দোলনকাৰীৰ ওপৰত যাতে কোনো ধৰণৰ আক্ৰমণ নহয় তাৰবাবে আৰক্ষীৰ প্ৰতি তেওঁ আহ্বান জনায় । আন্দোলনকাৰীৰ নিৰাপত্তা সুনিশ্চিত হোৱাৰ বাবে অসম আৰক্ষীয়ে দায়িত্ব ল'ব লাগিব বুলি সদৰী কৰি তেওঁ দায়িত্ব ন'ললে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে । বৰাই লগতে ৰাজ্যৰ 'কা' বিৰোধী সকলো দল আৰু সংগঠনকে ধৰি সকলোকে পৃথকে পৃথকে আন্দোলন কৰাৰ বিপৰীতে একেলগে আন্দোলন কৰাৰ বাবে আহ্বান জনায় । অসমৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধ হৈ 'কা' বিৰোধী আন্দোলনত অৱতীৰ্ণ হোৱাৰ বাবে তেওঁ আহ্বান জনায় । তেওঁ লগতে কয় যে 'কা'ৰ বিৰুদ্ধে ৰাজপথৰ সংগ্ৰামৰ লগতে আইনী যুঁজ আৰু ভোটৰ যুঁজ চলিব । 'কা'ৰ বিৰুদ্ধে তিনিধৰণে যুঁজ চলিব ।

লগতে পঢ়ক: আজিৰে পৰা দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন-2019

Last Updated : Mar 13, 2024, 6:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.