ETV Bharat / state

মজুৰি দিব নোৱাৰিলে মাননি বৃদ্ধি কৰাৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 3:49 PM IST

anganwadi-workers-protest-in guwahati
নায্য প্ৰাপ্তিৰ দাবী

Anganwadi workers protest: ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে । বৃহস্পতিবাৰে চচলত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাক কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, মাননিৰ সলনি মজুৰি দিব নোৱৰালৈকে মাননি বৃদ্ধি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে ৷

প্ৰতিবাদকাৰীৰ ভাষ্য

গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী : প্ৰতিবাদ কৰিছেহে কৰিছে কিন্তু আজিলৈকে দৰ্শন নিদিলে মুখ্যমন্ত্ৰীয়ে ৷ এতিয়ালৈকে বিভিন্ন দাবী সম্বলিত কিমানখন যে স্মাৰকপত্ৰ গ’ল তাৰো হিচাপ নাই ৷ কিন্তু কোনো সদুত্তৰ নাহিল ৰাজ্যৰ বৰমূৰীয়াৰ তৰফৰ পৰা ৷ কোঁচত সন্তান লৈ আহিও প্ৰতিবাদ কৰিছে অংগনৱাড়ী কৰ্মী-সহায়িকা তথাপিও মুখ্যমন্ত্ৰীৰ সময় নাই এইসকল প্ৰতিবাদকাৰীক সঁহাৰি জনাবলৈ ৷

বৃহস্পতিবাৰে মাননি বৃদ্ধিৰ দাবীকে ধৰি চৰকাৰী বঞ্চনাৰ প্ৰতিবাদত অংগনৱাড়ী কর্মী-সহায়িকাসকলে প্ৰতিবাদেৰে উত্তাল কৰিলে চচলৰ ধৰ্ণাস্থলী । নিজৰ সুৰক্ষা প্ৰতি গুৰুত্ব আৰোপ নকৰি কণমানি সন্তানক লগত লৈ প্ৰাপ্য অধিকাৰ বিচাৰি আজি চতুৰ্থ দিনাও অংগনৱাড়ী কর্মী-সহায়িকাসকলে অব্যাহত ৰাখে প্ৰতিবাদী কাৰ্যসূচী ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অংগনৱাড়ী কর্মী-সহায়িকাসকলে নায্য প্ৰাপ্তিৰ দাবী তুলি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে । অসম ৰাজ্যিক অংগনৱাড়ী কর্মী-সহায়িকা সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কার্যসূচীত অসমৰ বিশিষ্ট ট্ৰেড ইউনিয়নৰ নেতাসকলেও অংশগ্ৰহণ কৰে ।

আজিৰ এই প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে কয়, ‘নায্য প্ৰাপ্তিৰ দাবীত বিগত কেইবামাহ ধৰি বিভিন্ন কাকুতি-মিনতি, আন্দোলন-সংগ্ৰাম আদি কৰি অহাৰ পিচতো বিজেপি চৰকাৰে আমাৰ কোনো দাবীৰ প্ৰতি সঁহাৰি জনোৱা নাই ।’ অংগনবাড়ী কর্মী-সহায়িকাসকলে তৃণমূল পর্যায়ত ৰাজ্যখনত বিভিন্ন গুৰুত্বপূর্ণ সেৱা আগবঢ়াই থকাৰ উপৰিও বি এলঅ’, পোষণ টেকাৰ, অৰুণোদয়, পলিঅ’, আয়ুষ্মানকে ধৰি ৰাজ্য চৰকাৰৰ বহুকেইখন গুৰুত্বপূর্ণ আঁচনিৰ সফল ৰূপায়ণত ব্ৰতী থকাৰ পিচতো অংগনৱাড়ী কর্মী-সহায়িকাক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰাত আক্ষেপ প্ৰকাশ কৰে তেওঁলোকে । আজি প্ৰতিবাদকাৰীসকলে চৰকাৰক অনতিপলমে কৰ্মী-সহায়িকাক স্বীকৃতি প্ৰদান কৰাৰ বাবে দাবী জনায় ।

লগতে পঢ়ক : অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মুখত বিজেপি চৰকাৰ গ’ বেক ধবনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.