ETV Bharat / state

অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মুখত বিজেপি চৰকাৰ গ’ বেক ধবনি

Anganwadi workers protest : ৰাজ্যৰ মুখ্যমন্ত্ৰীক বাদ দি সকলোৱে অনুভৱ কৰিছে অংগনৱাড়ী কৰ্মী-সহায়িকাৰ দুখ ৷ ইমান কম মাননিত আজিৰ দিনত চলেনে এখন ঘৰ ? অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰশ্ন ৷

Anganwadi workers protest in dhemaji
উত্তাল প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : February 16, 2024 at 4:45 PM IST

2 Min Read
Choose ETV Bharat
অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ক্ষোভ

ধেমাজি, 16 ফেব্ৰুৱাৰী : শুকুৰবাৰে অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদত কঁপিল ধেমাজি ৷ সমস্ত কামৰ বোজা এই অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ওপৰত জাপি দি কামৰ বিনিময়ত উপযুক্ত ধন আদায় নিদিয়াকৈ চৰকাৰ কেনেকৈ আছে বুলি আজি প্ৰতিবাদকাৰী মহিলাই ক্ষোভ উজাৰে ৷ স্বাস্থ্য বিভাগৰ মিটিং, পঞ্চায়তৰ মিটিং সকলোতে যিকোনো ধৰণৰ কামৰ বাবে অংগনৱাড়ী কৰ্মী-সহায়িকাই কাম কৰিবগৈ লাগে, কিন্তু কামৰ বিনিময়ত পাবলগীয়া মজুৰি তেওঁলোকে নাপায় ৷

শিশু আৰু মহিলা কল্যাণ বিভাগে দিয়া অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱক বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান এতিয়াও কৰা নাই ৷ যিসময়ত ৰাজ্যত হাজাৰ হাজাৰ যুৱক-যুৱতীক চৰকাৰী সংস্থাপন দি কামৰ বাবদ প্ৰতিমাহে মোটা পৰিমাণৰ দৰমহাৰ সুবিধা প্ৰদান কৰা হৈছে, তেনে সময়ত নামমাত্ৰ দৰমহা আদায় দি এটা মাহত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পৰা চৰকাৰে আদায় কৰি আহিছে বুজন পৰিমাণৰ কাম !

চৰকাৰৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে গৰজি উঠিছে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকল ৷ সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে, মাননি বৃদ্ধি কাৰ্যকৰীকৰণৰ দাবীত ধেমাজিতো ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা অসহযোগ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ধেমাজি জিলা সমিতিৰ প্ৰতিবাদীসকলে ৷ আজি শুকুৰবাৰে ধেমাজি জিলাৰ মাছখোৱা প্ৰকল্পৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে ৷

মাননি সলনি মজুৰি দিয়ক, কামৰ বোজা বন্ধ কৰক, বিজেপি চৰকাৰ লেই লেই ছেই ছেই, বিজেপি চৰকাৰ গ’ বেক, অসম চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী উদাত্ত শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলী কঁপাই তোলে ৷

লগতে পঢ়ক : অব্যাহত অংগনবাড়ী কৰ্মীৰ প্ৰতিবাদ