ETV Bharat / state

অব্যাহত অংগনবাড়ী কৰ্মীৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 2:00 PM IST

Anganwadi workers protest: মহানগৰীৰ উজান বজাৰস্থিত শিশু আৰু মহিলা কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ । শিশু আৰু মহিলা কল্যাণ বিভাগৰ প্ৰস্তাৱক বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ । শীঘ্ৰেই তেওঁলোকক উচিত মাননি প্ৰদান দাবী জনায় ।

Anganwadi workers continue to protest in Guwahati
অব্যাহত অংগনবাড়ী কৰ্মীৰ প্ৰতিবাদ
অব্যাহত অংগনবাড়ী কৰ্মীৰ প্ৰতিবাদ

গুৱাহাটী, ২ফেব্ৰুৱাৰী : শিশু আৰু মহিলা কল্যাণ বিভাগে দিয়া অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱক বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত দ্বিতীয় দিনাও প্ৰতিবাদ সাব্যস্ত কৰে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে । শুকুৰবাৰে পুৱা উজান বজাৰস্থিত শিশু আৰু মহিলা কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত শ শ অংগনৱাড়ী কৰ্মী-সহায়িকা মিলিত হয় আৰু বিক্ষোভ প্ৰদৰ্শন কৰে ।

অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা কাৰ্যসূচীত সংগঠনটোৰ ৰাজ্যিক সভানেত্ৰী জয়মতি দাস, সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰকে ধৰি কেইবাগৰাকীও নেত্ৰীয়ে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে কয় সমগ্ৰ দেশৰ লগতে অসমতো ৰূপায়ণ হৈ থকা সংহত শিশু বিকাশ আঁচনি (ICDS )মানৱ সম্পদ বিকাশৰ বুনিয়াদী ভেঁটি গঢ়ি তোলাৰ বাবে অতি জৰুৰী এখন আঁচনি ।

এই কথা অসম চৰকাৰেও প্ৰতিটো প্ৰাসংগিক অনুষ্ঠানতে ব্যক্ত কৰি আহিছে । পিচে অতি পৰিতাপৰ বিষয় হ'ল সেই আঁচনি ৰূপায়ণৰ তৃণমূল পৰ্যায়ত ৰাজ্যখনত সেৱা আগবঢ়াই থকা ১ লাখ ২১ হাজাৰৰ অধিক কৰ্মী, মিনি কৰ্মী তথা সহায়িকাসকলক ন্যূনতম বুনিয়াদী প্ৰয়োজনীয় পাৰিশ্ৰমিক পৰ্যন্ত সঠিকভাৱে আদায় নাপায় । কামৰ বোজা প্ৰতিদিনে বৃদ্ধি পাই আছে । চৰকাৰৰ বিভিন্ন বিভাগৰ আচঁনি ৰূপায়ণৰ তৃণমূল স্তৰৰ সংগঠক হ'ল অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকল ।

কিন্তু কামৰ বোজা বহন কৰিও পাৰিশ্ৰমিক হিচাপে আজিৰ সময়ত এগৰাকীয়ে কৰ্মীয়ে মাহিলী লাভ কৰে মাত্ৰ ৬৫০০ টকা আৰু সহায়িকাগৰাকীয়ে লাভ কৰে মাত্ৰ ৩২৫০ টকা আনহাতে মিনি কৰ্মী এগৰাকীয়ে মাহিলী মাত্ৰ ৪৭৫০ টকা মাননি লাভ কৰে । এই সামান্য মাননিৰে বৰ্তমানৰ বজাৰত নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰি জীৱন নিৰ্বাহ কৰাতো কিমান কঠিন হ'ব পাৰে, সেয়া সহজে অনুমেয় ।

এনে পৰিপ্ৰেক্ষিতত অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে বিভিন্ন সময়ত বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে । কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধিৰ বাবে যোৱা অক্টোবৰতে সমাজ কল্যাণ বিভাগে কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধিৰ বাবে অসম চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰে । কিন্তু বৰ্তমানেও সেই প্ৰস্তাৱৰ ওপৰত কোনো গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰৰ পৰা পুনৰ এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে আৰু মাননি বৃদ্ধিৰ প্ৰস্তাৱ মিমাংসা নোহোৱালৈ ধাৰাবাহিকভাৱে এই আন্দোলন চলিব বুলি সংগঠনটোৰ কৰ্মীসকলে উল্লেখ কৰে ।

লগতে পঢ়ক: মধ্যাহ্ন ভোজনৰ দাবীত কণ কণ শিক্ষাৰ্থীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.