ETV Bharat / state

গৃহ জিলাত অজন্তা নেওগ মুৰ্দাবাদ ধ্বনি; অংগনৱাড়ী সহায়িকা-কৰ্মীৰ উত্তাল প্ৰতিবাদ

Anganwadi Protest in Golaghat : মন্ত্ৰী অজন্তা নেওগৰ গৃহ জিলাত অজন্তা নেওগ মুৰ্দাবাদ ধ্বনি । নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ । হাজাৰ হাজাৰ অংগনবাড়ী সহায়িকা আৰু কৰ্মীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত ।

গোলাঘাটত অংগনৱাড়ী সহায়িকা-কৰ্মীৰ উত্তাল প্ৰতিবাদ
গোলাঘাটত অংগনৱাড়ী সহায়িকা-কৰ্মীৰ উত্তাল প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : March 1, 2024 at 5:22 PM IST

2 Min Read
Choose ETV Bharat
গোলাঘাটত অংগনৱাড়ী সহায়িকা-কৰ্মীৰ উত্তাল প্ৰতিবাদ

গোলাঘাট, ১ মাৰ্চ : নিজৰ প্ৰাপ্য বিচাৰি গোলাঘাটৰ ৰাজপথত হাজাৰ হাজাৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ উত্তাল প্ৰতিবাদ । গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত প্ৰায় চাৰি হাজাৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা গোলাঘাট জিলাৰ সকলো অংগনৱাড়ী কেন্দ্ৰ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত শুকুৰবাৰে গোলাঘাটৰ ৰাজপথত এনেদৰে ওলাই আহে হাজাৰ হাজাৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকা ।

তেওঁলোকৰ অভিযোগ যে অসম চৰকাৰৰ বিত্ত আৰু মহিলা তথা শিশু কল্যাণ বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক অজন্তা নেওগে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ যি প্ৰাপ্য সেয়া সন্মান সহকাৰে প্ৰদান কৰিব বুলি ভাবিছিল যদিও তাত ব্যৰ্থ হৈছে । ইয়াৰ উপৰি অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে গৰ্ভৱতী মহিলাৰ পৰা ৬ বছৰৰ বয়সলৈকে শিশুসকলক লালন-পালন কৰিবলগীয়া হোৱাৰ লগতে বিভিন্ন চৰকাৰী কামত ব্যৱহাৰ কৰা হয় ।

যিসময়ত ৰাজ্য চৰকাৰে অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে ৩ কোটিৰো অধিক ধন খৰচ কৰিছে, তেনে সময়তে অংগনৱাড়ী কৰ্মী আৰু সহায়িকা বাবে মাত্ৰ ৬ হাজাৰ ৪০০ টকা মাননি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আনহাতে, প্ৰতিবাদকাৰীৰ বিত্ত মন্ত্ৰী অজন্তা নেওগলৈ মুকলি প্ৰশ্ন, ৬,৪০০ টকাত এটা পৰিয়াল চলাব পাৰিব নেকি । লগতে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাক প্ৰদান কৰা ইউনিফৰ্মৰ নামতো দুৰ্নীতিৰ অভিযোগ প্ৰতিবাদকাৰীৰ ।

তেওঁলোকে অভিযোগ কৰি কয় যে অতি নিম্ন মানদণ্ডৰ কাপোৰ দি ঠিকাদাৰসকলে বিয়াগোম দুৰ্নীতিৰ আশ্ৰয় লৈছে । বহু দিনৰ পৰা অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী জনাই আহিছে যদিও বৰ্তমানলৈকে এই ক্ষেত্ৰত কোনো বাস্তৱ প্ৰদক্ষেপ গ্ৰহণ কৰা নাই এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে । যাৰ উত্তৰ সমাগত লোকসভা নিৰ্বাচনত দিবলৈ সাজু হৈছে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে ।

উল্লেখ্য যে গোলাঘাট জিলাৰ প্ৰায় চাৰি হাজাৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ পৰিয়ালৰ লোকে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে । লগতে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ যদি অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ প্ৰতি সহানুভূতি থাকিলহেঁতেন তেন্তে বিধানসভাৰ বাজেটত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে মাত মাতিলেহেঁতেন বুলিও উল্লেখ কৰে । কিন্তু তেওঁ সেই কাম নকৰি আনৰ ওপৰত দোষ জাপি নিজৰ দায়িত্ব সামৰিলে বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে ।

লগতে পঢ়ক :নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে KMSS আৰু SMSS ৰ প্ৰতিবাদ