ETV Bharat / state

কলগাছিয়াত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

Anganwadi Workers Protest: সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননি বৃদ্ধি কাৰ্যকৰীকৰণৰ দাবীত ৰাজ্যজোৰা সংহতি দিৱস উপলক্ষে CITU ৰ উদ্যোগত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ সহযোগত আন্দোলনৰ কাৰ্যসূচী । কলগাছিয়া চাৰিআলিৰ পৰা বৃহৎ ৰেলী উলিয়াই চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ ।

Anganwadi Workers Helpers Protest
কলগাছিয়াত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : March 6, 2024 at 10:00 PM IST

2 Min Read
Choose ETV Bharat
কলগাছিয়াত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

কলগাছিয়া,৬ মাৰ্চ: শিশু আৰু মহিলা কল্যাণ বিভাগে দিয়া অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱক বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বৰপেটা জিলাতো অবিৰতভাৱে ৰূপায়ণ হৈ আছে প্ৰতিবাদী কাৰ্যসূচী ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাজ্যজোৰা অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ন্যাৰ্য দাবী মানি লোৱাৰ বাবে CITU ৰ উদ্যোগত আন্দোলনৰ কাৰ্যসূচী হাতত লয় । আন্দোলনকাৰীসকলে কলগাছিয়া চাৰিআলিৰ পৰা ৰেলী উলিয়াই বিক্ষোভ কাৰ্যসূচীৰ সমৰ্থনত বুধবাৰে বিয়লি CITU ৰ উদ্যোগত ওলাই আহে প্ৰায় পাঁচ শতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকা ।

ন্যূনতম মাননিৰ বিনিময়ত বছৰ বছৰ ধৰি কাম কৰি অহা অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক বঞ্চিত কৰি সঞ্চালকালয়ৰ প্ৰস্তাৱ অনুসৰি মাননি বৃদ্ধি কাৰ্যকৰীকৰণৰ দাবীত ৰূপায়ণ কৰা হয় এই অসহযোগ আন্দোলনৰ কাৰ্যসূচী । সমস্ত বকেয়া মাননি শীঘ্ৰে মোকলাই দিয়া, চৰকাৰৰ ন্যূনতম মজুৰি আইনৰ আধাৰত মাননি নিৰ্ধাৰণ কৰা, কামৰ নিৰাপত্তা, পেঞ্চন, চিকিৎসা সাহায্যকে ধৰি সামাজিক সুৰক্ষা ব্যৱস্থা কৰা আৰু মাননি মাহৰ প্ৰথম সপ্তাহতে আদায় দিয়া দাবীৰে প্ৰায় পাঁচ শতাধিক কৰ্মীয়ে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।

কৰ্মীসকল একত্ৰিত হৈ তেওঁলোকৰ দাবী সম্বলিত শ্ল'গানেৰে কলগাছিয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে । আনহাতে CITU ৰ বিভিন্ন সংগঠনে সমাবেশ কৰি অংগনৱাড়ী কৰ্মী-সহায়িকাৰ দাবী মানি লোৱাৰ সমৰ্থন জনায় কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে দাবীসমূহ মানি লোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । যদি দাবী মানি নলয় অনিৰ্দিষ্টকালৰ বাবে আন্দোলনৰ কাৰ্যসূচী চলাই যাব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: অব্যাহত অংগনবাড়ী কৰ্মীৰ প্ৰতিবাদ