আছুৱে পিছুৱালে CAA বিৰোধী আন্দোলন
CAA Protest in Assam: পিছুৱাই দিয়া হ'ল CAA বিৰোধী প্ৰতিবাদ । সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদৰ অনুৰোধৰ প্ৰতি সন্মান জনাই আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচনৰ প্ৰতি শ্ৰদ্ধা জনাই CAA বিৰোধী আন্দোলন পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আছুৱে ।

Published : March 7, 2024 at 12:28 PM IST
গুৱাহাটী,৭ মাৰ্চ: জাতীয় বীৰ লাচিত বৰফুকনৰ সৰ্বোচ্চ প্রতিমূর্তি উন্মোচন উপলক্ষে সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদে কৰা অনুৰোধৰ প্ৰতি সন্মান জনাই অহা ৯ মাৰ্চত সদৌ অসম ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা CAA বিৰোধী প্রতিবাদী কাৰ্যসূচী ১০ মাৰ্চত ৰূপায়ণ কৰা হ'ব ।
১০ মাৰ্চত পুৱা ছয় বজাৰপৰা সন্ধিয়া ছয় বজালৈ প্ৰতিখন জিলা সদৰত ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি আছুৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক বিবৃতিযোগে সদৰি কৰে । উল্লেখ্য যে CAA ৰ বিৰুদ্ধে এই জাতীয় জনগোষ্ঠীয় সংগঠনকেইটাই অহা ৮ মাৰ্চৰ পৰা ধাৰাবাহিকভাৱে ৰাজ্যজুৰি আন্দোলন গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । যোৱা ২৯ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

উল্লেখযোগ্য যে ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ এখন জৰুৰী সভা গুৱাহাটীত অনুষ্ঠিত হৈছিল । এই সভাৰ অন্তত আয়োজিত সংবাদমেলত ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্যসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই স্পষ্ট ভাষাৰে কৈছিল যে পূৰ্বোত্তৰৰ জনসাধাৰণে CAA মানি লোৱা নাই আৰু কাহানিও মানি নলয় । ইয়াৰ বিৰুদ্ধে ছাত্ৰ সন্থাসহ পূৰ্বোত্তৰৰ বিভিন্ন সংগঠন ন্যায়ালয়ৰ কাষ চাপিছে ।
৯ মাৰ্চত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচনৰ প্ৰতি শ্ৰদ্ধা জনায়ো CAA আইন জাপি দি সংগঠনকেইটাই অঞ্চলটোৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি কৰা চূড়ান্ত অন্যায়-অবিচাৰৰ প্ৰতিবাদত প্ৰতিখন জিলাৰ সদৰ স্থানত পুৱা ৬ বজাৰপৰা সন্ধিয়া ৬ বজালৈ ১২ ঘণ্টীয়া অনশন ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি তেওঁলোকে সদৰি কৰিছিল । কিন্তু এতিয়া আকৌ পিছত এই ক্ষেত্ৰত সংগঠনকেইটাই সিদ্ধান্ত সলনি কৰা পৰিলক্ষিত হয় ।
উল্লেখ্য যে ৮ মাৰ্চত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । অহা ৮ মাৰ্চৰ নিশা প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাত নিশা কটাব । পিছদিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব । প্ৰধানমন্ত্ৰী মোডীয়ে ৯ মাৰ্চত যোৰহাটৰ হোলাঙাপাৰস্থিত লাচিত মৈদামত অসম চৰকাৰৰ দ্বাৰা নিৰ্মিত লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ সৰ্ববৃহৎ বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব । তাৰ পিছত দিনৰ ২ বজাত যোৰহাটত এখন জনসভা সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: কা আহিলে ভোট নিদিব, ময়ো নিদিও : জুবিন গাৰ্গ

