ETV Bharat / state

সুখ্যাতিৰে পৰীক্ষাত উৰ্ত্তীণ হ‘ল ৰমেন; কিন্তু জীয়াই নাথাকিল ফলাফল শুনিবলৈ - Assam HS Result 2024

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 5:14 PM IST

Updated : May 9, 2024, 5:46 PM IST

Assam HS Result 2024: সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলে অধিক শোকস্তব্ধ কৰি তুলিছে এটা পৰিয়ালক । ৮৮ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা পুত্ৰৰ ফলাফল লাভ কৰি কান্দোনত ভাগি পৰিছে পৰিয়ালটো । কাৰণ জানিলে শোকস্তব্ধ হৈ পৰিব আপুনিও ।

a meritorious student shines in hs examination results but only after passing away
ফলাফল ঘোষণাৰ চাৰিদিন পূৰ্বেই ইহসংসাৰ ত্যাগ কৰিলে মেধাৱী ছাত্ৰই (ETV Bharat Assam)

নগাঁও,৯ মে': বৃহস্পতিবাৰে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ তিনিটা শাখাৰ ফলাফল । এই ফলাফলে বহু পৰিয়ালৰ মাজত বোৱাইছে আনন্দৰ বন্যা । পূৰ্বৰ দৰে স্থানপ্ৰাপ্তৰ নাম ঘোষণা নকৰিলেও এইবাৰৰ ফলাফলকলৈ সুখী শিক্ষাৰ্থীসকল । পিছে এই আনন্দ-উল্লাসৰ মাজতে এগৰাকী ছাত্ৰৰ উন্নত ফলাফলে অধিক ম্ৰিয়মান কৰি তুলিছে এটা পৰিয়ালক । ৮৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নিজৰ ফলাফল ল'বলৈ এইখন পৃথিৱীত নাই ছাত্ৰগৰাকী ।

পৰিয়ালটো নগাঁও জিলাৰ কঠীয়াতলিৰ নাৰায়ণ চৰকাৰৰ । নিয়তিৰ নিষ্ঠুৰ পৰিহাস । উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ মাত্ৰ চাৰি দিন পূৰ্বে এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল কঠীয়াতলিৰ নাৰায়ণ সৰকাৰ আৰু অনুপমা সৰকাৰৰ পুত্ৰ ৰমেন বিশ্বাসে । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৰমেন বিশ্বাস । অপেক্ষাৰ অন্তত আজি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল যদিও নিজৰ ফলাফল লাভ কৰাৰ পূৰ্বেই ইহসংসাৰ ত্যাগ কৰে ৰমেন বিশ্বাসে ।

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৫ টা বিষয়ত লেটাৰ নম্বৰসহ ৮৮ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় চাৰিদিন পূৰ্বে মৃত্যু হোৱা ৰমেন বিশ্বাসে । পুত্ৰ ৰমেন বিশ্বাসৰ এই ফলাফল লাভ কৰাৰ পাছতেই শোকস্তব্ধ পৰিয়ালটো আৰু অধিক শোকত ম্ৰিয়মান হৈ পৰে । পুত্ৰ হেৰুৱাৰ বেদনাই পিতৃ মাতৃৰ বুকত খুন্দিয়াই থকাৰ সময়তেই হেৰুওৱা পুত্ৰৰ উন্নত ফলাফলে এতিয়া শোকস্তব্ধ কৰি তুলিছে পৰিয়ালটোক । প্ৰয়াত ছাত্ৰ ছাত্ৰগৰাকীৰ এনে ফলাফলে সমগ্ৰ অঞ্চলবাসীকে কৰি তুলিছে ম্ৰিয়মান ।

লগতে পঢ়ক: অসম জাতীয় বিদ্যালয়ৰ ফলাফল সন্তোষজনক : ৰাজনীতি বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ - Assam HS Result 2024

100% উত্তীৰ্ণৰ হাৰ : উৎফুল্লিত নলবাৰীৰ অসম ভেলী একাডেমী জুনিয়ৰ কলেজ - Assam HS Result 2024

ইতিহাস হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থানৰ প্ৰসংগ; স্থান প্ৰাপক অবিহনে ওলাল ফলাফল - Assam HS Result 2024

Last Updated : May 9, 2024, 5:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.