ETV Bharat / state

অসমত দহ হেজাৰ অধিবক্তাই মোদীৰ এম্বেচাদৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ

Advocates Conference :লখিমপুৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত আজি ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ লখিমপুৰ জিলা আইন কোষৰ দ্বাৰা এখন অধিবক্তা সন্মিলন । দুই শতাধিক অধিবক্তাই অংশগ্ৰহণ কৰে সভাখনত ।

Lok Sabha elections 2024
লখিমপুৰ জিলা ভাৰতীয় জনতা পাৰ্টী
author img

By ETV Bharat Assamese Team

Published : March 17, 2024 at 10:53 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ, ১৭ মাৰ্চ: মোদী এম্বেচাদৰ হিচাপে দহ হাজাৰ অধিবক্তাই বিজেপিৰ হৈ প্ৰচাৰ চলাব অসমত । বিজেপিৰ লখিমপুৰ জিলাৰ অধিবক্তা সন্মিলনত ল'লে সংকল্প । লখিমপুৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত আজি ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ লখিমপুৰ জিলা আইন কোষৰ দ্বাৰা এখন অধিবক্তা সন্মিলনৰ আয়োজন কৰা হয় । এই অধিবক্তা সন্মিলনত আদৰণি ভাষণ প্ৰদান কৰি জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই অধিবক্তাসকল সমাজৰ একো একোজন প্ৰৱোদ্ধ ব্যক্তি আৰু জনসাধাৰণৰ 'অপিনিয়ন মেকাৰ' বুলি উল্লেখ কৰে । তেওঁ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আধিষ্ঠিত কৰাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আগন্তুক নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অধিবক্তা সমাজক আহ্বান জনায় ।

দুই শতাধিক অধিবক্তাই অংশগ্ৰহণ কৰা সভাখনত লখিমপুৰ জিলা আইন কোষৰ আহ্বায়ক ক্ষীৰোদ কাকতিয়ে উদ্দেশ্য বাখ্যা কৰে । সভাত সাংগঠনিক বক্তব্য প্ৰদান কৰি ভাৰতীয় জনতা পাৰ্টীৰ আইন কোষৰ ৰাজ্যিক আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়ে ২০১৪ৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ভাৰতীয় আইন ব্যৱস্থাৰ পৰা বৃটিছ যুগৰ গোলামি মানসিকতাৰ পৰিপূৰ্ণ আইন সমুহ সমাপ্ত কৰি ভাৰতীয় চিন্তন সংযোজিত নতুন আইন প্ৰণয়নৰ জৰিয়তে দেশৰ জনসাধাৰণক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি কয় । এইবাৰ লোকসভা নিৰ্বাচনত সমগ্ৰ অসমৰ ১০ হাজাৰ অধিবক্তাই বিজেপিৰ হৈ প্ৰচাৰ চলাব বুলি উল্লেখ কৰে আহ্বায়ক গৰাকীয়ে ।

উক্ত সভাত বিশিষ্ট অতিথি হিচাপে বিজেপিৰ জেষ্ঠ নেতা তথা অধিবক্তা মানিক হাজৰিকাই বক্তব্য প্ৰদান কৰি নৰেন্দ্ৰ মোদীক বিশ্বৰ শ্ৰেষ্ঠ নেতা বুলি অভিহিত কৰি অধিবক্তা সকলক নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা নিমিত্তে বিজেপিৰ হৈ প্ৰচাৰ চলাব বাবে আহ্বান জনায় । জিলা আইন কোষৰ সদস্য মাধৱ চন্দ্ৰ গগৈয়ে সম্বৰ্ধনা অনুষ্ঠান আঁতধৰা আৰু সহ-আহ্বায়ক দেৱজিৎ দত্ত বৰাই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত ৰাজ্যিক আইন কোষৰ সহ-আহ্বায়ক সত্যৱতী কোঁৱৰ, সদস্য দিপ্ত প্ৰসাদ গোস্বামী, বিজেপিৰ জিলা সাধাৰণ সম্পাদক ডিম্বেশ্বৰ গগৈ, অধিবক্তা অৰূপ বৰা, লোক অধিবক্তা যজ্ঞেশ্বৰ শইকীয়া, ঢকুৱাখানা আইন কোষৰ আহ্বায়ক প্ৰশান্ত হিলৈধাৰি আদি বহুকেইজন ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে সন্মিলনখনত উপস্থিত থকা লক্ষীমপুৰৰ দুই শতাধিক অধিবক্তাই নৰেন্দ্ৰ মোদী এম্বেচাদৰ হিচাপে ৰাজ্যখনৰ আন অধিবক্তা সকলকৰ লগত একত্ৰিত হৈ নিৰ্বাচনত প্ৰচাৰ চলাব বাবে সংকল্প গ্ৰহণ কৰে।

লগতে পঢ়ক:১৪ নং লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত তিনি প্ৰাৰ্থীৰ নাম ঘোষণা