ETV Bharat / sports

ৰাজস্থানৰ সন্মুখত 202 ৰাণৰ লক্ষ্য বান্ধিলে হায়দৰাবাদে - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 9:24 PM IST

Today IPL Match
ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ যুঁজ(ETV BHARAT ENGLISH DESK)

Today IPL Match : আই পি এলৰ ৫০ সংখ্যক মেচখনত ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হৈছে ৷

স্পৰ্টছ ডেস্ক, 2 মে’ : আই পি এল ২০২৪ৰ ৫০ সংখ্যক মেচখনত ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হৈছে ৷ এই মেচত হায়দৰাবাদ দলৰ নেতৃত্ব দিছে পেট কামিন্স আৰু ৰাজস্থানৰ নেতৃত্ব দিছে সঞ্জু চেমছন। ৰাজস্থান বনাম হায়দৰাবাদৰ মাজত এই পৰ্যন্ত মুঠ ১৮ খন খেল অনুষ্ঠিত হৈছে। এই সময়ছোৱাত দুয়ো দলেই ৯-৯ মেচত জয়লাভ কৰিছে।

  • " class="align-text-top noRightClick twitterSection" data="">

ইতিমধ্যে আজিৰ মেচত প্ৰথমে বেটিং কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থানক ৰয়েলছক বান্ধি দিছে 202 ৰাণৰ লক্ষ্য ৷ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ হায়দৰাবাদ দলে নিৰ্ধাৰিত 20 অভাৰত 3 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 201 ৰাণ ৷ দলৰ হৈ নিতীশ ৰেড্ডীয়ে দৰ্শনীয় বেটিঙেৰে 76 ৰাণৰ এক অপৰাজিত ইনিংছ খেলে ৷ ৰেড্ডীয়ে মাত্ৰ 42 টা বলৰ সন্মুখীন হৈ 8 টা ছয় আৰু 3 টা চাৰিৰ সহায়ত 76 ৰাণৰ বিস্ফোৰক ইনিংছ খেলে ৷ অ’পেনাৰ ট্ৰেভিছ হেডে 58 ৰাণ সংগ্ৰহ কৰে ৷ উইকেটকীপাৰ বেটছমেন হেনৰিছ ক্লাছেনে 42 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ ৰাজস্থানৰ হৈ আৱেশ খানে 2 টা আৰু সন্দীপ শৰ্মাই 1 টা উইকেট দখল কৰে ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ-

ট্ৰেভিছ হেড, অভিষেক শৰ্মা, আনমোলপ্ৰীত সিং, হেনৰিচ ক্লাচেন (উইকেট কীপাৰ), নীতিশ ৰেড্ডী, আব্দুল ছামাদ, শ্বাহবাজ আহমেদ, মাৰ্কো জান্সেন, পেট কামিন্স (অধিনায়ক), ভুৱনেশ্বৰ কুমাৰ, টি নটৰাজন ৷

ৰাজস্থান ৰয়েলছৰ মূল একাদশ-

যশস্বী জয়ছোৱাল, সঞ্জু চেমছন (অধিনায়ক আৰু উইকেটকীপাৰ), ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, ৰভমেন পাৱেল, ছিমৰন হেটমায়াৰ, ৰবিচন্দ্ৰন অশ্বিন, ট্ৰেণ্ট ব’ল্ট, আবেশ খান, যুজবেন্দ্ৰ চাহাল, সন্দীপ শৰ্মা ৷

লগতে পঢ়ক : চেম্পিয়নছ ট্ৰফী 2025 ; ভাৰতৰ সকলো মেচ লাহোৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা - Champion Trophy 2025 Pakistan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.