ETV Bharat / sports

মুম্বাইৰ সন্মুখত 174 ৰাণৰ লক্ষ্য বান্ধিলে হায়দৰাবাদে - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 10:02 PM IST

Updated : May 6, 2024, 10:44 PM IST

Today IPL MATCH : ৱাংখেড়ে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হৈছে আই পি এল 2024ৰ 55 সংখ্যক মেচ ৷ হায়দৰাবাদে জয়ৰ বাবে মুম্বাই ইণ্ডিয়ানছক 174 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷

Today IPL MATCH
মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ যুঁজ (ETV BHARAT ENGLISH DESK)

স্পৰ্টছ ডেস্ক, 6 মে’ : আই পি এল 2024ৰ 55 সংখ্যক মেচখন আজি মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ৷ 10 খন মেচত 6 খনত জয়েৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ বৰ্তমান পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে ৷ একে সময়তে 11 খন মেচত মাত্ৰ 3 খন জয়ৰে মুম্বাই ইণ্ডিয়ানছ দল পইণ্ট তালিকাৰ দশম স্থানত আছে ৷

দুয়োটা দলৰ মাজত অভিলেখৰ কথা ক’বলৈ গ’লে এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ 22 খন খেল অনুষ্ঠিত হৈছে ৷ এই সময়ছোৱাত মুম্বাই ইণ্ডিয়ানছে 12 খন মেচত জয়লাভ কৰাৰ বিপৰীতে ছানৰাইজাৰ্ছ হায়দৰাবাদে 10 খন খেলত জয়লাভ কৰিছে ৷ এই ছিজনত মুম্বাই দলটো প্লে’ অফৰ দৌৰৰ পৰা প্ৰায় আঁতৰি গৈছে ৷ একে সময়তে ঘৰুৱা ক্ষেত্ৰত মুম্বাইক পৰাস্ত কৰি নিজৰ পৰিসংখ্যা শুধৰোৱাৰ সুযোগ বিচাৰিব হায়দৰাবাদে ৷

ইতিমধ্যে প্ৰথমে বেটিং কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে জয়ৰ বাবে মুম্বাই ইণ্ডিয়ানছক 174 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷ প্ৰথমে বেটিং কৰি হায়দৰাবাদ দলে নিৰ্ধাৰিত 20 অভাৰত 8 টা উইকেট হেৰুৱাই 173 ৰাণ সংগ্ৰহ কৰে ৷ দলৰ ড্ৰেভিছ হেডে 30 টা বলত 48 ৰাণ সংগ্ৰহ কৰে ৷ নিতীশ ৰেড্ডীয়ে 20 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে অধিনায়ক পেট কামিনছে 35 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ মুম্বাইৰ হৈ অধিনায়ক হাৰ্দিক পাণ্ডিয়া আৰু পীযুষ চাওলাই 3 টাকৈ উইকেট দখল কৰে ৷ অনশূল কাম্বোজ, যশপ্ৰীত বুমৰাহে 1 টাকৈ উইকেট দখল কৰে ৷

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতক সকীয়নি বাবৰ আজমৰ; কোহলীৰ সন্দৰ্ভতো কৰিলে ডাঙৰ মন্তব্য - T20 WORLD CUP 2024

Last Updated :May 6, 2024, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.