ETV Bharat / sports

প্লে’ অফত প্ৰৱেশৰ লক্ষ্য কলকাতাৰ : বৰ্ষাবিঘ্নিত মেচত মুম্বাইৰ সন্মুখত বান্ধিলে 158 ৰাণৰ লক্ষ্য - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 10:57 PM IST

Today IPL MATCH : ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত ছিজনৰ 60 সংখ্যক মেচ ৷ প্লে’ অফত প্ৰৱেশৰ লক্ষ্যৰে ফিল্ডত নামিছে কলকাতা নাইট ৰাইডাৰ্ছ ৷

Today IPL MATCH
কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছৰ যুঁজ (ETV BHARAT HINDI DESK)

স্পৰ্টছ ডেস্ক, 11 মে’ : কলকাতাৰ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ 17 সংখ্যক ছিজনৰ 60 সংখ্যক মেচখন ৷ এই মেচত কে কে আৰৰ কমাণ্ড শ্ৰেয়াছ আয়েৰ আৰু এম আইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ হাতত আছে ৷ এই মেচত জয়ী হৈ কলকাতা দলে 18 পইণ্টেৰে প্লে’ অফত প্ৰৱেশ কৰিব বিচাৰিছে ৷ আনহাতে মুম্বাইয়ে এই মেচত জয়ী হৈ নিজৰ সন্মান ৰক্ষা কৰিব বিচাৰিছে ৷ এই পৰ্যন্ত কে কে আৰ আৰু এম এআইৰ মাজত মুঠ 33 খন মেচ অনুষ্ঠিত হৈছে ৷ ইয়াৰে মুম্বাইয়ে 23 খন আৰু কলকাতাই 10 খন মেচত জয়লাভ কৰিছে ৷

বৰ্ষাবিঘ্নিত আজিৰ মেচখনত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় ৷ বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ পলমকৈ আৰম্ভ হোৱা মেচখন 20 অভাৰৰ পৰিৱৰ্তে 16 অভাৰলৈ হ্ৰাস কৰা হৈছে ৷ প্ৰথমে বেটিঙ কৰি কলকাতা দলে মুম্বাইক জয়ৰ বাবে 158 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি কলকাতা নাইট ৰাইডাৰ্ছ দলে নিৰ্ধাৰিত 16 অভাৰত 7 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 157 ৰাণ ৷ দলৰ হৈ ভেংকটেশ আয়াৰে সাৰ্বাধিক 42 ৰাণ সংগ্ৰহ কৰে ৷ নিতীশ ৰাণেই 33 ৰাণ কৰি পেভিলিয়নমুখী হয় ৷ আন্দ্ৰে ৰাছেলে 24 ৰাণ সংগ্ৰহ কৰে ৷ মুম্বাইৰ হৈ যশপ্ৰীত বুমৰাহ, পীযুষ চাওলাই 2 টা উইকেট আৰু নুৱান থুছাৰা, অংশুল কাম্বোজে 1 টাকৈ উইকেট দখল কৰে ৷

কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশ-

ফিলিপ চল্ট (উইকেট কীপাৰ), সুনীল নাৰিন, ভেংটেশ আয়াৰ, শ্ৰেয়াছ আয়াৰ (অধিনায়ক), ৰিংকু সিং, নীতিশ ৰাণে, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, মিচেল ষ্টাৰ্ক, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী ৷

মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশ-

ঈশান কিষণ (উইকেট কীপাৰ), নমন ধীৰ, সূৰ্যকুমাৰ যাদৱ, নীহাল ৱাধেৰা, তিলক বৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), টিম ডাভিড, অংশুল কম্বোজ, পীযুষ চাওলা, যশপ্ৰীত বুমৰাহ, নুৱান থুচাৰা ৷

লগতে পঢ়ক : শ্বাহৰুখ খান সকলোতকৈ শ্ৰেষ্ঠ স্বত্বাধিকাৰী : গৌতম গম্ভীৰ - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.