শ্বাহৰুখ খান সকলোতকৈ শ্ৰেষ্ঠ স্বত্বাধিকাৰী : গৌতম গম্ভীৰ - IPL 2024
Gautam Gambhir on KKR owner : লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই কে এল ৰাহুলৰ প্ৰতি কৰা বেয়া আচৰণ এতিয়াও চৰ্চাৰ বিষয় হৈয়ে আছে। ইফালে দলটোৰ সৈতে কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানৰ আচৰণ সন্দৰ্ভত প্ৰকাশ কৰিছে মেণ্টৰ গৌতম গম্ভীৰে।

Published : May 10, 2024 at 10:39 PM IST
স্প’ৰ্টছ ডেস্ক, 10 মে’ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) 2024ত 10 মে’ বুধবাৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত এখন খেল অনুষ্ঠিত হয় ৷ এই খেলখনত লক্ষ্ণৌৱে 10 উইকেটত পৰাজয়ৰ সন্মুখীন হয় ৷ এই পৰাজয়ত হতাশ হৈ দলৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই খেলপথাৰতে লক্ষ্ণৌ দলৰ অধিনায়ক কে এল ৰাহুলৰ সৈতে খঙেৰে কথা পতা দেখা গ’ল ৷
এই ভিডিঅ’টোৰ পিতত গোৱেংকা বহু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ বহু বিশেষজ্ঞই কয় যে তেওঁ খেলপথাৰত এনে আচৰণ কৰা উচিত নাছিল ৷ এই বিষয় সন্দৰ্ভত আলোচনা এতিয়াও বন্ধ হোৱা নাই ৷ এতিয়া কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানৰ দলটোৰ প্ৰতি কৰা আচৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মেণ্টৰ গৌতম গম্ভীৰ ৷ অৱশ্যে তেওঁ কৈছে যে কিং খানৰ খেলুৱৈৰ প্ৰতি অতি ভাল আচৰণ আছে আৰু তেওঁ সকলোকে সমৰ্থন কৰে ৷
শেহতীয়াকৈ এটা ক্ৰীড়া ৱেবছাইটক দিয়া এক সাক্ষাৎকাৰত কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰশিক্ষক গৌতম গম্ভীয়ে কয় যে- ‘মই এতিয়ালৈকে কাম কৰা সকলো মালিকৰ ভিতৰত শ্বাহৰুখ খান শ্ৰেষ্ঠ বছ ৷ কে কে আৰ দলত ক্ৰিকেটৰ বিষয়ত তেওঁ কেতিয়াও হস্তক্ষেপ কৰা নাছিল ৷ তেওঁ মোক বিশ্বাস কৰে আৰু মোৰ সিদ্ধান্তক সমৰ্থন কৰে ৷' তেওঁ আৰু কয়- ‘অধিনায়ক, প্ৰশিক্ষক আৰু মালিকৰ মাজৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ ৷'
প্ৰথম খন খেলৰ ভিত্তিত সমালোচনা কৰাটো ভুল বুলি গৌতম গম্ভীয়ে কয় যে- ‘বিশেষকৈ ভাৰতত কেতিয়াবা বিশেষজ্ঞ হিচাপে, মালিক হিচাপে আমি মাত্ৰ এটা মিনিট আৰু এখন মেচৰ ভিত্তিত সমালোচনা কৰিবলৈ আৰম্ভ কৰোঁ ৷ সেই পৰিস্থিতিত থাকি সেই হেঁচা জানিলে সমালোচনা কৰা উচিত ৷ এইবোৰ কথা শ্বাহৰুখ খানে জানে ৷ সেই সংগ্ৰাম আৰু হেঁচা তেওঁ জানে ৷'
লগতে পঢ়ক : সলনি হ'ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ! - Head Coach Of Team India

