বৰ্ষাপাৰাত আই পি এলৰ দৰ্শক হ’ব শ্বাহৰুখ খান-প্ৰীতি জিন্টা ! - IPL 2024
Barsapara Cricket Stadium : 13 মে'ত গুৱাহাটীত উপস্থিত হ'ব ৰাজস্থান ৰয়েলছৰ দল ৷ 15 আৰু 19 মে'ত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব দুখনকৈ মেচ ৷ 20 মে’ লৈকে গুৱাহাটীতে থাকিব ৰাজস্থান ৰয়েলছৰ দল ৷

Published : May 11, 2024 at 3:51 PM IST
গুৱাহাটী, 11 মে': 15 আৰু 19 মে'ত বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সংস্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ দুখনকৈ মেচ ৷ এই মেচৰ বাবে 13 মে'ত গুৱাহাটীত উপস্থিত হ'ব ৰাজস্থান ৰয়েলছৰ দল ৷ গুৱাহাটীৰ বৰ্ষাপাৰাৰ 91 য়াৰ্ডছ ক্লাবত শনিবাৰে সংবাদমেল সম্বোধন কৰি ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে এই কথা সদৰী কৰে ৷ তেওঁ কয় যে, আই পি এলৰ মেচৰ বাবে গুৱাহাটীলৈ অভিনেত্ৰী তথা পঞ্জাৱ কিংছৰ স্বত্বাধিকাৰী প্ৰীতি জিন্তা আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী তথা বলিউড অভিনেতা শ্বাহৰুখ খান অহাৰ সম্ভাৱনা আছে ৷
ৰঞ্জিত বৰঠাকুৰে শ্বাহৰুখ খানৰ সৈতে এই সন্দৰ্ভত কথা পতাৰ বুলিও উল্লেখ কৰে ৷ বৰ্তমান তেওঁৰ শ্বুটিং চলি আছে আৰু শ্বুটিংৰ সময় মিলাব পাৰিলে অহাৰ সম্ভাৱনা আছে ৷ তেওঁলোক দুয়োজন মেচ দুখনত উপস্থিত থকাৰ আশা কৰা হৈছে বুলি মন্তব্য কৰে ৰঞ্জিত বৰঠাকুৰে ৷ তেওঁ কয় যে 15 মে'ত ৰাজস্থান ৰয়েলছে কিংছ ইলেভেন পাঞ্জাৱৰ বিৰুদ্ধে বৰ্ষাপাৰাত প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব ৷ পুনৰ 19 মে'ত ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ ৷
তেওঁ জনায় যে ৰাজস্থান ৰয়েলছ 13 মে'ত আহিব আৰু 20 মে’ লৈকে গুৱাহাটীতে থাকিব ৷ ৰাজস্থান ৰয়েলছ দলটো ইমান দীঘলীয়া সময়লৈ ক’তো থকা নাই বুলি উল্লেখ কৰি এই কেইদিন খেলৰ লগত জড়িত 200-300 মানুহ গুৱাহাটীৰ বিভিন্ন হোটেলত থাকিব বুলি জনায় অধ্যক্ষগৰাকীয়ে ৷ তেওঁ জনায় যে 14 মে'ৰ পৰা বৰ্ষাপাৰাত অনুশীলন হ’ব ৷ প্ৰথমখন খেলৰ 60/70 শতাংশ টিকট ইতিমধ্যে বিক্ৰী হৈছে, লগতে দ্বিতীয়খন খেলৰ টিকটো প্ৰায় বিক্ৰী হৈছে বুলি জনায় তেওঁ ৷ ক্ৰিকেটাৰসকলে পবিতৰা অভয়াৰণ্য, শ্বিলং আদি যোৱাৰ কথা আছে বুলিও জনায় তেওঁ ৷
ইফালে সংবাদমেলত বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিৎ লন শইকীয়াই কয় যে, ৰাজস্থান ৰয়েলছৰ দুখন মেচ 2020 চনতেই হ’বলগীয়া আছিল, কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে সেই বছৰ সমগ্ৰ আই পি এল টুৰ্ণামেণ্টখনেই ডুবাইলৈ লৈ যোৱা হৈছিল ৷ চাৰি বছৰ পূৰ্বেই বৰ্ষাপাৰা ষ্টেডিয়ামক ৰাজস্থান ৰয়েলছে দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে লৈছিল ৷ বৰঠাকুৰে কয় -"বৰষুণক লৈ কোনো প্ৰশ্নৰ উত্তৰ নিদিও ৷ কাৰণ বৰষুণৰ বিষয়ে আগতীয়াকৈ কোনেও ক’ব নোৱাৰে ৷ আনকি বতৰ বিজ্ঞান কেন্দ্ৰইও ভুল তথ্য দিয়ে ৷"

