ETV Bharat / sports

সামাজিক মাধ্যমত পুত্ৰক লৈ আবেগিক পোষ্ট শিখৰ ধাৱনৰ - Shikhar Dhawan Emotional Note

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 7:56 AM IST

PUNJAB KINGS
Shikhar Dhawan Emotional Note

Shikhar Dhawan Emotional Note: পঞ্জাব কিংছৰ অধিনায়ক শিখৰ ধাৱনে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত নিজৰ পুত্ৰ জোৰাভাৰৰ বাবে এটা আৱেগিক পোষ্টৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল । তেওঁ এখন জাৰ্চি শ্বেয়াৰ কৰিছিল য’ত তেওঁৰ পিছফালে পুত্ৰৰ নাম ছপা কৰা হৈছিল ।

নিউজ ডেস্ক, ১৮ এপ্ৰিল: পঞ্জাব কিংছৰ অধিনায়ক শিখৰ ধাৱনে শেহতীয়াকৈ নিজৰ পুত্ৰ জোৰাভাৰৰ বাবে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এক আৱেগিক বাৰ্তা শ্বেয়াৰ কৰিছে । চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত পঞ্জাব কিংছক নেতৃত্ব প্ৰদান কৰিছে ধাৱনে আৰু ফ্ৰেঞ্চাইজিটোৱে এই অভিযানত এতিয়ালৈকে চাৰিখন মেচত পৰাজয়ৰ লগতে দুখন মেচত জয়লাভ কৰিছে । বাওঁহতীয়া বেটছমেনগৰাকীয়ে নিৰ্বাচনৰ হিচাপত নাই যদিও পি বি কে এছৰ পৰিচালনা সমিতিয়ে তেওঁৰ নেতৃত্বৰ ভূমিকাক বিশ্বাস কৰিছে ।

ছিজনৰ মাজভাগত এতিয়া পুত্ৰ জোৰাভাৰৰ বাবে এক আৱেগিক বাৰ্তা শ্বেয়াৰ কৰিছে ধাৱনে । পিছফালে পুত্ৰৰ নাম ছপা কৰা জাৰ্চি এটা হাতত লৈ দুখনমান ছবি আপলোড কৰিছে । তেওঁ ছবিখন পোষ্ট কৰি "You’re Always with Me, My Boy," বুলি কেপচন দিছিল ।

উল্লেখযোগ্য যে ২০১৩ চনত ধাৱনে আয়েশা মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু বিবাহ বিচ্ছেদৰ বাবে দম্পতীটো বিচ্ছেদিত হোৱাৰ পূৰ্বে তেওঁলোকৰ সংসাৰ আঠ বছৰ ধৰি চলিছিল । দিল্লীৰ এখন আদালতে ‘নিষ্ঠুৰতা’ৰ দোহাই দি বিবাহ বিচ্ছেদ মঞ্জুৰ কৰে । অৱশ্যে পুত্ৰ মাকৰ লগত থকাৰ বাবে ক্ৰিকেটাৰগৰাকীয়ে দীৰ্ঘদিন ধৰি ছ’চিয়েল মিডিয়া হেণ্ডেলত পোষ্ট কৰি আহিছে ।

আই পি এল ২০২৪ৰ সময়ত ভোগ কৰা নিগলৰ পৰা সুস্থ হৈ উঠিছে ধাৱন, তেওঁৰ অনুপস্থিতিত বাওঁহাতৰ পেচাৰ ছেম কাৰানে দলটোৰ অধিনায়কত্ব অব্যাহত ৰাখিছে । বৰ্তমান পি বি কে এছে ৬খন মেচৰ ভিতৰত দুখনত জয় আৰু চাৰিখনত পৰাজয়ৰ সৈতে পইণ্ট টেবুলৰ তলৰ অৰ্ধেকত আছে । ৪ পইণ্ট লাভ কৰি সপ্তম স্থানত আছে পঞ্জাব কিংছ । পি বি কে এছৰ পৰৱৰ্তী খেলখন হ’ব মুলনপুৰত অষ্টম স্থানত স্তব্ধ হৈ থকা পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ।

লগতে পঢ়ক: দিল্লী কেপিটেলছৰ হাতত 6 উইকেটত পৰাস্ত গুজৰাট টাইটানছ - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.