দিল্লী কেপিটেলছৰ হাতত 6 উইকেটত পৰাস্ত গুজৰাট টাইটানছ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 10:54 PM IST

DELHI CAPITAL VS GUJARAT TITANS

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দিল্লী কেপিটেলছে গুজৰাট টাইটানছক 6 উইকেটত পৰাস্ত কৰে ৷ 8.5 অভাৰতে 4 উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে দিল্লীয়ে ৷

স্পৰ্টছ ডেস্ক, 17 এপ্ৰিল : আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হোৱা আই পি এল 2024ৰ 32 সংখ্যক মেচখনত দিল্লী কেপিটেলছে ঘৰুৱা দল গুজৰাট টাইটানছক 6 উইকেটত পৰাস্ত কৰে ৷ 90 ৰাণৰ সহজ লক্ষ্য আগত লৈ দিল্লী কেপিটেলছ দলে 8.5 অভাৰতে 4 উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷ দিল্লীৰ অধিনায়ক ঋষভ পন্ট প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দিল্লীৰ হৈ জেক ফ্ৰেজাৰ-মেকগুৰ্কে সাৰ্বাধিক 20 ৰাণ সংগ্ৰহ কৰাৰ লগতে শ্বাহী হ’পে 19 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ অধিনায়ক ঋষভ পন্টে 16 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ গুজৰাটৰ হৈ সন্দীপ ৱাৰেইৰে সাৰ্বাধিক 2 টা উইকেট দখল কৰাৰ বিপৰীতে স্পেন্সাৰ জনছন আৰু ৰছিদ খানে 1 টাকৈ উইকেট দখল কৰে ৷

প্ৰথমে টছত জিকি দিল্লী কেপিটেলছে বলিঙৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰম লাভ কৰি নিজৰ ইনিংছ মুকলি দিল্লীৰ ক্ষুৰধাৰ বলিঙত তিষ্ঠিব নোৱাৰি মাত্ৰ 89 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই ইনিংছ সমাপ্ত কৰে গুজৰাটে ৷ ৰছিদ খানৰ বাহিৰে দলটোৰ বাকী সকল বেটছমেন ৰাণ সংগ্ৰহ কৰাত ব্যৰ্থ হয় ৷ ৰছিদ খানে সাৰ্বাধিক 31 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে সাই সুদৰ্শনে 12 ৰাণ আৰু ৰাহুল টেৱতিয়াই 10 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ দলৰ বাকী কোনো বেটছমেনে দহকৰ ঘৰ স্পৰ্শ কৰিবলৈয়ো সক্ষম নহ’ল ৷

দিল্লীৰ হৈ মুকেশ কুমাৰে দুৰ্দান্ত প্ৰদৰ্শনেৰে 2.3 অভাৰত 14 ৰাণ খৰছ কৰি 3 টা উইকেট দখল কৰে ৷ ঈশান্ত শৰ্মা আৰু ট্ৰিষ্টান ষ্টাবছে 2 টা উইকেট দখল কৰাৰ লগতে খলিল আহমেদ আৰু আক্ষৰ পেটেলে 1 টাকৈ উইকেট দখল কৰে ৷

উল্লেখ্য যে, চলিত সংস্কৰণৰ আই পি এলত এতিয়ালৈকে খেলা 7 খন মেচত 4 খনত পৰাজয় আৰু 3 খনত জয়েৰে দিল্লী কেপিটলছ আৰু গুজৰাট টাইটানছে সমান অৰ্থাৎ 6 পইন্ট লাভ কৰিছে ৷ বৰ্তমান ঋষভ পন্ট নেতৃত্বাধীন দিল্লী দলটোৱে -0.074 ৰাণ ৰেটেৰে তালিকাৰ ষষ্ঠ স্থানত অৱস্থান কৰাৰ বিপৰীতে গুজৰাট টাইটানছে -1.303 ৰাণেৰে তালিকাৰ সপ্তম স্থানত অৱস্থান কৰিছে ৷

বৃহস্পতিবাৰে আই পি এলৰ 33 সংখ্যক মেচখনত চণ্ডীগড় মহাৰাজা যাদৱীন্দ্ৰ সিং আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাৱ কিংছৰ মুখামুখি হ’ব পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ ৷

লগতে পঢ়ক : অষ্ট্ৰেলিয়া দলত ৱাৰ্নাৰৰ ঠাইত ল’ব পাৰে ফ্ৰেজাৰ মেকগাৰ্কে : শ্বেনন ইয়ং - Jake Fraser McGurk

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.