ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্টত ৫ উইকেটত জয়ী ভাৰত; ৩-১ ৰ ব্যৱধানত শৃংখলা দখল

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 2:31 PM IST

Updated : Feb 26, 2024, 2:44 PM IST

IND wins test series
IND Vs ENG test series

IND Vs ENG test series: ভাৰত বনাম ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ চতুৰ্থখন খেলত ভাৰতে জয়লাভ কৰিছে । ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰিছে ভাৰতে । সম্পূৰ্ণ খবৰ পঢ়ক......

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী: ভাৰত বনাম ইংলেণ্ডৰ মাজত ৰাঁচীত অনুষ্ঠিত চতুৰ্থখন টেষ্ট মেচত ভাৰতে ৫ উইকেটত জয়লাভ কৰিছে । দ্বিতীয় ইনিংছত অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গিলৰ (অপৰাজিত) অৰ্ধশতক তথা ধ্ৰুৱ জুৰেলৰ দৰ্শনীয় বেটিঙৰ সহায়ত ইংলেণ্ডক পৰাস্ত কৰিবলৈ সক্ষম হয় ভাৰতীয় দল । জুৰেলে মেচ বিজয়ী ৰান সংগ্ৰহ কৰে । খেলৰ অন্তিম দিনা ১০০ ৰানৰ স্ক’ৰত ৫ টা উইকেট হেৰুৱাইছিল ভাৰতে ।

ইয়াৰ পাছতে বেটিং কৰিবলৈ অহা ধ্ৰুৱ জুৰেলে শুভমন গিলৰ সৈতে পাৰ্টনাৰশ্বিপ গঠন কৰি ইনিংছৰ দায়িত্ব কান্ধ পাতি লয় আৰু দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় । এই জয়েৰে ভাৰতে ৩-১ ৰ ব্যৱধানত পাঁচখনীয়া মেচৰ শৃংখলাটো জয় কৰে ।

ইংলেণ্ডৰ প্ৰথম ইনিংছ- ৩৫২

টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহাৰ পিছত ইংলেণ্ড দলটোৱে প্ৰথম ইনিংছত ৩৫৩ ৰান সংগ্ৰহ কৰে । এটা সময়ত ইংলেণ্ডৰ ১১২ ৰানৰ স্ক’ৰতে ৫ টা উইকেটৰ পতন ঘটিছিল । প্ৰথম ছেশ্যনত ৫টা উইকেট হেৰুৱাই ইংলেণ্ডে এক উজ্জ্বল প্ৰত্যাৱৰ্তন ঘটাই এই মেচখনৰ দ্বিতীয় ছেশ্যনত কোনো উইকেট নেহেৰুওৱাকৈ আগবাঢ়ে । জো ৰুটৰ দৰ্শনীয় শতক আৰু অলি ৰবিনছনৰ অৰ্ধশতকৰ সহায়ত ইংলেণ্ডে প্ৰথম ইনিংছত ৩৫২ ৰান কৰিবলৈ সক্ষম হয় ।

এই ইনিংছত জেক ক্ৰ’লিয়ে ৪২ ৰান, জনী বেয়াৰষ্টোৱে ৩৮ ৰান, উইকেটকীপাৰ বেন ফক্সে ৪৭ ৰান আৰু জো ৰুটে ১২২ ৰান সংগ্ৰহ কৰে । ইয়াৰ উপৰিও অধিনায়ক অলি ৰবিনছনে ৫৮ ৰান আৰু বেন ষ্টোকে ৩ ৰান সংগ্ৰহ কৰে । শ্বোয়েব বশ্বিৰ আৰু জেমছ এণ্ডাৰছন একাউণ্ট নোখোলাকৈয়ে পেভিলিয়নলৈ উভতি যায় ।

ভাৰতৰ প্ৰথম ইনিংছ – ৩০৭

ইংলেণ্ডৰ ৩৫৩ ৰানৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ অহা ভাৰতীয় দলটোৱে এই ইনিংছত ৩০৭ ৰান সংগ্ৰহ কৰি অল আউট হয় আৰু ইংলেণ্ডতকৈ ৪৭ ৰান পিছ পৰি থাকে ৷ ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা ২ ৰাণ কৰিয়েই আউট হোৱাৰ বিপৰীতে যশস্বী জয়ছোৱালে ৭৩ ৰান কৰে ৷ গিলে প্ৰথম ইনিংছত ৩৮ ৰান কৰাৰ বিপৰীতে ৰজত, জাদেজা আৰু ছৰফৰাজ খানে সন্তোষজনক ৰান কৰাত ব্যৰ্থ হয় ৷ কিন্তু ধ্ৰুৱ জুৰেলে ৯০ ৰান আৰু কুলদ্বীপ যাদৱে ২৮ ৰানৰ ইনিংছ খেলে ৷

ইংলেণ্ডৰ দ্বিতীয় ইনিংছ- ১৪৫

প্ৰথম ইনিংছত শক্তিশালী স্ক’ৰ কৰিলেও কিন্তু দ্বিতীয় ইনিংছত ব্যৰ্থ হয় ইংলেণ্ড ৷ অপেনাৰ জেক ক্ৰৱলিয়ে ৬০ ৰান আৰু বেয়াৰষ্ট’ই ৩০ ৰান কৰাৰ বাহিৰে বাকীসকল খেলুৱৈ ব্যৰ্থ হয় ৷ ১৪৫ ৰানতে অল আউট হয় ইংলেণ্ড ৷ ভাৰতৰ হৈ অশ্বিনে ৫ টা আৰু কুলদ্বীপ যাদৱে ৪ টা উইকেট দখল কৰে ৷ জাদেজাই লাভ কৰে ১ টা উইকেট ৷

লগতে পঢ়ক: চমকপ্ৰদ বেটিঙেৰে টেষ্ট ক্ৰিকেটত অভিলেখ ৰচিলে যুৱ অপেনাৰ যশস্বীয়ে

Last Updated :Feb 26, 2024, 2:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.