ETV Bharat / sports

উইল জেকছৰ দৰ্শনীয় শতকৰ সহায়ত আৰচিবিৰ বৃহৎ জয় - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 4:30 PM IST

Updated : Apr 28, 2024, 7:12 PM IST

IPL 2024
চলিত ছিজনত প্ৰথমবাৰলৈ আৰচিবি আৰু জিটি মুখামুখি

IPL 2024: আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত গুজৰাট টাইটানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজৰ খেলখনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে উইল জেকছে । ১০০ ৰাণৰ আকৰ্ষণীয় ইনিংছৰ জৰিয়তে আৰচিবিয়ে গুজৰাটক ১৬ অভাৰতে পৰাস্ত কৰিবলৈ সক্ষম হয় ।

স্পৰ্টছ ডেস্ক,২৮ এপ্ৰিল : আইপিএল ২০২৪ ৰ ৪৫ সংখ্যক খেলখন গুজৰাট টাইটানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হৈছিল । য'ত আৰচিবিয়ে ৯ উইকেটত জয়ী হয় । উইল জেকছে মাত্ৰ ৪১ টা বলত ১০০ ৰাণ কৰে । বিৰাট কোহলীয়েও আক্ৰমণাত্মক চৰিত্ৰ অব্যাহত ৰাখিলে । ৪৪ টা বলত ৭০ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলি তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । অ'ৰেঞ্জ কেপ এতিয়াও কোহলীৰ শিৰতে আছে ।

চলিত ছিজনত দুয়োটা দলৰ এইখন প্ৰথম সংঘৰ্ষ আছিল । আৰচিবি আৰু জিটিয়ে এতিয়ালৈকে মুঠ ৪ খন মেচ খেলিছে, যাৰ ভিতৰত গুজৰাটে ২ খন মেচত জয়ী হৈছে । আনহাতে আৰচিবিয়েও ২ খন মেচত জয়ী হৈছে । আৰচিবিৰ অধিনায়ক ফাফ ডু প্লেচিছ টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰিছিল । প্ৰথমে বেটিং কৰি গুজৰাটে ৩ টা উইকেট হেৰুৱাই ২০০ ৰাণ কৰিছিল । য'ত শ্বাহৰুখ খানে ৩০ টা বলত ৫৮ ৰাণ কৰিছিল । একেদৰে সাই সুদৰ্শনেও ৮৪ ৰাণৰ দৰ্শনীয় ইনিংছ খেলিছিল ।

ইয়াৰ প্ৰত্যুত্তৰত আৰচিবিয়ে মাত্ৰ ১ টা উইকেট হেৰুৱাই ২০১ ৰাণৰ লক্ষ্যত উপনীত হয় । এই বিজয়ৰ পিচত আৰচিবি আইপিএলৰ পইণ্ট তালিকাত ৬ পইণ্টৰ সৈতে এতিয়াও অন্তিম স্থানতে আছে । একদৰে গুজৰাটেও ৮ পইণ্টৰ সৈতে তালিকাৰ ৭ নম্বৰ স্থানত আছে । ছিজনৰ প্ৰথম খেলবোৰত আৰচিবিৰ প্ৰদৰ্শন উন্নত নাছিল যদিও যোৱা খেলখনৰ পিচত দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :ঘৰুৱা খেলপথাৰত পঞ্জাবৰ হাতত ৮ উইকেটত পৰাস্ত কলকাতা নাইট ৰাইডাৰ্ছ - IPL 2024 KKR VS PBKS

Last Updated :Apr 28, 2024, 7:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.