ETV Bharat / sports

ঘৰুৱা খেলপথাৰত পঞ্জাবৰ হাতত ৮ উইকেটত পৰাস্ত কলকাতা নাইট ৰাইডাৰ্ছ - IPL 2024 KKR VS PBKS

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 10:47 PM IST

Updated : Apr 27, 2024, 7:27 AM IST

IPL 2024 KKR VS PBKS
KKR VS PBKS MATCH HIGHLIGHTS

KKR VS PBKS MATCH HIGHLIGHTS: কলকাতাৰ শক্তিশালী টাৰ্গেটৰ পিছতো পঞ্জাব কিংছে অতি সহজেই ঘৰুৱা খেলপথাৰত পৰাস্ত কৰিলে কেকেআৰক । জনী বেইৰষ্টোৰ শতকেৰে ১৮.৪ অভাৰতে লক্ষ্যভেদ পঞ্জাবৰ ।

নিউজ ডেস্ক, ২৬ এপ্ৰিল: কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত হোৱা কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত আই পি এল ২০২৪ ৰ ৪২ সংখ্যক মেচখনত কলকাতা নাইট ৰাইডাৰ্ছক অতি সহজেই পৰাস্ত কৰিলে পঞ্জাব কিংছে । কলকাতাই নিৰ্ধাৰণ কৰি দিয়া ২৬২ ৰাণৰ লক্ষ্য ১৮.৪ অভাৰত মাত্ৰ দুটা উইকেটৰ বিনিময়তে অতিক্ৰম কৰে পঞ্জাব কিংছে । দৰ্শনীয় শতকেৰে প্লেয়াৰ অৱ দ্য মেচ লাভ কৰে জনী বেইৰষ্টোৱে ।

কলকাতাই ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ২৬১ ৰাণ । পঞ্জাব কিংছে ২৬২ ৰাণৰ লক্ষ্য অনুসৰণ কৰি বিষ্ফোৰক আৰম্ভণি কৰে । প্ৰভসিমৰণ সিঙে ৫ টা ছিক্সাৰ আৰু ৪ টা বাউণ্ডেৰীৰ সহায়ত ২০ টা বলত ৫৪ ৰাণৰ ইনিংছ খেলে । জনী বেইৰষ্টোৱে ৯ টা ছিক্সাৰ আৰু ৮ টা বাউণ্ডেৰীৰ সহায়ত ৪৮ টা বলত ১০৮ ৰাণৰ অপৰাজিত ইনিংছ খেলি পঞ্জাব কিংছক জয়ৰ সোৱাদ দিয়ে । ইফালে শশাংক সিঙেও ২৮ টা বলত ৮ টা ছিক্সাৰ আৰু ২ টা চাৰি কোবাই ৬৮ ৰাণৰ বিষ্ফোৰক ইনিংছ খেলে । ৰিলী ৰোছৌৱে ১৬ টা বলত ২৬ ৰাণৰ বৰঙণি যোগায় ।

ইয়াৰ পূৰ্বে টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে পঞ্জাব কিংছে । কলকাতা নাইট ৰাইডাৰ্ছৰ দুই অপেনাৰ সুনীল নাৰিনে আৰু ছল্টে বিষ্ফোৰক আৰম্ভণিৰে দলৰ স্ক'ৰ তীব্ৰগতিত আগুৱাই নিয়ে । ১০ অভাৰতে দলৰ মুঠ স্ক'ৰ ১৩৮ কৰে দুয়ো অপেনাৰে । ১০.২ অভাৰত কেচ আউট হয় সুনীল নাৰিনে । ৪ টা ছিক্সাৰ আৰু ৯ টা বাউণ্ডেৰী কোবাই ৩২ টা বলত ৭১ ৰাণৰ বিষ্ফোৰক ইনিংছ খেলে সুনীলে । একেদৰে ছল্টেও ৬ টা ছিক্সাৰ আৰু ৬ টা বাউণ্ডেৰীৰে ৩৭ টা বলত ৭৫ ৰাণৰ অনবদ্য ইনিংছ খেলে । ভেংকটেশ আয়েৰে ৩৯, ৰাছেলে ২৪ আৰু শ্ৰেয়াস আয়েৰে ২৮ ৰাণৰ বৰঙণি যোগায় ।

বৰ্তমানলৈকে দুয়োটা দলৰ প্ৰদৰ্শনৰ কথা ক’বলৈ গ’লে ৮ খন খেলৰ ভিতৰত ৫ খন খেলত জয়লাভ কৰি পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে কলকাতা । একে সময়তে পইণ্ট তালিকাত ৮ নম্বৰ স্থানত আছে পঞ্জাব । ৯ খন মেচৰ ভিতৰত মাত্ৰ ৩ খনতহে জয়ী হৈছে পঞ্জাব । আই পি এলত এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ ৩৩ খন খেলত কেকেআৰে ২১খন আৰু পঞ্জাবে ১২খন খেলত জয়লাভ কৰিছে ।

লগতে পঢ়ক: হাৰ্দিক পাণ্ডিয়াক অধিক গুৰুত্ব প্ৰদানৰ প্ৰয়োজন নাই: ইৰফান পাঠান - T20 World Cup 2024

Last Updated :Apr 27, 2024, 7:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.