ETV Bharat / sports

আৰ চি বিৰ ডব্লিউ পি এল খিতাপ জয় কৰি স্মৃতি মান্ধানাৰ প্ৰতিক্ৰিয়া, 'ই চালা কাপ নামডু'

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 3:41 PM IST

আৰচিবিৰ ডব্লিউপিএল খিতাপ জয় কৰি স্মৃতি মান্ধানাৰ প্ৰতিক্ৰিয়া
আৰচিবিৰ ডব্লিউপিএল খিতাপ জয় কৰি স্মৃতি মান্ধানাৰ প্ৰতিক্ৰিয়া

RCB Wins WPL 2024 : ডব্লিউ পি এলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক সন্মুখৰ পৰা নেতৃত্ব দিয়া অধিনায়ক স্মৃতি মান্ধানাই দৃঢ়তাৰে কয় যে বিগত ছিজনত এক বিধ্বস্ত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিচত তেওঁ দল পৰিচালনাৰ পৰা বৃহৎ সমৰ্থন লাভ কৰিছিল, যিটো এতিয়া সফল হৈছে । তেওঁ অনুৰাগীসকলক বিগত কেইবছৰমানৰ পৰা তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জনায় ।

স্পৰ্টছ ডেস্ক, ১৮ মাৰ্চ : দ্বিতীয় ডব্লিউপিএলৰ খিতাপ জয় কৰে আৰচিবিয়ে । দেওবাৰে দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত আৰচিবিয়ে দিল্লী কেপিটেলছক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিজয়ী ট্ৰফীত স্পৰ্শ কৰে । আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ (আৰচিবি) অধিনায়ক স্মৃতি মান্ধানাই কয় যে বিগত বছৰ মহিলা প্ৰিমিয়াৰ লীগৰ (ডব্লিউপিএল) উদ্বোধনী ছিজনত দলটোৰ হতাশাজনক প্ৰদৰ্শন সত্ত্বেও তেওঁ মেনেজমেণ্টৰ পৰা দৃঢ় সমৰ্থন লাভ কৰিছিল । যাৰ ফলত তেওঁৰ আত্মবিশ্বাস বৃদ্ধি পায়, যিয়ে তেওঁলোকক বহু দূৰ লৈ গৈছে । দেওবাৰে খিতাপ অৰ্জনৰ পিচত স্মৃতিয়ে কয় ।

মান্ধানাই লগতে উল্লেখ কৰে যে বিগত ছিজনটোৱে তেওঁলোকক বহু কথা শিকাইছিল । যিহেতু বিভিন্ন খেলুৱৈয়ে সমগ্ৰ প্ৰতিযোগিতাখনত বিভিন্ন বৰঙণি আগবঢ়াইছিল, তাৰ বাবেই তেওঁলোক আগবাঢ়ি গৈছিল আৰু ডব্লিউপিএল ফাইনেলত দিল্লী কেপিটেলছক আঠ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ।

এই বিজয়ৰ সৈতে বাংগালোৰৰ দলটোৱে একেটা ফ্ৰেন্সাইজীৰ পুৰুষ দলটোৱে 16 বছৰে যি সপোন পূৰণ কৰিব পৰা নাই, সেয়া কৰিবলৈ সক্ষম হৈছে । লগতে মান্ধানাই সদায় দলটোক সমৰ্থন কৰাৰ বাবে তেওঁলোকৰ অনুৰাগীসকলক ধন্যবাদ জনায় ।

খেলৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানত ভাষণ দি মান্ধানাই কয়, "যোৱা বছৰটোৱে আমাক এগৰাকী খেলুৱৈ হিচাপে, অধিনায়ক হিচাপে আৰু এটা দল হিচাপে বহুতো কথা শিকাইছিল । মেনেজমেণ্টে যিদৰে ছিজনটোৰ পিছত পৰ্যালোচনাৰ সময়ত মোক সমৰ্থন কৰিছিল, তেওঁলোকে আমাক বহুত দিছে আৰু তাৰ বাবে তেওঁলোকক ধন্যবাদ ।"

উল্লেখ্য যে মহিলাৰ প্ৰিমিয়াৰ লীগ জয় কৰাৰ পিচতে উচ্ছ্বাসত উটি-ভাহি যায় স্মৃতিৰ সতীর্থসকল । কিন্তু তেওঁক অপেক্ষাকৃতভাৱে শান্ত দেখা যায় । মুখত হাঁহি বিৰিঙি থাকিলেও বিশেষ উচ্ছ্বাস প্ৰকাশ পোৱা নাছিল স্মৃতি মান্ধানাৰ । আনহাতে, ট্রফী গ্ৰহণৰ সময়তো নিজতকৈ বেছি দল আৰু সমর্থকসকলৰ কথাহে তেওঁৰ মুখত শুনা যায় । আৰু সমর্থকসকলৰ কথা ক'বলৈ গৈয়েই তেওঁৰ মুখৰ পৰা এটি বাক্য ওলাই আহে, ‘‘ই চালা কাপ নামডু ।’’

উল্লেখ্য যে দিল্লীৰ ভূমিত ফাইনেল খেল অনুষ্ঠিত হ'লেও অৰুণ জেটলি ষ্টেডিয়ামত আৰচিবিৰ সমর্থকেই বেছি দেখা গৈছিল । এই কথা শুনা যায় মান্ধানাৰ মুখতো । আৰচিবি অধিনায়কগৰাকীয়ে কয়, “মই অকলে ট্রফী জয় কৰা নাই । সমগ্ৰ দলে জয় কৰিছে । বাংগালোৰৰ সকলোৱে জয় কৰিছে । সমর্থকসকলক মই এটা কথাই ক'বই বিচাৰোঁ । এনে ধৰণৰ সমর্থক কোনো দলৰে নাই । প্রত্যেকবাৰে এটা কথাই শুনা যায়, ‘ই চালা কাপ নামডু ।’ এইবাৰ ক'ব পাৰিম, ‘ই চালা কাপ নামডু ।’ কানাড়া মোৰ প্রথম ভাষা নহয় । কিন্তু সমর্থকসকলৰ বাবে এই কথাটো কৈছোঁ ।”

কিন্তু মান্ধানাৰ এই কথাৰ অৰ্থ কি ? কানাড়া ভাষাত ‘ই চালা কাপ নামডু’ৰ অৰ্থ হৈছে, এই বছৰ কাপ আমিয়েই জয় কৰিম । প্রতিবাৰেই আইপিএলৰ সময়ত আৰচিবি সমর্থকসকলে এই শ্লোগান দিয়ে । কিন্তু প্রতি বছৰে তেওঁলোক হতাশ হয় । এইবাৰ সমর্থকসকলৰ মুখত হাঁহি বিৰিঙাই মান্ধানাই কয়, ‘ই চালা কাপ নামডু’, যাৰ অর্থ হৈছে এই বছৰ কাপ আমিয়েই জয় কৰিলোঁ ।

লগতে পঢ়ক :প্ৰতীক্ষাৰ অন্ত পেলাই ডব্লিউপিএল খিতাপ অৰ্জন বেংগালুৰুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.